ETV Bharat / bharat

মৌ-মাখিৰ সহায়েৰে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বিশেষ ব্যৱস্থা

author img

By

Published : Apr 3, 2021, 12:48 PM IST

Using honey bees to drive away wild elephants
মৌ-মাখিৰ সহায়েৰে হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিশেষ ব্যৱস্থা

মানুহৰ বসতিস্থানত বন্যহস্তীৰ প্ৰৱেশ ৰোধ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে মৌ-মাখিক হাতীৰ শত্ৰু হিচাপে ব্যৱহাৰ কৰাৰ এক অভিনৱ প্ৰকল্প হাতত লৈছে ৷ এই প্ৰকল্প অনুসৰি, সাধাৰণতে বন্য হস্তী প্ৰৱেশ কৰাৰ আশংকা থকা ঠাই সমূহত 3 ৰ পৰা 4 ফুট আঁতৰে আঁতৰে মৌ-মাখিৰ বাকচ স্থাপন কৰা হৈছে ৷

নেশ্যনেল ডেস্ক, 3 এপ্ৰিল: হাতী-মানুহৰ সংঘাতকে ধৰি বন্যপ্ৰাণীৰ সৈতে মানৱ সমাজৰ সংঘাত এক দীৰ্ঘদিনীয়া আলোচ্য বিষয় হিচাপে অভিহিত হৈ আহিছে ৷ এই বিশেষ সমস্যা সমাধানৰ বাবে ন ন উপায়েৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈ অহা হৈছে যদিও প্ৰায়সমূহ ব্যৱস্থাই বিফল হোৱা পৰিলক্ষিত হৈছে ৷ কেন্দ্ৰীয় চৰকাৰেও মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈ অহা দেখা যায় যদিও, ইয়াৰ প্ৰায়সমূহ অভিযানেই বিফল প্ৰমাণিত হৈছে ৷ এইক্ষেত্ৰত হাতী-মানুহৰ সংঘাত বিশেষভাৱে উল্লেখনীয় ৷ হাতী-মানুহৰ সংঘাতে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰাৰ সমান্তৰালকৈ হাতৰ আক্ৰমণত হোৱা মানুহৰ মৃত্যুৰ সংখ্যাও প্ৰতি বছৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

বিভিন্ন সময়ত বন্য প্ৰাণীৰে সৈতে সহাৱস্থান এনে সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত সফল হিচাপে পৰিগণিত হৈ অহাৰ মাজতে হাতীৰ সৈতে কোনো ধৰণৰ সংঘাতত লিপ্ত নোহোৱাকৈ সকলো সমস্যা সমাধানৰ বাবে এটি ক্ষুদ্ৰ জীৱক ব্যৱহাৰ কৰাৰ এক কৌশল হাতত লোৱা হৈছে ৷ উক্ত কৌশল অনুসৰি, মৌ-মাখিক এই বৃহৎ জন্তুবিধৰ শত্ৰু হিচাপে ব্যৱহাৰ কৰাৰ কৌশল হাতত লোৱা হৈছে ৷ জানিব পৰা মতে, ভাৰতত পোন প্ৰথমবাৰৰ বাবে কড়াগো জিলাৰ নানচি গাঁও আৰু কেডামল্লুৰ গাঁৱত এই প্ৰকল্প হাতত লোৱা হৈছে ৷

এই বিশেষ প্ৰকল্প অনুসৰি, সাধাৰণতে বন্য হস্তী প্ৰৱেশ কৰাৰ আশংকা থকা ঠাই সমূহত 3 ৰ পৰা 4 ফুট আঁতৰে আঁতৰে মৌ-মাখিৰ বাকচ স্থাপন কৰাৰ লগতে বাকচসমূহক সংযোগ কৰি এনেভাৱে এডাল তাঁৰ সংযোগ কৰা হ'ব যাতে বাকচসমূহৰ সংস্পৰ্শলৈ বন্যহস্তী আহিলেই তাঁৰদাল লৰ চৰ কৰি মৌ-মাখিসমূহৰ বাবে অসুবিধাৰ সৃষ্টি কৰে ৷ এনে হোৱাৰ ফলত মৌ-মাখি সমূহে বন্যহস্তীক আক্ৰমণ কৰিব আৰু সিহঁতক জংঘললৈ ঘূৰি যাবলৈ বাধ্য কৰিব ৷ ইয়াৰ জৰিয়তে শস্যপথাৰত হাতীৰ প্ৰৱেশৰ ফলত সৃষ্টি হোৱা লোকচানৰ পৰা খেতিয়ক সকল হাত সাৰিব পাৰিব ৷

প্ৰাপ্ত তথ্য অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ পৰিচালনাত 15 লাখ টকা ব্যয় সাপেক্ষে এই খাদি আৰু ভিলেজ এম্প্লইমেন্ট ৰি হাব পাইলট প্ৰজেক্টটো হাতত লোৱা হৈছে ৷

লগতে পঢ়ক: ত্ৰিৰংগ পতাকাখনৰ খনিকৰজনক সুঁৱৰি...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.