ETV Bharat / bharat

Amritpal wanted poster : নেপাল সীমান্তত অমৃতপালৰ ৱাণ্টেড পোষ্টাৰ

author img

By

Published : Mar 26, 2023, 10:57 PM IST

Amritpal wanted poster
নেপাল সীমান্তত অমৃতপালৰ ৱাণ্টেড পোষ্টাৰ

নেপাল সীমান্তত অমৃতপাল সিঙৰ ৱাণ্টেড পোষ্টাৰ লগোৱা হৈছে (Wanted poster of Amritpal)। শেষবাৰৰ বাবে সিঙৰ অৱস্থিতি সীমান্তৱৰ্তী মহাৰাজগঞ্জত ধৰা পৰিছে । খালিস্তান সমৰ্থকে দিল্লীৰ প্ৰগতি ময়দান দখল কৰাৰ ভাবুকি দিছে ।

নেশ্যনেল ডেস্ক,২৬ মাৰ্চ : ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী তথা খালিস্তানী নেতা অমৃতপাল সিং বিৰোধী অভিযানে ৯ দিনত ভৰি দিলে (Operation against Amritpal Singh)। পঞ্জাৱৰ উপৰিও দেশৰ ৫ খন ৰাজ্যত অমৃতপালক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । ইতিমধ্যে জেকেট, চশমা আৰু ট্ৰেকচুট পিন্ধা অমৃতপালৰ ভিডিঅ'ও ভাইৰেল হৈছে (Amritpal Singh CCTV videos)।

পাটিয়ালাত আত্মগোপন কৰি থকাৰ ভিডিঅ' ভাইৰেল হৈছে । ইফালে অমৃতপালক আশ্ৰয় দিয়া এগৰাকী মহিলাকো পাটিয়ালাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে । কিন্তু আৰক্ষীয়ে এতিয়ালৈ অমৃতপালক বিচাৰি উলিয়াব পৰা নাই ।

ইয়াৰ মাজতে নেপাল সীমান্তত লগোৱা হৈছে অমৃতপালৰ ৱাণ্টেড পোষ্টাৰ (Amritpal wanted poster in Nepal border)। আৰক্ষী সূত্ৰই জনোৱা মতে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত অমৃতপালৰ অন্তিম অৱস্থান ধৰা পৰিছে । ইফালে মহাৰাজগঞ্জ নেপাল সীমান্তত অৱস্থিত । আৰক্ষীয়ে সন্দেহ কৰা মতে অমৃতপালে মহাৰাজগঞ্জৰ মাজেৰে গৈ নেপালত প্ৰৱেশ কৰিব পাৰে । যাৰ বাবে এতিয়া সীমান্তত কটকটীয়া নিৰাপত্তা গঢ়ি তোলাৰ লগতে অমৃতপালৰ ৱাণ্টেড পোষ্টাৰ লগোৱা হৈছে ।

পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা সূত্ৰই কোৱা মতে অমৃতপালে তেওঁৰ ব্যক্তিগত সেনাক অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ দিবলৈ নিৰ্দেশ দিছিল । অস্ত্ৰসমূহ জম্মু আৰু কাশ্মীৰৰ মাজেৰে পঞ্জাৱ পাইছিল । অমৃতপালে তেওঁৰ ব্যক্তিগত সেনা আনন্দপুৰ খালচা ফৌজ (এ কে এফ) আৰু অমৃতপাল টাইগাৰ ফ'ৰ্চ (এটিএফ)ক প্ৰশিক্ষণ দিব বিচাৰিছিল (AKF force of Amritpal)। ইয়াৰ বাবে অমৃতপালে পাকিস্তানৰ এগৰাকী অৱসৰপ্ৰাপ্ত মেজৰৰ সৈতেও যোগাযোগত আছিল ।

ইয়াৰ মাজতে ৰাজধানী দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এগৰাকী বিমান যাত্ৰীয়ে তেওঁৰ ফোনত এটা ভাবুকিপূৰ্ণ অডিঅ' কল পোৱাৰ পাছত বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰিছে (Threat by Khalistan supporters at Delhi airport)। অডিঅ' কলটোৰ জৰিয়তে খলিস্তান সমৰ্থকে দিল্লীৰ প্ৰগতি ময়দান দখল কৰাৰ ভাবুকি দিয়া হৈছিল । লগতে কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা আঁতৰাই দিয়া হ'ব আৰু তাত খলিস্তানৰ পতাকা উত্তোলন কৰা হ'ব ।

লগতে পঢ়ক :Khalistan Supporters Threatening: বিমানযাত্ৰীক ভাবুকিপূৰ্ণ ফোন খালিস্তানী সমৰ্থকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.