ETV Bharat / bharat

ত্ৰিপুৰা-বাংলাদেশৰ বাণিজ্যিক সমস্যা গ্ৰহণ কৰিবলৈ সন্মত প্ৰধানমন্ত্ৰী : ত্ৰিপুৰা চৰকাৰ

author img

By

Published : Sep 3, 2022, 8:32 PM IST

Tripura
Tripura

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ ছেপ্টেম্বৰত চুবুৰীয়া দেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে হোৱা বৈঠকত (PM Narendra Modi meeting with Sheikh Hasina) ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত বাণিজ্যিক সমস্যাসমূহ গ্ৰহণ কৰিবলৈ সন্মত হোৱা বুলি জনাইছে ত্ৰিপুৰা চৰকাৰৰ এজন বিষয়াই (Tripura and Bangladesh trade issue) ।

নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ ছেপ্টেম্বৰত চুবুৰীয়া দেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে হোৱা বৈঠকত (PM Narendra Modi meeting with Sheikh Hasina) ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত বাণিজ্যিক সমস্যাসমূহ গ্ৰহণ কৰিবলৈ সন্মত হোৱা বুলি জনাইছে ত্ৰিপুৰা চৰকাৰৰ এজন বিষয়াই (Tripura and Bangladesh trade issue) ।

আগৰতলাত শুকুৰবাৰে সন্ধিয়া অসামৰিক সচিবালয়ত এক সংবাদমেল সম্বোধন কৰি অভিষেক চন্দ্ৰই কয় যে বাংলাদেশ আৰু ত্ৰিপুৰাৰ সৈতে বাণিজ্যৰ পৰিমাণ ১৫৮% বৃদ্ধি পাইছে । যাৰ ফলত ২০১৭-১৮ বিত্তীয় বৰ্ষত ৩৯০.৬৮ কোটি টকাৰ তুলনাত ২০২১-২২ বিত্তীয় বৰ্ষত ১০০৮.৪০ কোটি টকা হৈছে (trade volume with Bangladesh and Tripura increased)।

ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজৰ বাণিজ্যৰ (trade between Tripura and Bangladesh) বিষয়ে প্ৰকাশ কৰা বিষয়াজনে লগতে কয় যে দেশৰ ৰাজ্যখনৰ ধলাই জিলাৰ কমলপুৰ আৰু বাংলাদেশৰ কুৰমাঘাটৰ বাবে আন এখন সীমান্ত হাটৰ (border haat) আধাৰশিলা চলিত বছৰৰ ৩ ফেব্ৰুৱাৰীত ৫.৩০ কোটি টকা ব্যয়েৰে স্থাপন কৰা হৈছে ।

"কোভিডৰ সময়ত কাম বন্ধ ৰখা ত্ৰিপুৰাৰ সীমান্ত হাটৰ (border haats in Tripura) কাম এতিয়াও আৰম্ভ হোৱা নাই । আমি বাংলাদেশ চৰকাৰক অনুগ্ৰহ কৰি বিষয়বোৰ চোৱা-চিতা কৰিবলৈ আৰু বাণিজ্যৰ সমৃদ্ধিৰ বাবে সামগ্ৰী আৰু সেৱাৰ চলাচলৰ অনুমতি দিবলৈ অনুৰোধ জনাইছোঁ । কিন্তু তেওঁলোকে এতিয়াও ইয়াক মুকলি কৰিবলৈ বাকী আছে ।" তেওঁ কয় ।

বিষয়াজনে লগতে জনাইছে যে বাংলাদেশ চৰকাৰে উত্থাপন কৰা আপত্তিৰ বাবে ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বেলোনিয়া উপ-সংমণ্ডলৰ অন্তৰ্গত মুহুৰীঘাটত ইণ্টিগ্ৰেটেড চেক পোষ্টৰ উন্নয়নমূলক কাম-কাজ বন্ধ কৰি দিয়া হৈছে ।

"সেইকাৰণেই আমি ত্ৰিপুৰা-বাংলাদেশৰ মাজৰ বিষয়বোৰ ভাৰত চৰকাৰৰ সৈতে উত্থাপন কৰি আছোঁ, য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চুবুৰীয়া দেশৰ দ্বাৰা উত্থাপিত আপত্তিৰ বাবে বন্ধ হৈ থকা উন্নয়নমূলক কাম-কাজৰ বিষয়বোৰ উত্থাপন কৰিবলৈ সন্মত হৈছে । এই বিষয়বোৰ আমাৰ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মোকাবিলা কৰিবলৈ গৈ আছে । আমাৰ ফালৰ পৰা বহুতো কাম কৰা হৈছে । কিন্তু বাংলাদেশৰ ফালৰ পৰা কামবোৰ বাকী আছে । আমি তেওঁলোকক ভাৰত চৰকাৰৰ সৈতে কৰা চুক্তি অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ " তেওঁ জানিবলৈ দিয়ে ।

ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ চাব্ৰুমক বাংলাদেশৰ চিটাগঙৰ সৈতে সংযোগ কৰা ফেনী নদীৰ ওপৰত মৈত্ৰী সেতুৰে (Maitri Setu over River Feni) যান-বাহন চলাচল সন্দৰ্ভত বিষয়াজনে জানিবলৈ দিয়ে যে বাংলাদেশৰ ফালে কিছুমান কাম বাকী আছে আৰু বিষয়াসকলে আশ্বাস দিছে যে তেওঁলোকে শীঘ্ৰেই অমীমাংসিত কাম সম্পূৰ্ণ কৰিব ।

লগতে পঢ়ক :নীতিশ কুমাৰৰ দুৰ্গত মাৰঘাট: মণিপুৰত গেৰুৱা হ’ল জেডিইউৰ পাঁচ বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.