ETV Bharat / bharat

মন্ত্ৰীসভা সম্প্ৰসাৰণ: ৩ ঘণ্টীয়া বৈঠক বিজেপি বিধায়কৰ

author img

By

Published : Jun 26, 2021, 7:47 PM IST

ৰাজ্যিক বিজেপিয়ে বিধানসভা গৃহত এক বিধায়িনী দলৰ বৈঠক আহ্বান কৰে । এই বৈঠকে সকলোকে আচৰিত কৰিছিল যদিও সংসদীয় পৰিক্ৰমা মন্ত্ৰী ৰতনলাল নাথৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিজেপিৰ বেছিভাগ বিসম্বাদী বিধায়ক উপস্থিত থকা নাছিল ।

৩ ঘণ্টীয়া বৈঠক বিজেপি বিধায়কৰ
৩ ঘণ্টীয়া বৈঠক বিজেপি বিধায়কৰ

আগৰতলা, ২৬ জুন : বিজেপিৰ বিসম্বাদী বিজেপি শিবিৰক মূলসূঁতিলৈ অনাৰ বিশেষ প্ৰচেষ্টা অব্যাহত আছে । ত্ৰিপুৰা জনজাতীয় পৰিষদৰ নিৰ্বাচনত(TTAADC) দুৰ্বল প্ৰদৰ্শনৰ পিছত ত্ৰিপুৰা বিজেপিত বিদ্ৰোহ আৰম্ভ হৈছিল । আনকি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰো দৃষ্টিগোচৰ হৈছে এই সমগ্ৰ বিষয় ।

যাৰ বাবে শেহতীয়াকৈ ত্ৰিপুৰা ভ্ৰমণৰ বাবে আহিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (National General Secretary) বি এল সন্তোষ । সম্পাদক গৰাকীৰ আগমনৰ পিছতে আনকি কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকৰো আয়োজন কৰা হৈছিল । বহুতে আশা কৰিছে যে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টোৱে গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিব এই সময়চোৱাত ।

পশ্চিমবংগৰ নিৰ্বাচনত দলটোৰ অৱনতি আৰু ত্ৰিপুৰা জনজাতীয় পৰিষদৰ নিৰ্বাচনত দুৰ্বল প্ৰদৰ্শনৰ পিছত দলটোৰ ভিতৰত বিদ্ৰোহে ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ(Trinamool Congress) পুনৰুত্থানৰ বাবে সম্ভাৱনা প্ৰকট হোৱাৰ লগে লগে কেন্দ্ৰীয় নেতৃত্বই হস্তক্ষেপ কৰাটো অতি প্ৰয়োজন হৈ পৰিছিল ।

সন্তোষ আৰু তেওঁৰ দল দিল্লীলৈ ৰাওনা হোৱাৰ পিছতে কেবিনেটৰ সম্ভাৱ্য সম্প্ৰসাৰণৰ জল্পনা-কল্পনাও বাঢ়ি আহিছিল । সংবাদ মাধ্যমৰ সন্মুখত মুখ নুখুলিলেও একাংশ নেতাই আকৌ এই কথা স্বীকাৰ কৰিছিল । এই সকলোবোৰৰ মাজতে ৰাজ্যিক বিজেপিয়ে বিধানসভা গৃহত এক বিধায়িনী দলৰ বৈঠক আহ্বান কৰে । এই বৈঠকে সকলোকে আচৰিত কৰিছিল যদিও সংসদীয় পৰিক্ৰমা মন্ত্ৰী ৰতনলাল নাথৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিজেপিৰ বেছিভাগ বিসম্বাদী বিধায়ক উপস্থিত থকা নাছিল ।

আনকি এই বৈঠকত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা বৈঠকত উপস্থিত নাছিল । অৱশ্যে, মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীকে ধৰি মুঠ এঘাৰ গৰাকী বিধায়কে বৈঠকত উপস্থিত নথকা প্ৰসংগত কোনো বিধায়কে নিৰ্দিষ্টভাৱে মুখ খোলা নাছিল । বাকী ২৫ গৰাকী বিধায়ক উপস্থিত থকা এই বৈঠক প্ৰায় তিনি ঘণ্টা ধৰি চলিছিল । লক্ষণীয়ভাৱে বৈঠকত কোনবোৰ বিষয় আলোচনা কৰা হৈছে সেই বিষয়েও কোনো এগৰাকী বিধায়কে মন্তব্য নিদিলে ।

মন্ত্ৰী সভা সম্প্ৰসাৰণকলৈ চৰ্চা চলি থকাৰ মাজতে ৩ ঘণ্টীয়া বৈঠক বিজেপি বিধায়কৰ

ত্ৰিপুৰা বিজেপিৰ উপ-সভাপতি তথা বাগমা বিধানসভা সমষ্টিৰ (Bagma Constituency) বিধায়ক ৰামপাদা জামাতিয়াই সম্ভাৱ্য কেবিনেট সম্প্ৰসাৰণৰ (cabinet expansion) বিষয়ে সকলো উৰাবাতৰি বুলি উল্লেখ কৰে । বিজেপি বিধায়ক মিমি মজুমদাৰে(Mimi Majumder) কোৱা মতে বিভক্ত হোৱাৰ বিপৰীতে তেওঁলোকে ঐক্যবদ্ধ হৈ থিয় দিছে । বৈঠকৰ মূল উদ্দেশ্য হৈছে দলটোৰ হৈ ঐক্যবদ্ধভাৱে সকলোৱে কাম কৰা ।

বেলোনিয়াৰ(Belonia) বিজেপি বিধায়ক অৰুণ চন্দ্ৰ ভৌমিকে কোৱা মতে বৈঠকৰ মূল লক্ষ্য হৈছে বিধায়কসকলে যাতে সকলোৰে কাষ চাপিব পৰাৰ লগতে তেওঁলোকৰ নিজ নিজ সমষ্টিত চৰকাৰৰ পৃষ্ঠপোষকতাত কল্যাণমূলক আঁচনিসমূহৰ প্ৰচাৰ কৰিব পাৰে । বিধায়ক সুধাংশু দাসৰ (Sudhangshu Das) মতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ আঁচনিৰ (flagship schemes) সৈতে সম্পৰ্কিত বিভিন্ন বিষয় আলোচনা কৰিছে । আনকি সকলোৱে বৈঠকৰ সময়ত কেবিনেট সম্প্ৰসাৰণৰ সৈতে সম্পৰ্কিত একো আলোচনা কৰা হোৱা নাছিল বুলি একেমুখে স্বীকাৰ কৰিছে । কিন্তু বিশেষ সূত্ৰই জনোৱা মতে অতি শীঘ্ৰে ত্ৰিপুৰাৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন আহিব ।

লগতে পঢ়ক: বিজন ধৰৰ বিৰুদ্ধে চলা তদন্ত ৪ সপ্তাহৰ বাবে স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.