ETV Bharat / bharat

Rahul to address rally in Kolar : ১৬ এপ্ৰিলত কোলাৰত ৰাহুল গান্ধীৰ বিশাল জনসভা

author img

By

Published : Apr 13, 2023, 8:58 PM IST

কৰ্ণাটকৰ কোলাৰত জনসভা সম্বোধন কৰা সময়তে মোডী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুলে । যাৰ বাবে আজি সাংসদ পদও খাৰিজ হয় কংগ্ৰেছ নেতাজনৰ (Rahul Gandhi disqualification)। একেটা স্থানলৈ ১৬ এপ্ৰিলত ৰাহুল গান্ধীয়ে ভ্ৰমণ কৰিব । আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এক ৰেলী সম্বোধন কৰিব নেতাগৰাকীয়ে ।

Rahul to address rally in Kolar
১৬ এপ্ৰিলত কোলাৰত ৰাহুল গান্ধীৰ বিশাল জনসভা

নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল : যোৱা ১১ এপ্ৰিলত কেৰালাৰ ৱায়ানাড়ৰ ৰাইজক সম্বোধন কৰাৰ পাচত এইবাৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ১৬ এপ্ৰিলত নিৰ্বাচনমুখী কৰ্ণাটকৰ কোলাৰত এক বিশাল জনসভাত উপস্থিত থাকিব (Rahul to address rally in Kolar)। ৰাহুল গান্ধীৰ এই ভ্ৰমণক লৈ কৰ্ণাটক কংগ্ৰেছে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে । বিধানসভা নিৰ্বাচনত ৰাহুল গান্ধীৰ এই ভ্ৰমণ কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলিও বিবেচিত হৈছে ।

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বি কে হৰি প্ৰসাদে উল্লেখ কৰা মতে ৰাহুল গান্ধীৰ আগমনক লৈ কংগ্ৰেছৰ ভিতৰচ'ৰাত ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে । আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছে ব্যাপক প্ৰচাৰ চলাইছে বুলিও তেওঁ উল্লেখ কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱ কুমাৰ আৰু চিএলপি নেতা কে সিদ্ধাৰামাইয়াকে ধৰি ৰাজ্যৰ সকলো জ্যেষ্ঠ নেতাই ১৬ এপ্ৰিলৰ ৰাহুলৰ জনসভাত অংশগ্ৰহণ কৰিব বুলিও বি কে হৰি প্ৰসাদে জনায় ।

লক্ষ্যনীয়ভাৱে কৰ্ণাটকৰ কোলাৰতে ৰাহুলে মোডী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল (Rahul Gandhi Modi surname issue)। যাৰ ফলত চুৰাট আদালতে অপৰাধমূলক মানহানিৰ গোচৰত তেওঁক দোষী সাব্যস্ত কৰে আৰু পাচত তেওঁৰ সাংসদ পদ খাৰিজ হয় । অৱশ্যে ৰাহুল গান্ধীয়ে অভিযোগ কৰিছিল যে, তেওঁৰ শাস্তি আৰু অযোগ্য ঘোষণা কৰাটো বিজেপিৰ ষড়যন্ত্ৰৰ অংশ । আনহাতে তেওঁ অতীতত কৰি অহাৰ দৰে ১৬ এপ্ৰিলত কোলাৰত তেওঁৰ ভাষণৰ সময়ত গেৰুৱা দলটোক আক্ৰমণ কৰিব বুলিও আশা কৰা হৈছে ।

কংগ্ৰেছৰ প্ৰবীণ নেতা আনন্দ শৰ্মাৰ মতে ৰাহুল গান্ধীক যিধৰণে অযোগ্য ঘোষণা কৰা হৈছে, সেইটোৱে ভুল বাৰ্তা প্ৰেৰণ কৰিছে । যদি আন নেতাসকলৰ ভাষণত একেই নীতি প্ৰয়োগ কৰা হয় তেন্তে সংসদ খালী হ'ব বুলিও তেওঁ অভিযোগ কৰে । দলৰ ভিতৰুৱা সূত্ৰৰ মতে এতিয়ালৈকে নিৰ্বাচনমুখী ৰাজ্যখনত কংগ্ৰেছে যিধৰণে প্ৰচাৰ চলাইছে সেইটোৱে প্ৰতিদ্বন্দী বিজেপি আৰু জেডি-এছৰ ওপৰত প্ৰভাৱ পেলাইছে ।

কংগ্ৰেছ নেতাগৰাকীয়ে ভৱিষ্যতবাণী কৰি কয় যে, কংগ্ৰেছে নিশ্চিতভাৱে কৰ্ণাটক জয়ী হ'ব । আনহাতে, কংগ্ৰেছ নেতা হৰি প্ৰসাদৰ নতে বিজেপি আৰু জেডি-এছতকৈ কংগ্ৰেছ অধিক আত্মবিশ্বাসী । তেওঁ অভিযোগ কৰা মতে টিকট বিতৰণক লৈ বিজেপিত বিশৃংখলতাই দেখা দিছে । দলীয় খবৰ অনুসৰি ৰাহুলৰ ৰেলী ১০ এপ্ৰিলত নিৰ্ধাৰণ কৰা হৈছিল কিন্তু দলটোৱে তাৰ পূৰ্বে সকলো টিকট চূড়ান্ত কৰিব বিচৰাত এই ৰেলীৰ দিন পিছুৱাই দিয়া হয় ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিএলপি নেতা কে সিদ্ধাৰামাইয়াই টিকট প্ৰদান, দলীয় প্ৰচাৰ আৰু আগন্তুক কোলাৰ ৰেলীৰ বিষয়ে আলোচনা কৰিবলৈ ৱায়ানাড় ভ্ৰমণৰ পূৰ্বে দিল্লীত ৰাহুলক সাক্ষাৎ কৰে । যোৱা কেইদিনমানৰ পৰা ৰাহুলে চিইচিৰ বৈঠকত ১০ মে'ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী বাছনিক লৈও ব্যস্ত হৈ আছে ।

লগতে পঢ়ক :Inmates Becomes Literate in Bhupal : ভূপাল কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৫৭ জনৰ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.