ETV Bharat / bharat

নতুন হিট এণ্ড ৰাণ আইন বিৰুদ্ধে ট্ৰাক চালকৰ প্ৰতিবাদ: তেল ডিপোত পেট্ৰ’ল-ডিজেলৰ নাটনি

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 2:29 PM IST

Truckers Protest Against New law
নতুন হিট এণ্ড ৰাণ আইন বিৰুদ্ধে ট্ৰাক চালকৰ প্ৰতিবাদ

Truckers Protest Against New law: ঔপনিৱেশিক যুগৰ অপৰাধমূলক আইন পৰিবৰ্তন কৰি হিট এণ্ড ৰাণ গোচৰত কাৰাদণ্ড বৃদ্ধি কৰা হৈছে । এই আইনখনৰ বিৰুদ্ধে এতিয়া দেশজুৰি ট্ৰাক চালকে আৰম্ভ কৰিছে প্ৰতিবাদ । এই নতুন আইনৰ অনুসৰি, এতিয়াৰে পৰা দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা তথা দুৰ্ঘটনাৰ খবৰ নিদিয়া চালকক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৫ লাখ টকাৰ জৰিমনা বিহা হ’ব ।

নিউজ ডেস্ক, ২ জানুৱাৰী: ঔপনিৱেশিক যুগৰ অপৰাধমূলক আইন পৰিবৰ্তন কৰি হিট এণ্ড ৰাণ গোচৰত কাৰাদণ্ড বৃদ্ধি কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি ট্ৰাক চালকৰ মাজত প্ৰতিবাদ আৰম্ভ হৈছে । এই নতুন আইনৰ অধীনত পলায়ন আৰু দুৰ্ঘটনাৰ খবৰ নিদিয়াৰ বাবে চালকক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব । পূৰ্বে এই গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৪ এ ধাৰাত (গাফিলতিৰ ফলত মৃত্যু হোৱা) অভিযুক্তক মাত্ৰ দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল ।

এই নতুন আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে । উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, হাৰিয়ানা, ৰাজস্থানকে ধৰি বহু ৰাজ্যত এই প্ৰতিবাদে ব্যাপক ৰূপ লৈছে ৷ হাৰিয়ানাত ১ জানুৱাৰীৰ পৰা ব্যক্তিগত বাছ কৰ্মচাৰীয়ে ধৰ্মঘট কৰাৰ বিপৰীতে অটো চালকসকলেও নতুন আইনখনৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী মুকলি কৰিছে ।

ইফালে উত্তৰ প্ৰদেশত একেধৰণৰ বিক্ষোভ সংঘটিত হৈছে ৷ ৰাজ্যখনৰ বাছ চালকসকলে ট্ৰাক চালকৰ সৈতে একত্ৰিতভাবে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ মধ্যপ্ৰদেশত ট্ৰাক আৰু টেংকাৰ চালকসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছে । ১ জানুৱাৰীত পশ্চিমবংগৰ হুগলী জিলাত একাংশ ট্ৰাক চালকে নতুন আইনখনৰ প্ৰতিবাদত ২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল ।

ইফালে ট্ৰাক চালকৰ প্ৰতিবাদৰ ফলত সৰ্বসাধাৰণ জনতা প্ৰভাৱাম্বিত হোৱা দেখা গৈছে ৷ তেল ডিপোসমূহত পেট্ৰ’ল-ডিজেলৰ নাটনি দেখা গৈছে ৷ ইয়াৰ ফলত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে কোনো কোনো ৰাজ্যত প্ৰশাসনে সংশ্লিষ্ট বিভাগক নিৰাপত্তা বাহিনীক মোতায়েন কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ দিয়ে ৷ প্ৰশাসনৰ তৰফৰ পৰা ঠায়ে ঠায়ে তেল ডিপোলৈ নিৰাপদে পেট্ৰ’ল আৰু ডিজেল পৰিবহণ কৰা হৈছে ।

অৱশ্যে এনেদৰে কিমান সাধাৰণ জনতাৰ সমস্যা সমাধান কৰিব পৰা যাব, সেই বিষয়ত প্ৰশাসনৰ লোকে সন্দেহ ব্যক্ত কৰিছে ৷ পঞ্জাৱ পেট্ৰ’ল পাম্প এছ’চিয়েশ্যনৰ সভাপতি বিনোদ কুমাৰ বংছালে কয় যে ১ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে তেল টেংকাৰ চালকৰ ধৰ্মঘটৰ বাবে ভাৰতৰ প্ৰায় ৬৮ হাজাৰ পেট্ৰ’ল পাম্প শুকান হ’ব । অদূৰ ভৱিষ্যতে যদি ট্ৰাক চালকৰ ধৰ্মঘটৰ অন্ত নপৰে তেন্তে বিভিন্ন ডিপোৰ পৰা ৰে’লৱে, সেনা আৰু বায়ুসেনালৈ তেলৰ যোগান ভয়ংকৰভাবে ব্যাহত হ’ব ৷ সাধাৰণ ৰাইজেও পেট্ৰ’ল-ডিজেল নাপাব আৰু সকলো বস্তুৰে দাম বৃদ্ধিৰ সম্ভাৱনা থাকিব ।

লগতে পঢ়ক: Road accidents: হ্ৰাস হৈছে পথ দুৰ্ঘটনাৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.