ETV Bharat / bharat

Tripura elections result 2023 : পুৱা 8 বজাৰ পৰা আৰম্ভ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা

author img

By

Published : Mar 2, 2023, 7:32 AM IST

Updated : Mar 2, 2023, 8:51 AM IST

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়া গীটে কিৰণ কুমাৰ দিনকাৰ ৰাওয়ে জানিবলৈ দিয়া অনুসৰি, 2 মাৰ্চত হ’বলগা ভোটগণনাৰ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পুৱা 8 বজাৰ পৰা গণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব (Tripura Assembly elections 2023 result today) । পাঁচৰ পৰা আঠটা ৰাউণ্ডৰ ভিতৰত হ’ব লগা ভোট গণনাৰ ট্ৰেণ্ডসমূহ দুপৰীয়াৰ ভিতৰত আহিবলৈ আৰম্ভ কৰিব ।

Tripura elections result 2023
ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা

3 states live results" class="align-text-top noRightClick twitterSection" data="
3 states live results">
3 states live results

নেশ্যনেল ডেস্ক, 2 মাৰ্চ : ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হ’ব (Tripura Assembly elections 2023 result today) ৷ ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিয়াৰিকৈ সমাপন কৰি দিনটোৰ শেষৰ ভাগলৈ ফলাফল ঘোষণা কৰিবলৈ ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে । বিগত 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ৰাজ্যখনৰ 60 খন আসনৰ বাবে বিধানসভা নিৰ্বাচন৷ য’ত চূড়ান্ত ভোটদানৰ হাৰ আছিল 87.76 শতাংশ ৷

ভোটগণনাৰ প্ৰস্তুতি সম্পৰ্কে উল্লেখ কৰি ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া গীটে কিৰণ কুমাৰ দিনকাৰ ৰাওয়ে (CEO Gitte Kirankumar Dinakarrao) কয় যে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে পুৱা 8 বজাৰ পৰা গণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব (Assembly Election 2023 Vote counting will begin) ।

মুঠতে প্ৰায় পাঁচৰ পৰা আঠটা ৰাউণ্ডৰ ভিতৰত ভোটগণনা হ’ব আৰু দুপৰীয়াৰ ভিতৰত ফলাফলৰ ট্ৰেণ্ডবোৰ আহিবলৈ আৰম্ভ কৰিব । মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে কয় যে, ভোট গণনাৰ সময়চোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি চি আৰ পি চিৰ অধীনত 144 ধাৰা আৰোপ কৰা হৈছে (Section 144 in Tripura) ৷

এই নিৰ্দেশনা অনুসৰি অৱশ্যে 1 মাৰ্চৰ বিয়লি 6 বজাৰ পৰা 3 মাৰ্চৰ পুৱা 6 বজালৈ বলবৎ কৰা হৈছে যদিও অত্যাৱশ্যকীয় সেৱা আৰু পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে । ভোটগণনাৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে ৰাজ্যখনত প্ৰায় 25 হাজাৰ নিৰাপত্তা বাহিনীৰ জোৱান মোতায়ন কৰা হৈছে ।

লগতে পঢ়ক : Election results 2023: পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ত্ৰিপুৰা-মেঘালয়-নাগালেণ্ডৰ ভোটগণনা

আজি ঘোষণা হ’ব লগা এই ফলাফলত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিভিন্ন ৰাজনৈতিক দলৰ 259 গৰাকী প্ৰাৰ্থীৰ (259 candidates from different political parties) ভাগ্য ঘোষণা কৰা হ’ব । এইবাৰৰ নিৰ্বাচনত বিজেপি-আই পি এফ টি, বাঁও মৰ্চা-কংগ্ৰেছৰ মিত্ৰতা আৰু আঞ্চলিক দল টিপ্ৰা মোথাৰ মাজত ত্ৰিকোণীয় যুঁজখন হোৱাৰ সম্ভাৱনাই দেখা গৈছে ।

মুখ্যমন্ত্ৰী মাণিক সাহাই টাউন বৰদোৱালি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে ছেপাহিজালা জিলাৰ ধনপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে সবৰুমৰ আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । এইবাৰৰ নিৰ্বাচনত বাঁওপন্থী আৰু কংগ্ৰেছ দলে একেলগে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ যি হৈছে দুয়োটা ৰাজনৈতিক দলৰ মাজত হোৱা প্ৰথম মিত্ৰতা ।

উল্লেখ্য যে, 2018 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে 36 খন আসন লাভ কৰিছিল আৰু ইয়াৰ মিত্ৰদল আইপিএফটিয়ে 18 টা সমষ্টিত জয় নিশ্চিত কৰিছিল । চি পি আই (এম) নেতৃত্বাধীন বাওঁপন্থী দলটোৱে 16 খন আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছে এখনো আসনত জয়ী হ’বলৈ সক্ষম হোৱা নাছিল ।

লগতে পঢ়ক : Nagaland Assembly Election 2023: নাগালেণ্ডত দ্বিতীয়টো কাৰ্যকালৰ বাবে অপেক্ষা বিজেপি এনডিপিপি মিত্ৰজোঁটৰ

Last Updated : Mar 2, 2023, 8:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.