ETV Bharat / bharat

ত্ৰিপুৰাত শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে যথেষ্ট পদক্ষেপ লৈছে চৰকাৰে:মুখ্যমন্ত্ৰী

author img

By

Published : Mar 4, 2022, 1:46 PM IST

ত্ৰিপুৰাৰ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । উদগনিমূলক পুঁজিৰ লগতে শিক্ষাখণ্ডৰ সংস্কাৰৰ বাবে বহু পুঁজিও মুকলি কৰিছে চৰকাৰে । আগৰতলাস্থিত নেতাজী সুভাষ বিদ্যানিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ (75th Foundation Day of Netaji Subhas Vidyaniketan) কাৰ্যসূচীত অংশ লৈ এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ । বিদ্যালয়খনৰ এটা নতুন ৱেবচাইট মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Tripura
ত্ৰিপুৰাত শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে যথেষ্ট পদক্ষেপ লৈছে চৰকাৰে

আগৰতলা,৪ মাৰ্চ : ত্ৰিপুৰাৰ আগৰতলাস্থিত নেতাজী সুভাষ বিদ্যানিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস (75th Foundation Day of Netaji Subhas Vidyaniketan)। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে ৰাজ্যখনৰ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

উদগনিমূলক পুঁজিৰ লগতে শিক্ষাখণ্ডৰ সংস্কাৰৰ বাবে বহু পুঁজিও মুকলি কৰিছে চৰকাৰে । সেয়ে শিক্ষকসকলক এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মাজত সজাগতা আনিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে প্ৰাৰ্থনা সভাৰ সময়ত শিক্ষাখণ্ডৰ সামগ্ৰিক কল্যাণৰ বাবে লোৱা পদক্ষেপ সম্পৰ্কে শিক্ষকসকলে সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন ।

অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী লগতে আন আন বিশিষ্ট অতিথিসকলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে বিদ্যালয়ৰ নতুন ৱেবছাইট nsvagartala.org.in মুকলি কৰে আৰু বিদ্যালয় চৌহদৰ পৰা এক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাখণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত কাম কৰি আছে । শিক্ষা ব্যৱস্থাত বিভিন্ন সংস্কাৰ অনা হৈছে যাতে ৰাজ্যখনৰ শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় পৰ্যায়তো নিজকে প্ৰতিষ্ঠা কৰিব পাৰে ।

শিক্ষা বিভাগৰ বহু ন-পুৰণি আঁচনিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে মিছন ১০০, বিদ্যাজ্যোতি আঁচনিৰ লগতে অতি কম সময়ৰ ভিতৰত এন চি ই আৰ টি (NCERT) পাঠ্যক্ৰম প্ৰৱৰ্তনকে ধৰি বহুতো ইতিবাচক পদক্ষেপ লোৱা হৈছে । ইয়াৰ উপৰিও, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে । মুখ্যমন্ত্ৰীগৰাকীৰ দাবী তেওঁৰ চৰকাৰে শিক্ষাৰ্থীসকলৰ এক উজ্জ্বল আৰু সমৃদ্ধ ভৱিষ্যত গঢ়ি তুলিবলৈ সংকল্পবদ্ধ ।

লগতে পঢ়ক :ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০ কোটি টকা ব্যয় কৰিব ত্ৰিপুৰা চৰকাৰে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.