ত্ৰিপুৰাবাসীয়ে শীঘ্ৰেই পাব এইমছৰ সেৱা সুবিধা

author img

By

Published : Aug 28, 2022, 3:14 PM IST

Tripura CM

ত্ৰিপুৰাত শীঘ্ৰে স্থাপন হ'ব এইমছ । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই শনিবাৰে এই ঘোষণা কৰে (Manik Saha announced about AIIMS) । তেওঁ কয় যে ৰাজ্য চৰকাৰে এইমছৰ এটা শাখা স্থাপনৰ বাবে উদ্যোগ লৈছে (Tripura government to set up AIIMS) ।

নিউজ ডেস্ক, ২৮ আগষ্ট : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই শনিবাৰে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে ৰাজ্যখনত এইমছ চিকিৎসালয়ৰ এটা শাখা স্থাপনৰ বাবে উদ্যোগ লৈছে (Tripura government to set up AIIMS) । ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় (foundation day of Tripura Medical College) আৰু বি আৰ আম্বেদকাৰ শিক্ষণ চিকিৎসালয়ৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডাঃ সাহাই এই ঘোষণা কৰে (Manik Saha announced about AIIMS)।

"ৰাজ্যখনত এইমছ চিকিৎসালয় স্থাপনৰ বাবে পদক্ষেপ লোৱা হৈছে (Initiatives to set up AIIMS in Tripura) । এইমছ চিকিৎসালয় স্থাপনৰ ফলত চিকিৎসা বিদ্যাৰ্থীসকলৰ লগতে ৰাজ্যখনৰ চিকিৎসকসকলৰ চিকিৎসাৰ মান উন্নত হ'ব ।" মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

তেওঁ লগতে কয় যে ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় (Tripura Medical college and Hospital) কোনো ৰাজ্যৰ আন চিকিৎসা মহাবিদ্যালয়তকৈ পিছপৰি থকা নাই । "এই চিকিৎসা মহাবিদ্যালয়খনত উন্নত আন্তঃগাঁথনি, চিকিৎসা সেৱা, অভিজ্ঞ চিকিৎসক, স্বাস্থ্যকৰ্মী, অক্সিজেন প্ৰকল্পৰ সুবিধা আছে (Infrastructure of Tripura Medical college) । অনাগত দিনত ৰাজ্য চৰকাৰে এই চিকিৎসা মহাবিদ্যালয়খনৰ উন্নয়নত অধিক পদক্ষেপ গ্ৰহণ কৰিব (Tripura government to develop medical college) ।" ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে লগতে কয় । উল্লেখ্য যে ডাঃ সাহাই ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু বি আৰ আম্বেদকাৰ শিক্ষণ চিকিৎসালয়ত দন্ত বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (Professor of Dental Department Manik Saha) ।

অনুষ্ঠানটোত মুখ্যমন্ত্ৰীয়ে কয় যে চিকিৎসা বিদ্যাৰ্থীসকলে কেৱল অধ্যয়ন কৰা উচিত নহয় আৰু চিকিৎসকসকলে কেৱল ৰোগীক সেৱা আগবঢ়োৱাটোৱে উচিত নহয় । "আপুনি সমাজৰ বাবেও কাম কৰিব লাগিব । তেতিয়াহে সকলোৰে সহযোগিতাৰে এখন উন্নত ত্ৰিপুৰা গঢ়ি তোলা সম্ভৱ হ'ব (Tripura CM urged cooperation of everyone) ।" মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

আনহাতে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে মহাবিদ্যালয়খন স্থাপনত অৱদান আগবঢ়োৱাসকলৰ ওপৰত এখন ই-বুক প্ৰস্তুত কৰাৰো পৰামৰ্শ দিয়ে (Tripura CM suggested to preparing e book) ।

লগতে পঢ়ক :দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত জেপি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.