ETV Bharat / bharat

বিৰোধীয়ে ত্ৰিপুৰাৰ জনজাতীয় লোকসকলক ভোট বেংকৰূপে ব্যৱহাৰৰ অভিযোগ উপ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 29, 2022, 9:08 PM IST

ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই সোমবাৰে ভোট বেংকৰ ৰাজনীতিৰ বাবে জনজাতীয় লোকসকলক ব্যৱহাৰ কৰাৰ বাবে চিপিআইএম আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে (Tripura DCM lashed CPIM and Congress) ।

Tripura DCM
Tripura DCM

নিউজ ডেস্ক, ২৯ আগষ্ট : ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই সোমবাৰে ভোট বেংকৰ ৰাজনীতিৰ বাবে জনজাতীয় লোকসকলক ব্যৱহাৰ কৰাৰ বাবে চিপিআইএম আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে (Tripura DCM lashed CPIM and Congress) । ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত শাসিত জিলা পৰিষদৰ (Tripura Tribal Areas Autonomous District Council) খুমুলৱঙত অনুষ্ঠিত জনজাতি জনসভা সম্বোধন কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰথমবাৰৰ বাবে কোনো এখন চৰকাৰে ৰাজ্যত জিলা পৰিষদক অধিক ক্ষমতা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে (Janajati Janasabha in Khumulwng of Tripura) ।

"এইটো এটা ঐতিহাসিক দিন । কিয়নো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে (BJP national president JP Nadda) খুমুলৱঙৰ পৰা ত্ৰিপুৰা নিৰ্বাচনৰ বাবে যাত্ৰা আৰম্ভ কৰিছে । খুমুলৱং সকলোৰে বাবে । আমি আমাৰ জনসাধাৰণ আৰু আমাৰ সমাজৰ বাবেও থানচা বিচাৰোঁ । আমি জিলা পৰিষদক অধিক ক্ষমতা দিব বিচাৰোঁ আৰু ইয়াক শক্তিশালী কৰিব বিচাৰোঁ । আমি তদানীন্তন চিপিআইএম চৰকাৰতকৈ জিলা পৰিষদৰ উন্নয়নৰ বাবে দুগুণ পুঁজি প্ৰদান কৰিছো ।" তেওঁ লগতে কয় ।

তেওঁ লগতে কয় যে, একাংশ লোকে উৰাবাতৰি বিয়পাইছে যে যিহেতু জিলা পৰিষদত বিজেপি শাসনত নাই, সেয়ে তেওঁলোকে পৰ্যাপ্ত পুঁজি প্ৰদান কৰা নাই (funds for developing District Council in Tripura) ।

"বহু লোকে কৈছে যে, যিহেতু জিলা পৰিষদত বিজেপি শাসনত নাই তেওঁলোকে জিলা পৰিষদৰ উন্নয়নৰ বাবে পৰ্যাপ্ত পুঁজি প্ৰদান কৰা নাই । কিন্তু এইটো সঁচা নহয় । সঁচা কথাটো হ'ল, আমি চিপিআইএম শাসনতকৈ দুগুণ পুঁজি দিছোঁ (BJP demanded double funds than CPIM regime) । আমি জিলা পৰিষদত শাসন কৰা দলটোৰ বিষয়ে নাভাবোঁ । কিন্তু আমি কেৱল আমাৰ টিপ্ৰাচা লোকসকলৰ বিষয়েহে চিন্তা কৰোঁ (Tiprasa people of Tripura) । আমি বিচাৰোঁ যে ৰাজ্য চৰকাৰ আৰু জিলা পৰিষদে চিপ্ৰাচাৰ বিকাশত একেলগে কাম কৰা উচিত । বেছিভাগ আঁচনি টিপ্ৰাচা লোকৰ বাবে আৰু জিলা পৰিষদ অঞ্চলত ৰূপায়ণ কৰা হৈছে (developing work for Tiprasa) ।" তেওঁ এনেদৰে কয় ।

"চিপিআইএম আৰু কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতিৰ বাবে টিপ্ৰাচাসকলক ব্যৱহাৰ কৰিছিল (vote bank politics of congress and CPIM) । আমি টিপ্ৰাছাৰ প্ৰকৃত বিকাশৰ বাবে আহিছিলোঁ । বহুতো দল আহিছিল আৰু শ্লোগান দিছিল, কিন্তু টিপ্ৰাছাৰ বাবে একো কৰা নাছিল । কিন্তু এইখন প্ৰথম চৰকাৰ যিয়ে জিলা পৰিষদক অধিক ক্ষমতা দিয়াৰ সিদ্ধান্ত লৈছে ।" উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় ।

লগতে পঢ়ক :ত্ৰিপুৰাবাসীয়ে শীঘ্ৰেই পাব এইমছৰ সেৱা সুবিধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.