ETV Bharat / bharat

ঝান্সি চিকিৎসা মহাবিদ্যালয়ৰ আৱৰ্জনাৰ স্তূপত উদ্ধাৰ নৰমুণ্ড আৰু হাড়

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 1:37 PM IST

skeletons found at Jhansi Medical College
ঝান্সি চিকিৎসা মহাবিদ্যালয়ৰ আৱৰ্জনাৰ স্তূপত উদ্ধাৰ নৰমুণ্ড আৰু হাড়

ঝান্সি চিকিৎসা মহাবিদ্যালয় পৰিষ্কাৰ কৰাৰ সময়ত নৰমুণ্ড আৰু হাড়ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাত এক চাঞ্চল্যৰ সৃষ্টি হৈছে । এই তথ্য লাভৰ পিছতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰদীপ জৈন আদিত্যৰ নেতৃত্বত শ শ কংগ্ৰেছ কৰ্মীয়ে মৰণোত্তৰ পৰীক্ষা গৃহৰ বাহিৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰে ।

ঝান্সি চিকিৎসা মহাবিদ্যালয়ৰ আৱৰ্জনাৰ স্তূপত নৰমুণ্ড, নৰকংকাল আৰু ২০ ডাল হাড় উদ্ধাৰ

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ ঝান্সি চিকিৎসা মহাবিদ্যালয়ৰ এক আচৰিত ঘটনা পোহৰলৈ আহিছে । বুধবাৰে চিকিৎসা মহাবিদ্যালয়খন পৰিষ্কাৰ কৰাৰ সময়ত নৰমুণ্ড, কংকাল আৰু হাড়ৰ ভাণ্ডাৰ উদ্ধাৰ হয় । এই ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । আনহাতে, বিষয়টো সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰদীপ জৈন আদিত্যৰ নেতৃত্বত শ শ কংগ্ৰেছ কৰ্মীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ মৰণোত্তৰ পৰীক্ষা গৃহৰ বাহিৰত প্ৰতিবাদ আৰম্ভ কৰে । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে চিকিৎসা মহাবিদ্যালয়খনত মানৱ অংগৰ চোৰাং সৰবৰাহৰো অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে ঝান্সিৰ মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষা গৃহত মৃতদেহৰ পৰা চকু আৰু অংগ চুৰিৰ ঘটনা এতিয়াও মানুহৰ মনত সজীৱ হৈ আছে । তাৰ মাজতে বুধবাৰে চিকিৎসা মহাবিদ্যালয়খন পৰিষ্কাৰ কৰাৰ সময়ত নৰমুণ্ড, কংকাল আৰু হাড় উদ্ধাৰৰ ফলত এক চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে, এই ঘটনাত মৰণোত্তৰ পৰীক্ষাৰ বাবে অহা লোকসকল আতংকিত হৈ পৰে । ইফালে দুটা মানৱ কংকাল আৱিষ্কাৰ হোৱাৰ তথ্য পোৱাৰ লগে লগে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰদীপ জৈন আদিত্যৰ নেতৃত্বত শ শ কংগ্ৰেছ কৰ্মী চিকিৎসা মহাবিদ্যালয়খনৰ মৰণোত্তৰ পৰীক্ষা গৃহৰ বাহিৰত উপস্থিত হয় ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰদীপ জৈন আদিত্যই মানৱ অংগক লৈ ব্যৱসায় চলি থকাৰ অভিযোগ তুলি সৰৱ হৈ পৰে । তেওঁ নৰমুণ্ড আৰু মানৱ দেহৰ অৱশেষ উদ্ধাৰক 'অতি গুৰুতৰ বিষয়' আৰু ইয়াৰ সৈতে মানৱ অংগৰ চোৰাং ব্যৱসায় জড়িত হৈ থকাৰো অভিযোগ কৰে । তেওঁ লগতে বিষয়টোৰ এক উচিত তদন্ত আৰু মৰণোত্তৰ পৰীক্ষা গৃহৰ পৰা মানৱ অংগ সৰবৰাহৰ ৰেকেটক পোহৰলৈ অনাৰো দাবী জনায় । ইয়াৰ উপৰি উদ্ধাৰ হোৱা মানৱ শৰীৰ অৱশেষৰ ডিএনএ পৰীক্ষাৰো দাবী জনায় । অৱশ্যে এই মানৱ কংকাল ক'ৰ পৰা আহিল, কাৰ আৰু কিমান দিন পুৰণি তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে ৭ ডিচেম্বৰত মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষা গৃহত ৰখা ব্যৱসায়ী সঞ্জয় জৈনৰ চকু কিবা জন্তুৱো খাইছিল । এই বিষয়টো গুৰুত্বসহকাৰে লৈ চিকিৎসা মহাবিদ্যালয় প্ৰশাসনে মৰণোত্তৰ পৰীক্ষাৰ ঘৰটো পৰিষ্কাৰ কৰি আছে । বুধবাৰে পৰিষ্কাৰ কৰাৰ সময়ত কৰ্মচাৰীসকলে মৰণোত্তৰ পৰীক্ষা গৃহত এটা মানৱ কংকাল, নৰমুণ্ড আৰু হাড় উদ্ধাৰ কৰে । যাৰ ফলত মৰণোত্তৰ পৰীক্ষা গৃহত আত্মীয়ৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অহা লোকসকলৰ মাজত আতংক বিয়পি পৰে ।

আনহাতে, এই ঘটনা সংঘটিত হোৱাৰ পিছত চিকিৎসা মহাবিদ্যালয়খনৰ চিএমএছ ডাঃ শচীন মহোৰে লগে লগে গৈ মৰণোত্তৰ পৰীক্ষা গৃহত উপস্থিত হয় । তেওঁ কয় যে মৰণোত্তৰ পৰীক্ষা গৃহত কংকাল পোৱাটো এটা গুৰুতৰ বিষয় । ইয়াৰ পুংখানুপুংখভাৱে অনুসন্ধান কৰা হ'ব আৰু উপযুক্ত ব্যৱস্থা লোৱা হ'ব ।

লগতে পঢ়ক :আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ, এনকাউণ্টাৰত নিহত দুধৰ্ষ নক্সালবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.