ETV Bharat / bharat

বাতিল নহয় কৃষি আইন: প্ৰতিবাদ সামৰাৰ আহ্বান নৰেন্দ্ৰ সিং টোমৰৰ

author img

By

Published : Jul 9, 2021, 1:18 PM IST

তিনি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কৃষক সংগঠনসমূহক প্ৰতিবাদ সামৰাৰ আহ্বান কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ ৷ প্ৰতিবাদী কৃষকসকলক আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ কৃষিমন্ত্ৰীগৰাকীৰ ৷ কেন্দ্ৰই কৃষি আইন বাতিল নকৰে মন্তব্য মন্ত্ৰী গৰাকীৰ ৷ সেয়ে অন্য বিকল্প উপায় সন্দৰ্ভত কৃষকসকলক চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ আহ্বান টোমৰৰ ৷

Tomar appeals to farmer unions to end protest, says Government ready for discussions
Tomar appeals to farmer unions to end protest, says Government ready for discussions

নেশ্যনেল ডেস্ক, 9জুলাই: কেন্দ্ৰই বাতিল নকৰে বহু বিতৰ্কিত তিনি কৃষি আইন ৷ কৃষি আইনৰ বিৰুদ্ধে কৃষক সংগঠনসমূহে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে এই ঘোষণা কৰিছে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৷ কেন্দ্ৰই তিনি কৃষি আইন বাতিল নকৰে বুলি জানিবলৈ দি কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰতিবাদী কৃষকসকলক প্ৰতিবাদ সামৰাৰ আহ্বান জনাই তেওঁলোকক চৰকাৰৰ সৈতে বিকল্প উপায় সন্দৰ্ভত আলোচনত মিলিত হ'বৰ বাবে আহ্বান জনায় ৷

প্ৰতিবাদী কৃষকৰ সৈতে চৰকাৰ আলোচনাত বহিবলৈ সাজু আছে বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে লগতে এইবুলিও কয় যে, কৃষি উৎপাদন বজাৰ সমিতি(এপিএমচি) সমূহক অধিক সম্পদ প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হ'ব ৷ সংবাদ মাধ্যমসমূহক টোমৰে এইবুলি কয়, "এপিএমচি(APMC) ১ লাখ কোটি টকাৰ আন্তঃগাঁথনি পুঁজিৰ অংশ হ'ব বুলি কেন্দ্ৰই বাজেটত ঘোষণা কৰিছে ৷ এই পুঁজিৰ সহায়ত এপিএমচি এ ঋণ আৰু সূত ৰেহাইৰ জৰিয়তে লাভান্বিত হ'ব ৷"

লগতে পঢ়ক: দিল্লী গাজিপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত আত্মহত্যা কৃষকৰ

কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে, "চৰকাৰ আলোচনাৰ বাবে সাজু আছে ৷ মই প্ৰতিবাদী কৃষক সংগঠনসমূহক প্ৰতিবাদ সামৰাৰ বাবে আহ্বান জনাব খুজিছো ৷ এপিএমচিক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হ'ব ৷ আত্মনিৰ্ভৰ ভাৰত(Atmanirbhar Bharat)ৰ অধীনত কৃষক আন্তঃগাঁথনি পুঁজি(Farmers Infrastructure Fund )লৈ আৱন্টিত এক লাখ কোটি টকা এপিএমচি এ ব্যৱহাৰ কৰিব পাৰিব ৷ "

লগতে পঢ়ক: কৃষি আইন আৰু কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত জে পি নাড্ডাৰ বৈঠক

নাৰিকল খেতি বৃদ্ধিৰ বাবে নাৰিকল বোৰ্ড আইন(Coconut Board Act) সংশোধন কৰাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে, "নাৰিকল খেতি বৃদ্ধিৰ বাবে আমি নাৰিকল বোৰ্ড আইন সংশোধন কৰি আছো ৷ নাৰিকল বোৰ্ডৰ সভাপতি এজন বে-চৰকাৰী ব্যক্তি হোৱাৰ লগতে তেওঁ কৃষক সম্প্ৰদায়ৰ হ'ব, যিজনৰ পথাৰৰ কাম সন্দৰ্ভত জ্ঞান আছে ৷ "

লগতে পঢ়ক: কৃষকৰ প্ৰতিবাদ সম্পৰ্কত গৃহমন্ত্ৰীৰে মিলিত হ'ব পাঞ্জাৱৰ মুখ্যমন্ত্ৰী

দেওবাৰে সিংঘু সীমান্তত এক বৈঠকৰ পাচতে সংযুক্ত কিষাণ মৰ্চাৰ(এছকেএম)ৰ নেতাসকলে তেওঁলোকৰ আন্দোলন তীব্ৰতৰ কৰাৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে ৷ এছকেএমে কয় যে, কৃষকসকলৰ সংগ্ৰামক সমৰ্থন কৰাৰ লগতে সংসদৰ বৰ্ষকালীন অধিৱেশন যাতে কৃষকসকলৰ সংগ্ৰামৰ কামত আহে সেই উদ্দেশ্যে তেওঁলোকে ১৭ জুলাইত বিৰোধী দলসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিব ৷ প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিটো কৃষক সংগঠনৰ পৰা পাঁচজনকৈ সদস্য মিলি অতি কমেও 200 কৃষকে 22 জুলাইৰ পৰা সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিব ৷

লগতে পঢ়ক: দেশৰ আইন সকলোকে পালনৰ আহ্বান নতুন তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.