ETV Bharat / bharat

TMC promises in Meghalaya: ৫ বছৰত ৩ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি মেঘালয় তৃণমূলৰ

author img

By

Published : Jan 6, 2023, 2:11 PM IST

মেঘালয়ৰ প্ৰধান বিৰোধী দল তৃণমূল কংগ্ৰেছে ৰাজ্যখনত ৩ লাখ চাকৰিৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিছে (Meghalaya election 2023) ৷ 'MYE কাৰ্ড’ৰ যোগেদি ক্ষমতালৈ আহিলে অহা ৫ বছৰত ৩ লাখ চাকৰি দিয়া হ’ব বুলি যুৱক-যুৱতী সকললৈ উদ্দেশ্যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আগবঢ়ায় দলটোৱে (TMC promises 3 lakh jobs if voted to power in Meghalaya)৷ লগতে, ক্ষমতালৈ অহাৰ বাবে ভোটদান কৰিলে মাহিলী ১০০০ টকাৰ ভাট্টা সকলো নিৱনুৱা যুৱক-যুৱতীলৈ আগবঢ়াব বুলি তৃণমূল কংগ্ৰেছৰ ঘোষণা ।

Mamata Banerjee led TMC promise for 3 lakh jobs in next 5 year
মেঘালয়ত 3 লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি

গুৱাহাটী, 6 জানুৱাাৰী : সমাগত বিধানসভা নিৰ্বাচনক লৈ চুবুৰীয়া ৰাজ্য মেঘালয়ত নিৰ্বাচনী ৰণশিঙা বজাইছে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে (Meghalaya election 2023)৷ তাৰ মাজতে চেষ্টাৰ ত্ৰুটি ৰখা নাই মমতা বেনাৰ্জী (CM Mamata Benarjee) নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ৷ এইবাৰ নিৰ্বাচনত জয়লাভ কৰিলে মেঘালয়ত ৩ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছে তৃণমূল কংগ্ৰেছে ৷ বৃহস্পতিবাৰে মেঘালয়ৰ প্ৰধান বিৰোধী দল টিএমচিয়ে ৰাজ্যখনত 3 লাখ চাকৰিৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে (TMC promises 3 lakh jobs if voted to power in Meghalaya)৷

'MYE কাৰ্ড’ৰ যোগেদি ক্ষমতালৈ আহিলে অহা 5 বছৰত 3 লাখ চাকৰি দিয়া হ’ব বুলি যুৱক-যুৱতী সকললৈ উদ্দেশ্যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আগবঢ়াই দলটোৱে (TMC promises in Meghalaya) ৷ লগতে ক্ষমতালৈ অহাৰ বাবে ভোটদান কৰিলে মাহিলী 1000 টকাৰ ভাট্টা সকলো নিৱনুৱা যুৱক-যুৱতীলৈ আগবঢ়াব তৃণমূল কংগ্ৰেছৰ ঘোষণা। তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি চাৰ্লছ পিংগ্ৰ’পে বৃহস্পতিবাৰে ঘোষণা কৰে এই- '5 বছৰত 3 লাখ চাকৰি’ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ।

Mamata Banerjee led TMC promise for 3 lakh jobs in next 5 year
মেঘালয়ত 3 লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি

তেঁও সদৰী কৰে যে এই আঁচনিৰ লক্ষ্য হৈছে এনপিপি নেতৃত্বাধীন এমডিএ চৰকাৰে যোৱা পাঁচ বছৰীয়া শাসনকালত কৰ্মসংস্থাপন সৃষ্টি কৰাত হোৱা ব্যৰ্থতাক উদঙাই সমাধান কৰা। ‘মেঘালয়ৰ নিবনুৱা যুৱক-যুৱতীসকলক কোনো ধৰণৰ চাকৰিৰ সুযোগ সৃষ্টি কৰাত বা আৰ্থিক সাহায্য প্ৰদান কৰাত ব্যৰ্থ হৈছে শাসকীয় এন পি পি আৰু বিজেপি৷ বৰঞ্চ ই তেওঁলোকৰ কান্ধত বোজা বৃদ্ধি কৰিলে।’- এইদৰে অভিযোগ উত্থাপন কৰে টিএমচিৰ মেঘালয়ৰ সভাপতিজনে।

মেঘালয়ৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পিনগ্ৰ’পে লগতে ঘোষণা কৰে যে, ‘21 ৰ পৰা 40 বছৰ বয়সৰ সকলো নিবনুৱাক প্ৰতিমাহে ১০০০ টকাকৈ দিয়া হ’ব।

উল্লেখ কৰিবলগীয়া যে, 2018 চনৰ মেঘালয়ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা টিএমচিয়ে নিশাৰ ভিতৰতে 12 জন কংগ্ৰেছ বিধায়কে টিএমচিত যোগদান কৰাৰ পিছত ৰাজ্যৰ মূল বিৰোধী দল হিচাপে পৰিগণিত হয়। কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত যোৱা বছৰ তৃণমূল কংগ্ৰেছত এই 12 জন কংগ্ৰেছ বিধায়কে যোগদান কৰিছিল ৷

ইফালে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙে বিৰোধী দলৰ নেতা ড৹ মুকুল চাংমা এজন‘এনানায়কত্ববাদী’ বুলি অভিহিত কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুকুল চাংমাই । বিশেষকৈ ইনাৰ লাইন পাৰ্মিট (আই এল পি) কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো উপ- মুখ্যমন্ত্ৰী টাইনছঙে ছাংমাক ভণ্ড বুলি অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ উত্তৰত চাংমাই নিজৰ যুক্তি দি কয় যে তেওঁৰ সহকৰ্মীসকলক জবাবদিহি কৰিবলৈ আৰু অনুশাসন বজাই ৰাখিবলৈ কেতিয়াবা কঠোৰ হ’বলগীয়া হৈছে ৷ প্ৰয়োজন সাপেক্ষে দৃঢ় হৈ থকাৰ বাবে তেওঁৰ কোনো আক্ষেপ নাই বুলি জোৰ দি কয়, কিন্তু গণতান্ত্ৰিক নীতিৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে ৷

তৃণমূলৰ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধীৰ দলপতি ড৹ মুকুল চাংমায়ে (TMC leader Dr Mukul Sangma) দাবী কৰি কয় যে এইবাৰ বিধানসভা নিৰ্বাচনত টিএমচিয়ে বিপুলভাৱে জয়লাভ কৰি মেঘালয়ত চৰকাৰ গঠন কৰিব ৷

লগতে পঢ়ক: New Commissionerate at Khanapara : ৯৫ কোটি টকা ব্যয়েৰে খানাপাৰাত অত্যাধুনিক আৰক্ষী আয়ুক্তৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.