ETV Bharat / bharat

New Feature in Twitter: পুনৰ নতুন ৰূপত আহি আছে টুইটাৰ

author img

By

Published : Jan 15, 2023, 7:16 AM IST

New Feature in Twitter
পুনৰ নতুন ৰূপত আহি আছে টুইটাৰ

পুনৰ কিছু সাল-সলনি ঘটিব টুইটাৰত ৷ টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে অৱগত কৰিছে এই কথা ৷ তৃতীয় পক্ষৰ এপৰ দ্বাৰা টুইটাৰত লগ ইনৰ ক্ষেত্ৰ সৃষ্টি হোৱা সমস্যাৰো অহা সপ্তাহৰ ভিতৰত সমাধান হ’ব বুলি ঘোষণা কৰিছে ইলন মাস্কে ৷

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী: ইলন মাস্ক টুইটাৰৰ স্বত্বাধিকাৰী হোৱাৰ পিচতেই টুইটাৰত পূৰ্বৰ বহু নীতি নিয়মৰ সাল-সালনি কৰা হৈছে(Algorithm changes in twitter) ৷ শনিবাৰেও টুইটাৰ কিছু নীতি নিয়ম সাল-সলনি কৰাৰ কথা ঘোষণা কৰিছিল টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে(Elon Musk) ৷ শেহতীয়াকৈ টুইটাৰৰ ব্যৱহাৰকাৰীসকলে টুইটাৰত লগ ইন বা তৃতীয় পক্ষৰ কোনো এপৰ দ্বাৰা টুইটাৰৰ সুবিধা লোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছিল(Login issue in twitter) ৷ সেয়েহে এক লগ ইন ক’ড অথবা টুইট ৰিকমেণ্ডেশ্যন ক’ড আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল ইলন মাস্কে ৷

  • Twitter will publish tweet recommendation code & make account/tweet status visible no later than next month.

    Transparency builds trust.

    — Elon Musk (@elonmusk) January 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই সন্দৰ্ভত টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে টুইট কৰি অৱগত কৰিছে যে, ‘‘ স্বচ্ছতাই বিশ্বাস গঢ়ি তোলে ৷ অহা সপ্তাহৰ পৰা টুইটাৰত ইমেজ ক্ৰপিং(Image Cropping in twitter) ব্যৱস্থা আৰম্ভ কৰা হ’ব আৰু অন্যান্য সমস্যাসমূহ দূৰ কৰা হ’ব ৷ লগতে টুইটাৰত লগ ইনৰ ক্ষেত্ৰত থকা সমস্যা সমূহো দূৰ কৰা হ’ব ৷’’ লগতে টুইটাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহো বিশ্লেষণ কৰা হ’ব বুলিও সদৰী কৰিছে ইলন মাস্কে(twitter to introduce new feature) ৷

  • We’re aware that Twitterrific is having problems communicating with Twitter. We don’t yet know what the root cause is, but we’re trying to find out. Please stay tuned and apologies.

    — Twitterrific (@Twitterrific) January 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

স্মৰ্তব্য যে, ইতিমধ্যেই টুইটাৰ ব্যৱহাৰৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত বিভিন্ন তৃতীয় পক্ষৰ এপ সমূহে টুইটাৰক অৱগত কৰাৰ পিচতো টুইটাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ এই সন্দৰ্ভত টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে কয় যে, ‘‘লগ ইনৰ ক্ষেত্ৰত হৈ থকা সমস্যা সন্দৰ্ভত আমিও ভালদৰে অৱগত নহয় ৷ এই সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰি থকা হৈছে(New feature in twitter)৷’’

ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে, হয়তু অতি শীঘ্ৰেই টুইটাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত সন্মুখীন হৈ থকা সমস্যাৰ সমাধান হ’ব ৷

লগতে পঢ়ক: Ganga Vilas Cruise: গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী গংগা বিলাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.