ETV Bharat / bharat

JEEৰ ত্ৰিপুৰা ব’ৰ্ডৰ ফলাফল ঘোষণা, শীৰ্ষ স্থানত ঈশিতা দাস

author img

By

Published : Sep 21, 2021, 12:11 PM IST

বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰে ঘোষণা কৰা হ'ল JEEৰ ত্ৰিপুৰা ব’ৰ্ডৰ ফলাফল । শীৰ্ষ স্থান দখল কৰিলে ঈশিতা দাসে । এইবাৰ মুঠ ৩,৭৮৮ গৰাকী পৰীক্ষাৰ্থী JEEৰ ত্ৰিপুৰা ব’ৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।

Tripura Board of Joint Entrance Examination results declared
JEEৰ ত্ৰিপুৰা বৰ্ডৰ ফলাফল ঘোষণা

নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ : ত্ৰিপুৰাৰ সংযুক্ত বাছনি পৰীক্ষাত জিলিকিল ঈশিতা দাস । সোমবাৰে JEEৰ ত্ৰিপুৰা ব’ৰ্ডৰ ফলাফল ঘোষণা কৰা হয় । ক'ভিড-১৯ৰ সংক্ৰমণৰ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা পলমকৈ অনুষ্ঠিত হৈছিল । সেয়ে, নামভৰ্তিৰ প্ৰক্ৰিয়াতো পলম হৈছে ।

Tripura Board of Joint Entrance Examination results declared
JEEৰ ত্ৰিপুৰা বৰ্ডৰ ফলাফল ঘোষণা

চৰকাৰী তথ্য অনুসৰি, এই বছৰ মুঠ ৩,৭৮৮ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ পৰীক্ষাৰ্থী আছিল ২,৩৮৪ গৰাকী, অনুসূচিত জনজাতিৰ ৭২৬ গৰাকী আৰু অনুসূচীত জাতিৰ ৬৭৮ গৰাকী । পৰীক্ষা দুটা পৃথক শ্ৰেণীত অনুষ্ঠিত কৰা হৈছিল আৰু সেয়া হৈছে-পি চি এম (পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত) আৰু পি চি বি (পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান) ।

Tripura Board of Joint Entrance Examination results declared
JEEৰ ত্ৰিপুৰা বৰ্ডৰ ফলাফল ঘোষণা

পি চি এম শাখাৰ অধীনত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ১,৫৬০ গৰাকী আৰু পি চি বি শাখাৰ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩,০৮১ গৰাকী আছিল ।

যুটীয়া প্ৰৱেশ পৰিষদে দুয়োটা শাখাৰ শীৰ্ষ তিনিগৰাকী শিক্ষাৰ্থীৰ নাম ঘোষণা কৰিছে । ঈশিতা দাসে দুয়োটা শাখাতে সৰ্বাধিক নম্বৰ লাভ কৰি শীৰ্ষ স্থান দখল কৰিছে । এগৰাকী অসামৰিক অভিযন্তা হোৱাৰ আশা মনত পুহি ৰাখিছে ঈশিতা দাসে ।

Tripura Board of Joint Entrance Examination results declared
JEEৰ ত্ৰিপুৰা বৰ্ডৰ ফলাফল ঘোষণা

নবাৰুণ ভট্টাচাৰ্যই পি চি বি শাখাতত তৃতীয় স্থান লাভ কৰাৰ লগতে পি চি এম শাখাত দ্বিতীয় স্থান লাভ কৰে । আনহাতে, মানজিৎ মজুমদাৰে পি চি এম শাখাত তৃতীয় স্থান লাভ কৰে । পি চি বি শাখাত, সৌৰদীপ দাসে দ্বিতীয় স্থান লাভ কৰে ।


লগতে পঢ়ক:নিশ্চিত হ’ল সুস্মিতা দেৱৰ ৰাজ্যসভালৈ যাত্ৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.