ETV Bharat / bharat

ত্ৰিপুৰাৰ ৰাজনৈতিক হিংসাৰ বাবে বাওঁপন্থীক জগৰীয়া কৰিলে বিজেপিয়ে

author img

By

Published : Apr 12, 2021, 9:17 AM IST

Updated : Apr 12, 2021, 9:59 AM IST

ত্ৰিপুৰাৰ ৰাজনৈতিক হিংসাৰ বাবে বাওঁপন্থীক জগৰীয়া কৰিলে বিজেপিয়ে
ত্ৰিপুৰাৰ ৰাজনৈতিক হিংসাৰ বাবে বাওঁপন্থীক জগৰীয়া কৰিলে বিজেপিয়ে

06:37 April 12

ত্ৰিপুৰাৰ কেইবাখনো ঠাইত টিআইপিআৰএ আৰু আইপিএফটিৰ কৰ্মীৰ সকলৰ বিৰুদ্ধে দলীয় সংঘাতত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হয় ৷ দল দুটাৰ কৰ্মী সকলে দলীয় কাৰ্যালয় আচ-বাব ধ্বংস কৰাৰ লগতে অগ্ন সংযোগ কৰাও অভিযোগ উত্থাপন হয় ৷

ত্ৰিপুৰাৰ ৰাজনৈতিক হিংসাৰ বাবে বাওঁপন্থীক জগৰীয়া কৰিলে বিজেপিয়ে

ত্ৰিপুৰা, 12 এপ্ৰিল: ত্ৰিপুৰা স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ ঘোষণা হোৱাৰ পাচতে ত্ৰিপুৰা বিভিন্ন অঞ্চলত অপ্ৰীতিৰ ঘটনা সংঘটিত হোৱা দেখা যায় ৷ বিশেষকৈ স্পৰ্শকাতৰ কেইটামান অঞ্চলত নিৰ্বাচনীত সংঘাত দেখিবলৈ পোৱা যায় ৷ 

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই গোমটি, দক্ষিণ ত্ৰিপুৰা, খোৱাই,আৰু পশ্চিত ত্ৰিপুৰাত প্ৰশাসনে 144 ধাৰা জাৰি কৰিছিল ৷ মন কৰিবলগীয়া কথাটো হ'ল এই জিলা কেইখনত 144 ধাৰা জাৰি কৰা হৈছিল যদিও কোনো তৃতীয় শক্তিৰ প্ৰৰোচনামূলক মন্তব্যবোৰে ৰাজনৈতিক হিংসাত অধিন ইন্ধন যোগোৱা পৰিলক্ষিত হয় ৷

কেইবাখনো ঠাইত টিআইপিআৰএ আৰু আইপিএফটিৰ কৰ্মীৰ সকলৰ বিৰুদ্ধে দলীয় সংঘাতত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হয় ৷ দল দুটাৰ কৰ্মী সকলে দলীয় কাৰ্যালয় আচ-বাব ধ্বংস কৰাৰ লগতে অগ্ন সংযোগ কৰাও অভিযোগ উত্থাপন হয় ৷ 

উল্লখ্য যে, এনে ধৰণৰ ৰাজনৈতিক হিংসাই ৰাজ্যখনৰ সাধাৰণ লোকৰ প্ৰতি এক আতংকৰ পৰিবেশ সষ্টি কৰে ৷ ত্ৰিপুৰাৰ মাণ্ডৱাইত এনে পৰিবেশৰ মাজতে নিৰাপত্তাহীনতাত কিছু সংখ্যক পৰিয়ালে সুৰক্ষিত স্থানত আশ্ৰয় লয় ৷ খোৱাই আৰু ধলাইৰ দৰে জিলাত একাংশ লোকে  শাসকীয় বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন হয় ৷ এই পৰিপেক্ষিতত বিজেপিৰ নেতা তথা সাংসদ প্ৰতিমা ভৌমিক, টিংকু ৰয় আৰু দলৰ ৰাজ্যিক সভাপতি মানিক সাহাই বিজেপিৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ সময়তো জনসাধাৰণৰ বাধাৰ সন্মুখিন হ'ব লগীয়া হয় ৷

তদুপৰি বেলনিয়াত টিআইপিআৰএ মোথাৰ কিছু সংখ্যক কৰ্মীয়ে ৰতনপুৰৰ বিজেপি দলীয় কাৰ্যালয় ভঙাৰও অভিযোগ উত্থাপন হয় ৷ এই বিষয়টোত সাংবাদিকক সম্বোধন কৰি শিক্ষা মন্ত্ৰী ৰতন লাল নাথে এই সকলো হিংসাৰ বাবে বাওঁপন্থীসকলক জগৰীয়া কৰা দেখা যায় ৷

"বাঁওপন্থীসকলৰ হিংসাৰ দীৰ্ঘদিনীয়া ইতিহাস আছে। যেতিয়া তেওঁলোকক ৰাজ্যখনৰ পৰা উফৰাই দিয়া হৈছিল তেতিয়া তেওঁলোকে পৰাজয় স্বীকাৰ কৰিব পৰা নাছিল ৷ বাওঁপন্থীসকল শান্তি ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে ৷ টিআইপিআৰএ মোথাৰ প্ৰৰোচনাত এই সকলোবোৰ বাওঁপন্থী সকলে কৰি আছে ৷" শিক্ষা মন্ত্ৰী ৰতন লাল নাথে কয় ৷ ইয়াৰ সমান্তৰালভাৱে ত্ৰিপুৰা বিজেপিৰ উপ-সভাপতি ৰাজীৱ ভট্টাচাৰ্যইও টিআইপিআৰএ মোথাৰ কৰ্মী বিৰুদ্ধে একেধৰণ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক:  আত্মীয়ৰ কু-অভিসন্ধি : পৰিকল্পিতভাৱে গণৰোষত পেলালে দিলোৱাৰক

Last Updated : Apr 12, 2021, 9:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.