ETV Bharat / bharat

ত্ৰিপুৰাত প্ৰায় 78.58 শতাংশ ভোটাৰৰ ভোটদানেৰে সমাপ্ত উপ-নিৰ্বাচন

author img

By

Published : Jun 23, 2022, 10:53 PM IST

ত্ৰিপুৰাত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন (Tripura bye election 2022)। পুৱা 7 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈকে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হয় ৷ প্ৰায় 78.58 শতাংশ ভোটাৰে এই নিৰ্বাচনত ভোট দান কৰে (Tripura bye-poll records 78.58 percent vote turn out) ৷

Tripura bye-poll records 78.58 percent vote turn out
ত্ৰিপুৰাত প্ৰায় 78.58 শতাংশ ভোটাৰৰ ভোটদানেৰে সমাপ্ত উপ-নিৰ্বাচন

আগৰতলা, 23 জুন: ত্ৰিপুৰাত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন (Tripura bye election 2022)। পুৱা 7 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈকে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হয় ৷ প্ৰায় 78.58 শতাংশ ভোটাৰে এই নিৰ্বাচনত ভোট দান কৰে (Tripura bye-poll records 78.58 percent vote turn out) ৷

এই উপ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবৰ বাবে চৰকাৰে ত্ৰিপুৰা ৰাজ্যিক ৰাইফলচৰ জোৱান (Tripura State Rifle Jawan ) (টিএছআৰ) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুঠ ২৫ টা কোম্পানী মোতায়েন কৰিছিল ৷ এই উপ-নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ হোৱা বুলি জনাই এজন নিৰ্বাচনী বিষয়াই ই ভি এম মেচিনৰ সৈতে ভোট গ্ৰহণ কৰ্মীসকল নিজ নিজ স্থানলৈ উভতি আহি আছে বুলি সদৰি কৰে ৷ লগতে এই নিৰ্বাচনত ব্যৱহাৰ হোৱা চাৰিটা ইভিএম বিকল হোৱাৰ বাবে সলনি কৰিব লগা হৈছে (Replace 4 EVM machines for malfunctioning) বুলিও জনায় নিৰ্বাচনী বিষয়াগৰাকীয়ে ৷

উল্লেখ্য যে, আগৰতলা, ৮-টাউন বৰদোৱালী, আৰু ৪৬-সুৰমা আৰু ৫৭-জুবাৰাজনগৰ বিধানসভা সমষ্টিকে ধৰি চাৰিখন আসনত এই উপ নিৰ্বাচন অনুষ্ঠিত হয় ৷ আনহাতে, এই নিৰ্বাচনত প্ৰায় ১,৮৯,০৩২ জন ভোটাৰে 22 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব বুলি জানিব পৰা গৈছে ৷

প্ৰায় 83.11 শতাংশ ভোটাৰ 46-সুৰমাত, 77.35 শতাংশ আগৰতলাত, ৮-টাউন বৰদোৱাত ৭১.১৩ শতাংশ আৰু ৫৭-জুবাৰাজানগৰত সৰ্বাধিক ৮৩.১২ শতাংশ ভোটাৰে (57-Jubarajanagar has received the highest voter percentage ) ভোট দান কৰে বুলি নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিব দিয়ে ৷

লগতে পঢ়ক: Tripura bye election: আগৰতলাত কংগ্ৰেছ-বিজেপিৰ অভিযোগ-প্ৰতি অভিযোগৰ ৰাজনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.