ETV Bharat / bharat

Khalistan Supporters Threatening: বিমানযাত্ৰীক ভাবুকিপূৰ্ণ ফোন খালিস্তানী সমৰ্থকৰ

author img

By

Published : Mar 26, 2023, 11:21 AM IST

দেশজুৰি বৰ্তমান খালিস্তানী সমৰ্থকৰ চৰ্চা আৰু উত্তেজনাই বিৰাজ কৰি আছে । এফালে খালিস্তানী নেতা অমৃতপালক গ্ৰেপ্তাৰৰ বাবে পঞ্জাৱ আৰক্ষীৰ সকলো ধৰণৰ প্ৰচেষ্টা বিফল হৈছে, আনফালে খালিস্তানী সমৰ্থকে দেশ তথা বিদেশত বিভিন্ন ভাবুকিপূৰ্ণ বাৰ্তা প্ৰদান কৰি আহিছে (khalistan supporter threat call to flight passenger) । এইবাৰ এজন বিমান যাত্ৰীৰ ফোনত এটা ভাবুকিপূৰ্ণ অডিঅ' পোহৰলৈ আহিছে, য'ত খালিস্তানী সমৰ্থকেদিল্লীৰ প্ৰগতি ময়দান দখল কৰাৰ কথা কৈছে । লগতে জাতীয় পতাকা নমাই তাত খালিস্তানী পতাকা উত্তোলনৰো ভাবুকি দিয়া হৈছে ।

Khalistan supporter
Khalistan supporter

নিউজ ডেস্ক, ২৬ মাৰ্চ : দেশত অব্যাহত আছে খালিস্তানপন্থীৰ উত্তেজনা (pro khalistan threating to India) । তাৰ মাজতে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (Indira Gandhi International Airport) এজন বিমান যাত্ৰীয়ে তেওঁৰ ফোনত এটা ভাবুকিপূৰ্ণ অডিঅ' কল লাভ কৰে (khalistan supporter threat call to flight passenger) । উক্ত ৰেকৰ্ড কৰা কলটোত খালিস্তানী সমৰ্থকসকলে দিল্লীৰ প্ৰগতি ময়দান দখল কৰাৰ কথা কয় (Delhi Pragati Moidan) ।

লগতে কোৱা হৈছে যে তাত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা নমাই খালিস্তানী পতাকা উত্তোলন কৰা হ'ব । লগে লগে বিমান যাত্ৰীজনে বিমানবন্দৰ আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে । তেওঁ আৰক্ষীৰ আগত কয় যে, খালিস্তানী সমৰ্থকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (objectionable comments to PM Modi by Khalistani) আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধেও আপত্তিজনক কথা কৈছে । তেওঁ অমৃতপালৰ কথাও উল্লেখ কৰে । ইয়াৰ পিছতে দিল্লী আৰক্ষী সতৰ্ক হৈ পৰে ।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আইপিচিৰ ১৫৩, ১৫৩এ আৰু ৫০৫ ধাৰাৰ অধীনত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । ইফালে বিমানবন্দৰৰ ডিচিপিয়ে নিশ্চিত কৰিছে যে বিমান যাত্ৰীজনো এটা পূৰ্বতে ৰেকৰ্ড কৰা অডিঅ' কল লাভ কৰিছে । লগতে এইটোও কোৱা হৈছে যে এই গোচৰটোৰ তদন্ত বিশেষ কোষক হস্তান্তৰ কৰা হৈছে ।

এইখিনিতে জনাই থোৱা ভাল যে পঞ্জাবৰ আজনালা গোচৰত বিচাৰি থকা খালিস্তানী সমৰ্থক অমৃতপাল সিং বৰ্তমান বাতৰিৰ শিৰোনামত আছে (Amritpal Singh row)। তেওঁ ১৮ মাৰ্চৰ পৰা পলাতক হৈ আছে । অমৃতপালৰ অন্তিম অৱস্থান হাৰিয়ানাত পোৱা গৈছিল । বৰ্তমান অনুমান কৰা হৈছে যে অমৃতপালে দিল্লীত লুকাই থাকিব পাৰে । ইয়াৰ বাবে কেইবাটাও আৰক্ষী দলে তেওঁৰ সন্ধানত অভিযান চলাই আছে । এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত পঞ্জাবৰ এখন আৰক্ষীচকীত অমৃতপাল সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল ।

অভিযোগটোত অভিযোগ কৰা হৈছিল যে তেওঁক প্ৰহাৰ কৰা হৈছিল । আৰক্ষীয়ে এই ঘটনাটোত তুফানক গ্ৰেপ্তাৰ কৰিছিল । পিছত অমৃতপালে তুফানৰ বিৰুদ্ধে গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ সতৰ্কবাণী জাৰি কৰে আৰু সমৰ্থকসকলৰ সৈতে এক সন্ত্ৰাসৰ সৃষ্টি কৰে ।

লগতে পঢ়ক :Pro Khalistani Supporters Attack Journalist : ৱাশ্বিংটনত ভাৰতীয় সাংবাদিকক আক্ৰমণ খালিস্তানী সমৰ্থকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.