ETV Bharat / bharat

এ'প'ল হাস্পতালৰ সৈতে TTAADC প্ৰশাসনৰ বুজাবুজি চুক্তি

author img

By

Published : Mar 4, 2022, 5:55 PM IST

Tripura
এ'প'ল হাস্পতালৰ সৈতে TTAADC প্ৰশাসনৰ বুজাবুজি চুক্তি

স্বাস্থ্যখণ্ডৰ উন্নয়নৰ উদ্দেশ্যে এ'প'ল হাস্পতালৰ সৈতে TTAADC প্ৰশাসনে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে (TTAADC signed a MoU with Apollo Hospital)। এই চুক্তিৰ ফলস্বৰূপে এপ'ল' হাস্পতালে গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে টেলিমেডিচিন, টেলি-ইমাৰ্জেন্সি, টেলি-আইচিইউ আৰু ভ্ৰাম্যমাণ চিকিৎসালয়ৰ সুবিধা প্ৰদান কৰিব ।

আগৰতলা,৪ মাৰ্চ : জনজাতীয় অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত্বশাসিত জিলা পৰিষদে (TTAADC) বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । শেহতীয়াকৈ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি হাতত লৈছে পৰিষদে । এইবাৰ অঞ্চলটোৰ ৰাইজক স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত সুবিধা প্ৰদানৰ উদ্দেশ্যে পৰিষদে এপ'ল' চিকিৎসালয়ৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে (TTAADC signed a MoU with Apollo Hospital)।

পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য কমল কালাই চুক্তি সন্দৰ্ভত কয় যে বৰ্তমানৰ জিলা পৰিষদে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ স্বাস্থ্যসেৱাৰ মানদণ্ড উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে । তাৰ অংশস্বৰূপে পৰিষদে এই চুক্তিত স্বাক্ষৰ কৰিছে । চুক্তি স্বাক্ষৰ কাৰ্যসূচীত অধ্যক্ষ প্ৰদ্যুত বিক্ৰম কিশোৰ মণিক্য দেববৰ্মাৰ লগতে এপ'ল'ৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।

ইফালে TTAADCৰ মুখ্য কাৰ্যবাহী বিষয়া চি.কে. জামাতিয়া, অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া ধনবাবু ৰিয়াং, মুখ্য স্বাস্থ্য বিষয়া পাৰ্থ দেব্বাৰ্মা আৰু এপ'ল'ৰ মুখ্য ব্যৱসায়িক বিষয়া প্ৰেমানন্দ এছ উপস্থিত থাকে । কাৰ্যবাহী সদস্যগৰাকীয়ে লগতে কয় যে এই বুজাবুজি চুক্তিৰ জৰিয়তে এপ'ল'ৱে টেলিমেডিচিন, টেলি-ইমাৰ্জেন্সি, টেলি-আইচিইউ আৰু ভ্ৰাম্যমাণ চিকিৎসালয়ৰ সুবিধা প্ৰদান কৰিব ।

কাৰ্যবাহী সদস্য কমল কালাই লগতে কয় যে TTAADCৰ মুখ্য কাৰ্যালয় খুমুলৱঙৰ খেৰংবাৰ চিকিৎসালয়ৰ ৰোগীসকলক হায়দৰাবাদ, চেন্নাই আৰু দিল্লীৰ এপ'ল'ত অভিজ্ঞ চিকিৎসকে টেলিমেডিচিনৰ দ্বাৰা চিকিৎসা প্ৰদান কৰিব । এপ'ল' কতৃপক্ষই ভ্ৰাম্যমাণ চিকিৎসালয় স্থাপন কৰি ৰাইজক চিকিৎসা প্ৰদান কৰিব ।

লগতে পঢ়ক :ত্ৰিপুৰাত শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে যথেষ্ট পদক্ষেপ লৈছে চৰকাৰে:মুখ্যমন্ত্ৰী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.