ETV Bharat / bharat

Tripura bye election: আগৰতলাত কংগ্ৰেছ-বিজেপিৰ অভিযোগ-প্ৰতি অভিযোগৰ ৰাজনীতি

author img

By

Published : Jun 23, 2022, 7:25 PM IST

ত্ৰিপুৰাৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । ভোটগ্ৰহণৰ দিনটোত আগৰতলা সমষ্টিত বিজেপিয়ে ভোটাৰসকলক ভোটপ্ৰদানত বাধা দিয়াৰ অভিযোগ উঠিছে । কংগ্ৰেছে এই অভিযোগ আনিছে (Congress slams BJP for intimidating voters)। বিজেপিৰ মতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ।

Tripura bye election
কংগ্ৰেছ বিজেপিৰ অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি

আগৰতলা,২৩ জুন : ত্ৰিপুৰাত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন (Tripura bye election 2022)। পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি থকা ভোটগ্ৰহণৰ মাজতে দুই এক স্থানত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে (Tension prevails amid polling in Tripura)। আগৰতলা সমষ্টিত বিজেপিয়ে ভোটাৰসকলক ভয়-ভাবুকিৰে ভোট প্ৰদানৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উঠিছে । কংগ্ৰেছৰ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনে বিজেপিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ।

তেওঁ অভিযোগ কৰা মতে, বিজেপিৰ গুণ্ডাবাহিনীয়ে ভোটাৰসকলক ভোটকেন্দ্ৰলৈ যোৱাত বাধা প্ৰদান কৰিছে (Congress slams BJP for intimidating voters)। তেওঁ এই সমগ্ৰ বিষয়টো পশ্চিম জিলাৰ আৰক্ষী অধীক্ষকক অৱগত কৰিছে বুলি উল্লেখ কৰে । তেওঁ অভিযোগ কৰা মতে ভোটাৰসকলক বিজেপি সমৰ্থিত একাংশ গুণ্ডাবাহিনীয়ে বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰিছে । ত্ৰিপুৰা আৰক্ষীৰ এগৰাকী কনিষ্টবলক ছুৰিকাঘাত কৰিছে বুলিও তেওঁ উল্লেখ কৰে (Police personnel stabbed in Agartala)।

ইফালে ৰিটাৰ্ণিং বিষয়াসকলৰ তৰফৰ পৰাও কোনো ধৰণৰ উত্তৰ পোৱা নাই বুলি তেওঁ উল্লেখ কৰে । এই ঘটনাক লজ্জাজনক আখ্যা সুদীপ ৰয় বৰ্মনৰ । ভোটকেন্দ্ৰৰ ভিতৰত পৰিৱেশ সুস্থিৰ যদিও বাহিৰত হে বিজেপিৰ গুণ্ডাবাহিনীৰ সন্ত্ৰাস চলিছে বুলি তেওঁ অভিযোগ কৰে ।

আনহাতে তেওঁ বিজেপিৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ আনিছে । অভিযোগ কৰি তেওঁ কয় যে তেওঁৰ সমষ্টিত বিজেপিয়ে বাহিৰৰ পৰা ৫০০০তকৈও অধিক লোকক সন্ত্ৰাস চলাবলৈ আনিছে । ভোটাৰসকলক আক্ৰমণ কৰাৰ উপৰিও নিৰ্বাচন আয়োগৰ সকলো নিৰ্দেশনা অমান্য কৰিছে । সকলো গণতান্ত্ৰিক ব্যৱস্থা এই ক্ষেত্ৰত বিফল হৈছে তেওঁ বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে ।

ইফালে, ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাইও সুদীপ ৰয় বৰ্মনৰ সমষ্টিত ভোট দান কৰে । ভোটদানৰ অন্তত সুদীপ ৰয় বৰ্মনৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অভিযোগ কৰাটো বিৰোধী দলসমূহৰ অভ্যাস । তেওঁৰ মতে ৰাইজে আনন্দ মনেৰে ভোট দিবলৈ আহিছে ।

জিষ্ণু দেৱ বৰ্মাৰ মতে শান্তিপূৰ্ণভাৱে ৰাইজে ভোটদান কৰিছে । কেৱল উত্তেজনা বৃদ্ধি কৰিবলৈ এনে অভিযোগ কৰা হৈছে । আনহাতে বিৰোধীয়ে জানে যে তেওঁলোক জয়ী হ'ব নোৱাৰে সেয়ে এই ধৰণৰ ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে বুলি উল্লেখ কৰে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই ।

লগতে পঢ়ক :Tripura bye poll: ত্ৰিপুৰাত আৰক্ষীক ছুৰিকাঘাত বিজেপি সমৰ্থকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.