ETV Bharat / bharat

মধ্যস্থতাকাৰীৰ নিৰ্দেশনা পালনত ব্যৰ্থ টুইটাৰ : ৰবি শংকৰ প্ৰসাদ

author img

By

Published : Jun 16, 2021, 5:24 PM IST

Intermediary Guidelines
মধ্যস্থতাকাৰীৰ নিৰ্দেশনা পালনত ব্যৰ্থ টুইটাৰ

কেন্দ্ৰীয় যোগাযোগ, ইলেক্ট্ৰ’নিকছ আৰু তথ্য প্ৰযুক্তি, আইন আৰু ন্যায় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ২৬ মে'ত চৰকাৰে জাৰি কৰা মধ্যস্থতাকাৰীৰ নিৰ্দেশনা পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে টুইটাৰত (Twitter) সমালোচনা কৰে । এক সূত্ৰৰ মতে মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰে ভাৰতত মধ্যস্থতাকাৰী মঞ্চ হিচাপে নিজৰ মৰ্যাদা হেৰুৱাইছে কিয়নো ই নতুন তথ্য প্ৰযুক্তি নিয়ম পালন কৰাত ব্যৰ্থ হৈছে ।

নেশ্যনেল ডেস্ক, ১৬ জুন : ভাৰত চৰকাৰে অন্তিম জাননী প্ৰেৰণ কৰাৰ পিছতো ভাৰতীয় আইন অনুসৰণ কৰিবলৈ ব্যৰ্থ হৈছে টুইটাৰ (Twitter) কতৃপক্ষ । যাৰ বাবে টুইটাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে নেতাসকল । কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ বিশেষ টুইট কৰি কতৃপক্ষৰ প্ৰতি ক্ষোভ উজাৰে । মন্ত্ৰী গৰাকী ভাৰতত মধ্যস্থতাকাৰী মঞ্চ হিচাপে মৰ্যাদা হেৰুওৱাৰ বিষয়ে উল্লেখ কৰি টুইটাৰৰ বিৰুদ্ধে কয় যে মাইক্ৰ'ব্লগিং চাইটটোৱে একাধিক সুযোগ প্ৰদান কৰা স্বত্বেও আইনসমূহ পালন কৰাত ব্যৰ্থ হৈছে ।

ভাৰতীয় কোম্পানী যেনে ফাৰ্মা হওঁক, তথ্য প্ৰযুক্তি হওঁক বা আনসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰত বা বিদেশত যেতিয়া ব্যৱসায়ৰ বাবে যায় তেওঁলোকে স্বেচ্ছাই স্থানীয় আইন অনুসৰণ কৰে । কিন্তু টুইটাৰৰ দৰে প্লেটফৰ্মে কিয় উৎপীড়ন আৰু অপব্যৱহাৰৰ ভুক্তভোগীসকলক মাত দিয়াৰ বাবে প্ৰস্তুত কৰা ভাৰতীয় আইন অনুসৰণত কিয় নিৰ্লিপ্ত ভুমিকা পালন কৰিছে বুলিও প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে ।

Intermediary Guidelines
মধ্যস্থতাকাৰীৰ নিৰ্দেশনা পালনত ব্যৰ্থ টুইটাৰ

উল্লেখ্য যে, ৫ জুনত কেন্দ্ৰীয় ইলেক্ট্ৰ'নিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (meity) টুইটাৰক চূড়ান্ত জাননী জাৰি কৰি ছ'চিয়েল মিডিয়া কোম্পানী সম্পৰ্কীয় নতুন নিয়মসমূহ পালন কৰিবলৈ কৈছিল । আনহাতে ইয়াৰ উত্তৰত টুইটাৰে কয় যে তেওঁলোকে চৰকাৰলৈ লিখিছে যে ছ'চিয়েল মিডিয়া কোম্পানীসমূহৰ বিষয়ে নতুন নিৰ্দেশনা পালন কৰাৰ প্ৰচেষ্টা কৰা হৈছে আৰু ই চুক্তিভিত্তিত এজন নোডেল ঠিকাভিত্তিক ব্যক্তি (NCP) আৰু এজন আৱাসী অভিযোগ বিষয়াক (RGO) নিযুক্তি দিছে ।

মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কেইবাটাও ঘটনাৰ উদাহৰণ দাঙি ধৰিছে আৰু কৈছে যে টুইটাৰৰ জৰিয়তে ভুল তথ্য প্ৰচাৰ হোৱাৰ বাবেই সেই ঘটনাবোৰ সংঘটিত হৈছিল । টুইটাৰযোগে লোনিৰ ঘটনা, উত্তৰ প্ৰদেশ আদিৰ কেইবাটাও ঘটনা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, গাজিয়াবাদৰ লোনি অঞ্চলৰ এটা নিৰ্জন স্থানত কেইজনমান দুৰ্বৃত্তই এজন বৃদ্ধলোকক দাড়ি কাটি দিয়াৰ লগতে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল । গাজিয়াবাদ আৰক্ষীয়ে ঘটনাটোক লৈ টুইটাৰ ইণ্ডিয়াকে ধৰি ৯টা প্ৰতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক:টুইটাৰ(Twitter)লৈ সংসদীয় কমিটীৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.