ETV Bharat / bharat

MP minor rape: ধৰ্ষিতা অৱস্থাৰেই সহায়ৰ বাবে দুৱাৰে দুৱাৰে ঘূৰিছিল উজ্জয়িনীৰ নিৰ্ভয়া; ভিক্ষা দি মানৱ সভ্যতাক উপহাস একাংশৰ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 12:15 PM IST

উজ্জয়িনীত উপেক্ষিত হ’ল মানৱতা ৷ অসহায় ধৰ্ষিতা কিশোৰীক নিৰাপত্তা দিয়াৰ বিপৰীতে ভিক্ষা দিয়েই সামৰিলে দায়িত্ব ৷

সহায় বিচাৰি যোৱাৰ কিশোৰীক ভিক্ষা দিয়েই সামৰিছিল দায়িত্ব
সহায় বিচাৰি যোৱাৰ কিশোৰীক ভিক্ষা দিয়েই সামৰিছিল দায়িত্ব

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: জীৱশ্ৰেষ্ঠৰ বৰ্বৰতা ৷ যোৱা 28 ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ উজ্জয়িনীত এগৰাকী 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কিশোৰীগৰাকীয়ে অৰ্ধনগ্ন অৱস্থাতে প্ৰায় ঘণ্টা ধৰি লোকৰ ঘৰে ঘৰে সহায় বিচাৰি গৈছিল যদিও আচৰিতভাৱে অসহায় কিশোৰীগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল ৷

শুকুৰবাৰে এই ঘটনাৰ শিহৰণকাৰী চিচিটিভি ফুটেজ পোহৰলৈ আহিছে ৷ কেমেৰাত বন্দী হৈছিল কিশোৰীগৰাকীয়ে কিদৰে ঘৰে ঘৰে গৈ সহায় ভিক্ষা খুজিছিল, কিন্তু সহানুভূতিৰ ভাষা নুবুজা এচাম মানুহে কিশোৰীগৰাকীক সহায় কৰাৰ দূৰৰে কথা হাতত দুই এটকা ভিক্ষা দিয়েই দায়িত্ব সামৰিলে ৷ ভিডিঅ’টোত কিশোৰীগৰাকীয়ে লোকসকলক বাৰে বাৰে তেওঁ বিপদত পৰিছে, তেওঁক সহায় কৰক, তেওঁৰ কোনো লোকে পিছ লৈছে বুলি কৈ থকাৰ পিচতো অঞ্চলটোৰ লোকসকলে মগনীয়াৰ দৰে ব্যৱহাৰ কৰি সেই স্থান পৰিত্যাগ কৰিবলৈ ইংগিত দিছিল ৷

লগতে পঢ়ক: MP rape case : নিৰ্যাতনৰ বলি কিশোৰী, ঘৰে ঘৰে সহায় বিচাৰিও নাপালে সঁহাৰি

আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অঞ্চলটোৰ পথসমূহত থকা প্ৰায় 150 টা কেমেৰা স্কেন কৰে ৷ অৱশেষত আৰক্ষীয়ে এই ক্লিপটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উজ্জয়িনীৰ আৰক্ষী অধীক্ষক শচীন শৰ্মাই কোৱা অনুসৰি, কিশোৰীগৰাকীয়ে ৰক্তক্ষৰণ হৈ থকা অৱস্থাত অৰ্ধনগ্ন অৱস্থাত টোল গেটেৰে পাৰ হৈ যাওঁতে কিছু লোকে তেওঁক মগনীয়া বুলি ভাবি হাতত টকা গুজি দিছিল ৷ আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰা 120 টকা উদ্ধাৰ কৰিছিল ৷ কিন্তু কোনো লোকে কিশোৰীগৰাকীৰ এই ব্যৱস্থাৰ আঁৰত কি ঘটনা সংঘটিত হৈছিল অথবা কিশোৰীগৰাকীক কোনে এই অৱস্থা কৰিলে সেই বিষয়ে জানিবলৈ কোনেও চেষ্টা কৰা নাছিল ৷ কিছু লোকে কিশোৰীগৰাকীক ঘৰৰ সন্মুখৰ পৰা যাবলৈ ইংগিত দিছিল ৷ লোকসকলে বুজিয়েই পোৱা নাছিল যে সেই সময়ত কিশোৰীগৰাকীক ধনৰ নহয় নিৰাপত্তাৰহে দৰকাৰ আছিল ৷ ইতিমধ্যে উজ্জয়িনী আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰিছে ৷

লগতে পঢ়ক: Minor Rape Case : নৃশংস : 15 বছৰীয়া কিশোৰীক হত্যা কৰি ধৰ্ষণ; তিনি দুৰ্বৃত্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.