ETV Bharat / bharat

মহাবিদ্যালয়ৰ ছাত্ৰীলৈ 20 টকীয়া নোট দলিয়াই ৰঙাঘৰৰ আলহী যুৱক

author img

By

Published : Apr 20, 2022, 10:56 PM IST

video-of-eve-teasing-in-chandigarh-boys-open-the-sunroof-of-car-and-throw-20-20-rupees-notes-on-the-girls
মহাবিদ্যালয়ৰ ছাত্ৰীলৈ 20 টকীয়া নোট দলিয়াই ৰঙাঘৰৰ আলহী যুৱক

চলন্ত গাড়ীৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰীলৈ অশ্লীল মন্তব্য যুৱকৰ ৷ ছাত্ৰীলৈ লক্ষ্য কৰি 20 টকীয়া নোট উৰুৱাইছিল যুৱকৰ এটা দলে ৷ সমগ্ৰ ঘটনাৰ ভিডিঅ’ ম’বাইলত ৰেকৰ্ড এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ৷ সম্প্ৰতি ৰঙাঘৰৰ আলহী যুৱককেইজন ৷

নিউজ ডেস্ক, 20 এপ্ৰিল : এইবাৰ চণ্ডীগড়ত পোহৰলৈ আহিছে ইভ টিজিংৰ এটা ঘটনা(Eve teasing in Chandigarh ) । চলন্ত গাড়ীৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰীক অশ্লীল মন্তব্য কৰাৰ লগতে নোট দলিয়াইছিল যুৱকৰ এটা দলে । অৱশ্যে কপাল বেয়া আছিল যুৱকৰ দলটো ৷ এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে তেওঁ ম’বাইলত ৰেকৰ্ড কৰাত ৰঙাঘৰৰ আলহী হ’বলগীয়া হয় তিনি যুৱক ৷

চণ্ডীগড়ৰ চেক্টৰ 36 ত মঙলবাৰে সংঘটিত হৈছিল এই ঘটনা ৷ তিনিজনীয়া যুৱকৰ এটা দলে ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত বেপেৰুৱাভাৱে গাড়ীত চলাই ঘূৰি ফুৰিছিল । যুৱকৰ দলটোৱে গাড়ীৰ চানৰুফ খুলি মহাবিদ্যালয়ৰ সন্মুখেৰে গৈ থকা কেইগৰাকীমান ছাত্ৰীৰ সৈতে অভব্য আচৰণো কৰে ৷ তেওঁলোকে ছাত্ৰীকেইগৰাকীলৈ লক্ষ্য কৰি অশ্লীল মন্তব্য কৰাৰ লগতে 20 টকীয়া নোট দলিয়াবলৈ আৰম্ভ কৰে(Chandigarh boys throw notes on girls) ৷

মহাবিদ্যালয়ৰ ছাত্ৰীলৈ 20 টকীয়া নোট দলিয়াই ৰঙাঘৰৰ আলহী যুৱক

এই সমগ্ৰ ঘটনা উক্ত স্থানত থকা এগৰাকী যুৱতীয়ে তেওঁৰ ম’বাইলত ৰেকৰ্ডিং কৰিবলৈ আৰম্ভ কৰে(Chandigarh eve teasing video) ৷ যুৱকৰ দলটোৱে যুৱতীগৰাকীয়ে ৰেকৰ্ডিং কৰা প্ৰত্যক্ষ কৰি ম’বাইলটো কাঢ়ি নিবলৈ চেষ্টা কৰিছিল । কিন্তু যুৱতীগৰাকীৰ হাতৰ পৰা ম’বাইল কঢ়াত ব্যৰ্থ হৈ যুৱকৰ দলটোৱে ওলোটাই জিলা উপায়ুক্ত তেওঁলোকৰ আত্মীয় বুলি উল্লেখ কৰি যি কৰে কৰক বুলি হুমকি দিয়ে ৷

ইয়াৰ পাছতে ছাত্ৰীকেইগৰাকীয়ে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ ছাত্ৰীকেইগৰাকীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে মঙলবাৰে সন্ধিয়া আনন্দপুৰ চাহিবৰ পৰা যুৱককেইজনে গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্ত তিনিজনৰ এজন এটা ব্যক্তিগত বেংকৰ মেনেজাৰ আৰু আন দুজন অভিযুক্ত পাচলি বেপাৰী ৷

আৰক্ষীৰ সোধপেছত প্ৰথমে যুৱককেইজনে এই কথা অস্বীকাৰ কৰে যদিও পাছত ভিডিঅ’টো প্ৰত্যক্ষ কৰি তেওঁলোকে আদালতে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব, আমাৰ সৈতে কথা নহ'ব বুলি ওলোটাই আৰক্ষীক হুংকাৰ দিয়ে ।

লগতে পঢ়ক : দলিত ছাত্ৰক প্ৰহাৰ কৰি ভৰি চেলেকিবলৈ বাধ্য কৰাৰ ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.