ETV Bharat / bharat

Election results 2023: পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ত্ৰিপুৰা-মেঘালয়-নাগালেণ্ডৰ ভোটগণনা

author img

By

Published : Mar 2, 2023, 7:06 AM IST

Updated : Mar 2, 2023, 8:55 AM IST

কিছু সময়ৰ পাচতে উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ কৰা হ’ব (Election results 2023) ৷ ইতিমধ্যে সাজু হৈছে তিনিখন ৰাজ্যৰ ভোটগণনা কেন্দ্ৰসমূহ (Assembly Election 2023 Vote counting will begin)৷ অধিক নিৰাপত্তাৰক্ষী মোতায়নৰ জৰিয়তে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷

Election results 2023
ত্ৰিপুৰা মেঘালয় আৰু নাগালেণ্ডৰ ভোটগণনা

3 states live results" class="align-text-top noRightClick twitterSection" data="
3 states live results">
3 states live results

নেশ্যনেল ডেস্ক, 2 মাৰ্চ: উত্তৰ-পূবৰ তিনিখন ৰাজ্য - ত্ৰিপুৰা, মেঘালয়, আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আজি অৰ্থাৎ বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব (Election results 2023) ৷ আৰু কেইটামান মুহূৰ্তৰ পাচতে ভোটগণনা আৰম্ভ হ’ব (Assembly Election 2023 Vote counting will begin) । ইতিমধ্যে সাজু কৰি তোলা হৈছে ভোটগণনাৰ সকলো প্ৰস্তুতি ৷ লগতে পুৱাৰে পৰাই তিনিওখন ৰাজ্যৰ ভোটগণনা কেন্দ্ৰসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

কেইদিনমান পূৰ্বে অৰ্থাৎ বিগত 16 ফেব্ৰুৱাৰীত ত্ৰিপুৰা বিধানসভা নিৰ্বাচন আৰু 27 ফেব্ৰুৱাৰীত মেঘালয় আৰু নাগালেণ্ডত ভোটগ্ৰহণ সম্পন্ন হৈছিল । ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত ক্ৰমে 87.76 শতাংশ, 85.27 শতাংশ, আৰু 85.90 শতাংশ ভোটদান সম্পন্ন হৈছিল ৷ এই আটাইকেইখন ৰাজ্যতে কংগ্ৰেছৰ বিপৰীতে বিজেপি এক শক্তিশালী দল হিচাপে চিহ্নিত হৈছে ৷ সেয়ে উক্ত তিনিওখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ বাবে অধিক প্ৰত্যাশাৰে বাট চাইছে বিজেপি দলটোৱে ৷

লগতে পঢ়ক : Nagaland Assembly Election 2023: নাগালেণ্ডত দ্বিতীয়টো কাৰ্যকালৰ বাবে অপেক্ষা বিজেপি এনডিপিপি মিত্ৰজোঁটৰ

তথ্য অনুসৰি, আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ ভোটগণনা (Vote counting of Nagaland Assembly Election 2023) । প্ৰথমে গণনাৰ বাবে ডাক বেলট লোৱা হ’ব ৷ তাৰ পিচত ইভিএমৰ জৰিয়তে গণনা কৰা হ’ব ভোট । নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইটত আপডেট কৰা হ’ব নিৰ্বাচনী ফলাফলৰ প্ৰতি মূহুৰ্তৰ প্ৰতিটো খবৰ ।

উত্তৰ-পূবৰ ৰাজ্যসমূহত প্ৰথমবাৰৰ বাবে নিৰ্বাচন আয়োগে 60 টা বিধানসভা সমষ্টিৰ প্ৰতিটো সমষ্টিৰ বাবে ভোটগণনা পৰ্যবেক্ষকক নিযুক্তি দিছে । মুখ্য কাৰ্যবাহী বিষয়া গীত্তে কিৰণকুমাৰ দিনাকৰৰাই ঘোষণা কৰে যে সকলো গণনাৰ পৰ্যবেক্ষক হ’ব সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ আই এ এছ বিষয়াসকল ।

উল্লেখ্য যে, মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি ভোটগ্ৰহণ কৰা ইভিএমসমূহ ষ্ট্ৰং ৰুমত সুৰক্ষিতভাৱে ৰখা হৈছিল ৷ নিৰ্বাচন আয়োগে নিযুক্তি দিয়া পৰ্যবেক্ষকৰ উপস্থিতিতহে ভোটগণনা আৰম্ভ কৰা হ’ব । জানিব পৰা মতে, ত্ৰিপুৰাৰ 21 টা হলত গণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব, য’ত তিনি স্তৰৰ নিৰাপত্তাৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে ।

লগতে পঢ়ক : Nagaland Assembly Election 2023: নাগালেণ্ডত নিৰ্বাচনী হিংসা; NPP সমৰ্থকলৈ লক্ষ্য কৰি NPF সমৰ্থকৰ গুলীচালনা

Last Updated : Mar 2, 2023, 8:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.