ETV Bharat / bharat

Uttarakhand ballot tampering : ভাইৰেল ভিডিঅ' সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

author img

By

Published : Feb 24, 2022, 11:41 AM IST

উত্তৰাখণ্ডৰ নিৰ্বাচনত ডাক বেলট টেম্পাৰিং সংঘটিত হোৱাৰ অভিযোগ । সামাজিক মাধ্যমত ভিডিঅ' শ্বেয়াৰ কৰিলে কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে (Harish Rawat alleged ballot tampering in Uttarakhand)। ভিডিঅ'ৰ ভিত্তিত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ । দিদিহাট আৰক্ষী থানাত ৰুজু গোচৰ ।

Uttarakhand ballot tampering
গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰী : যোৱা ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচন (Uttarakhand assembly election 2022)। কিন্তু এই নিৰ্বাচনৰ বিসংগতিক লৈ সম্প্ৰতি ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিছুদিন পূৰ্বে কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে উত্তৰাখণ্ডত ডাক বেলট টেম্পাৰিং সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল (Harish Rawat alleged ballot tampering in Uttarakhand)। লগতে এই সন্দৰ্ভত টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি সমগ্ৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাইছিল ।

  • एक छोटा #वीडियो सबकी जानकारी के लिए वायरल कर रहा हूंँ, इसमें एक #आर्मी के सेंटर में किस प्रकार से एक ही व्यक्ति सारे #वोटों को टिक कर रहा है और यहां तक कि सभी लोगों के हस्ताक्षर भी वही कर रहा है, उसका एक नमूना देखिए, क्या इलेक्शन कमिशन इसका संज्ञान लेना चाहेगा?@UttarakhandCEO pic.twitter.com/yAd4UVPpLh

    — Harish Rawat (@harishrawatcmuk) February 22, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশেষত নিৰ্বাচন আয়োগে গুৰুত্ব সহকাৰে লৈছে সেই অভিযোগ । সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা ভিডিঅ'টো সন্দৰ্ভত পিথোৰাগড় আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে ।আৰক্ষীয়ে জনোৱা মতে মঙলবাৰে দিদিহাট বিধানসভাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ পালে ঘটনাটো সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে । সেই অভিযোগৰ ভিত্তিত দিদিহাট আৰক্ষী থানাত ইতিমধ্যে ৰুজু কৰা হৈছে এটা গোচৰ ।

কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ'টোত দেখা গৈছিল যে ১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ সময়ত সেনা কেন্দ্ৰৰ এগৰাকী ব্যক্তিয়ে ডাক বেলট পেপাৰত ৰিগিং কৰিছিল । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গণেশ গোদিয়ালে সংবাদ মাধ্যমৰ সন্মুখত কয় যে উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত এনে বিষয়ৰ ওপৰত ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে ।

লগতে পঢ়ক : ৰায়দান সম্পন্ন নোহোৱালৈ শিক্ষানুষ্ঠানত হিজাবৰ পৰিৱৰ্তে পৰিধান কৰিব লাগিব ইউনিফৰ্ম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.