ETV Bharat / bharat

আগ্ৰা মেট্ৰ' প্ৰজেক্ট উদ্বোধনঃ 'ভোকেল ফৰ লোকেল টুৰিজিম'ৰ প্ৰসংগ উত্থাপন প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Dec 7, 2020, 7:03 PM IST

আগ্ৰা মেট্ৰ' প্ৰজেক্টৰ নিৰ্মাণকাৰ্য উদ্বোধন কৰি সোমবাৰে 'ভোকেল ফৰ লোকেল টুৰিজিম'ৰ প্ৰসংগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আজি ভিডিঅ' কনফাৰেল্সযোগে মেট্ৰ' প্ৰজেক্টৰ অধীনত আৰম্ভ হ'বলগীয়া নিৰ্মাণকাৰ্য উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

আগ্ৰা মেট্ৰ' প্ৰজেক্ট উদ্বোধনঃ 'ভোকেল ফৰ লোকেল টুৰিজিম'ৰ প্ৰসংগ উত্থাপন প্ৰধানমন্ত্ৰীৰ
আগ্ৰা মেট্ৰ' প্ৰজেক্ট উদ্বোধনঃ 'ভোকেল ফৰ লোকেল টুৰিজিম'ৰ প্ৰসংগ উত্থাপন প্ৰধানমন্ত্ৰীৰ

নেশ্য়নেল ডেস্ক, ৭ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ভিডিঅ' কনফাৰেল্সযোগে আগ্ৰা মেট্ৰ' প্ৰজেক্টৰ অধীনত আৰম্ভ হ'বলগীয়া নিৰ্মাণকাৰ্য উদ্বোধন কৰে আৰু স্থানীয় পৰ্যটনৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ কথা প্ৰকাশ কৰে । তেওঁ কয় যে, 'কেন্দ্ৰীয় চৰকাৰে 'স্বদেশ দৰ্শন আৰু প্ৰসাদ' দৰে আঁচনি গ্ৰহণ কৰি পৰ্যটকক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে । চৰকাৰৰ প্ৰয়াসৰ বাবে বৰ্তমান ভ্ৰমণ আৰু পৰ্যটনৰ প্ৰতিযোগিতামূলক সূচাংকত ভাৰত ৩৪ সংখ্যক স্থানত আছে ।' প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ২০১৩ চনত ভাৰত ৬৫ সংখ্যক স্থানত আছিল । মহামাৰীৰ সংকটকালত পৰ্যটন উদ্যোগলৈ বিপদ আহিছিল আৰু স্থানীয় পৰ্যটন ক্ষেত্ৰলৈ পৰিৱৰ্তন অনাতো প্ৰয়োজন হৈ পৰিছে ।

এতিয়া COVID-19 মহামাৰীৰ সংক্ৰমণৰ মাত্ৰা হ্ৰাস পোৱাৰ সমান্তৰালকৈ স্থানীয় পৰ্যটন ক্ষেত্ৰ পুনৰ পূৰ্বৰ দৰে হৈ উঠিব আৰু পৰ্যটকৰ আগমণ হোৱাৰ আশা আছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মেদীয়ে । তেওঁ কয় যে, তেওঁৰ দৃষ্টিকোণৰ পৰা পৰ্যটন এনেকুৱা ক্ষেত্ৰ যে, ইয়াত সকলোৰে বাবে উপাৰ্জনৰ পথ আছে । পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ই-ভিজা যোজনাৰ অধীনত ভ্ৰমণ কৰিব পৰা দেশৰ সংখ্যাও বৃদ্ধি কৰাই নহয়, হোটেলৰ কোঠাৰ ভাড়াও হ্ৰাস কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

মেট্ৰ' প্ৰজেক্ট নিৰ্মাণকাৰ্য উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই পৰিকল্পনা পূৰ্বে ১০০০ কোটি টকা ব্যয় সাপেক্ষে আগ্ৰাত বহু আঁচনি ৰূপায়ণ কৰা হৈছে, যি চহৰখনত স্মাৰ্ট চিটীৰ আন্তঃগাঁঠনি দিয়াত সহায় কৰিছে । ৮,০০০ কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা এই প্ৰজেক্টে স্মাৰ্ট চিটীৰ আন্তঃগাঁঠনিক অধিক শক্তিশালী কৰিব । মেট্ৰ' প্ৰজেক্টৰ সংশোধনৰ বাবে চৰকাৰে যোৱা ৬টা বছৰত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মোদীয়ে কয় যে, ২০১৪ চনৰ পৰা ৪৫০ কিলোমিটাৰৰো অধিক মেট্ৰ' লাইন নিৰ্মাণ কৰা হৈছে ।

বৰ্তমান ১০০০ মেট্ৰ' লাইন নিৰ্মাণৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে চৰকাৰে কাম কৰি আছে । দেশৰ ২৭ খন চহৰত এই মেট্ৰ' লাইনসমূহ নিৰ্মাণ কৰা হ'ব । কেন্দ্ৰীয় আবাস আৰু নগৰ উন্নয়ন মন্ত্ৰী হৰদীপ সিং পুৰী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পাটিল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথসহ আন কেইবাগৰাকীও ব্যক্তিয়ে আগ্ৰাৰ ১৫নং বেটেলিয়ন পেৰেড মৈদানত আয়োজিত মেট্ৰ' প্ৰজেক্টৰ নিৰ্মাণকাৰ্যৰ উদ্বোধনী অনুষ্ঠানত অংশ লয় । এই প্ৰজেক্ট আগ্ৰাৰ ২৬ লাখ ৰাইজৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰজেক্ট । এই প্ৰজেক্টে দৈনন্দিন জীৱনত যাতায়াতৰ ক্ষেত্ৰত বহুখিনি সহায়ক হ'ব ।

লগতে ৬০ লাখৰো অধিক পৰ্যটকৰ বাবে সহায়ক হ'ব । আগ্ৰা মেট্ৰ' প্ৰজেক্টৰ অধীনত ২৯.৪ কিঃমিঃ দৈৰ্ঘ্যৰ লাইন ধাৰ্য কৰা হৈছে আৰু ই তাজমহল, আগ্ৰা কিলা, ছিকণ্ডৰাৰ দৰে মুখ্য পৰ্যটন ক্ষেত্ৰক সামৰি ল'ব । প্ৰায় ৮,৩৭৯.৬২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই যোজনা অহা ৫ বছৰত সম্পূৰ্ণ কৰা হ'ব । যোৱা বছৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰীয়ে চি চি এছ বিমানবন্দৰৰ পৰা মুঞ্চিপুলীয়ালৈকে ২৩ কিঃমিঃ জোৰা উত্তৰ-দক্ষিণ কৰিড'ৰত লক্ষ্ণৌ মেট্ৰ'ৰ বাণিজ্যিক সঞ্চালন আৰম্ভ কৰিছিল ।


লগতে পঢ়ক:ডিব্ৰুগড়ত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডঃজাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.