ETV Bharat / bharat

Three state election results: নাগালেণ্ড ত্ৰিপুৰাত পুনৰ গেৰুৱা চৰকাৰ; মচনদত বহিবলৈ মিত্ৰ শক্তিৰ প্ৰয়োজন চাংমাক

author img

By

Published : Mar 2, 2023, 9:13 PM IST

উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্য নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ ত্ৰিপুৰা আৰু নাগালেণ্ডত নিজৰ স্থিতি অটুট ৰাখিবলৈ সক্ষম হ’ল বিজেপি মিত্ৰজোঁট ৷ মেঘালয়ত গঠন হ’ব ওলোমা চৰকাৰ ৷ চৰকাৰ গঠনৰ বাবে আৰু 5 গৰাকী সদস্যৰ প্ৰয়োজন কনৰাড চাংমাক (NE states election results) ৷

Three state election results
NE states election results

নিউজডেস্ক, 2 মাৰ্চ: উত্তৰ-পূবৰ তিনি ৰাজ্য ক্ৰমে নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা সম্পূৰ্ণ হৈছে ৷ নিৰ্বাচনী সমীক্ষাত প্ৰকাশ পোৱাৰ দৰেই নাগালেণ্ড আৰু ত্ৰিপুৰাত ব্যাপক বিজয় সাব্যস্ত কৰিছে বিজেপি দলে ৷ মেঘালয়ত পুনৰ এবাৰ ওলোমা চৰকাৰ গঠন হোৱাতো এক প্ৰকাৰ নিশ্চিহ্ন হৈ পৰিছে ৷ এনপিপি দলে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিব বুলিও বিভিন্ন মহলে দাবী কৰিছে (NE states election results) ৷

ত্ৰিপুৰাৰ নিৰ্বাচনী ফলাফল:

ত্ৰিপুৰাত বিজেপি আৰু ইণ্ডিজেনাচ পিপলচ্ ফ্ৰন্ট অৱ ত্ৰিপুৰা মিত্ৰজোঁটে ৰাজ্যখনত 33 খন লাভ কৰিছে ৷ নতুনকৈ নিৰ্বাচনত নমা টিপ্ৰা মঠা দল, যাক নিৰ্বাচনী সমীক্ষাত কিং মেকাৰ হ’ব বুলি কোৱা হৈছিল, তেওঁলোকে লাভ কৰিছে 13 খন আসন ৷ চিপিআই(এম) দলে 11 খন আসন লাভ কৰাৰ বিপৰীতে তেওঁলোকৰ মিত্ৰ দল ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিছে 3 খন আসন ৷ ত্ৰিপুৰাত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাতো নিশ্চিত হৈছে (Tripura assembly election results 2023) ৷

Three state election results
ত্ৰিপুৰাৰ নিৰ্বাচনী ফলাফল

নাগালেণ্ডৰ নিৰ্বাচনী ফলাফল:

নাগালেণ্ডতো বিজেপি আৰু ইয়াৰ মিত্ৰদল এনডিপিপিয়ে ব্যাপক জনমত লাভ কৰিছে ৷ ৰাজ্যখনত বিজেপি দলে 12 খন আসন লাভ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ এনডিপিপি দলে লাভ কৰিছে 25 খন আসন ৷ ইয়াৰ বিপৰীতে নাগালেণ্ডত এনচিপিয়ে 7 খন, জেডিইউৱে 1 খন, লোক জনশক্তি পাৰ্টী(ৰাম বিলাস), নাগা পিপলচ্ ফ্ৰন্ট, আৰপিআই(আঠৱালে) দলে 2 খনকৈ আসন লাভ কৰিছে ৷ নেচনেল পিপলচ্ পাৰ্টীয়ে লাভ কৰিছে 5 খন আসন আৰু অন্যান্যই লাভ কৰিছে 4 খন ৷ লক্ষ্যনীয়ভাৱে কংগ্ৰেছ দলে নাগালেণ্ডত এখনো আসন পাবলৈ সক্ষম নহ’ল ৷ এতিয়া নাগালেণ্ডত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাতো নিশ্চিত হৈছে (Nagaland assembly election results 2023) ৷

Three state election results
নাগালেণ্ডৰ নিৰ্বাচনী ফলাফল

মেঘালয়ৰ নিৰ্বাচনী ফলাফল:

মেঘালয় বিধানসভা নিৰ্বাচনৰো ফলাফল ঘোষণা সম্পূৰ্ণ হৈছে ৷ কোনো দলেই লাভ নকৰিলে সংখ্যাগৰিষ্ঠতা ৷ শাসনাধিষ্ঠিত এনপিপি দলে 26খন আসন লাভ কৰিবলৈ সক্ষম হৈছে যদিও 60 খন আসন বিশিষ্ট মেঘালয় বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন 31 খন বাব তাতোধিক আসনৰ ৷ এতিয়া যিহেতু এনপিপিয়ে 26 খন আসনহে লাভ কৰিছে, সেয়ে ৰাজ্যখনত ওলোমা চৰকাৰ গঠন হোৱাতো নিশ্চিত হৈ পৰিছে (Meghalaya assembly election results 2023) ৷

Three state election results
ত্ৰিপুৰাৰ নিৰ্বাচনী ফলাফল

লগতে পঢ়ক: Meghalaya polls result: চৰকাৰ গঠনৰ বাবে সহায় বিচাৰি অমিত শ্বাহলৈ চাংমাৰ ফোন !

কিন্তু এইখিনিতে প্ৰশ্ন হ’ব যে, মিত্ৰতাৰ ক্ষেত্ৰত কনৰাড চাংমাৰ পছন্দৰ দল কোন হ’ব ৷ কেৱল বিজেপিৰে মিত্ৰতা কৰি চৰকাৰ গঠন কৰা অসম্ভৱ যদিও কনৰাড চাংমাই বিজেপিৰ সহায় বিচাৰি অমিত শ্বাহলৈ ফোন কৰা বুলি ইতিমধ্যে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে ৷ তাৰোপৰি আন এটা টুইটত ড৹ শৰ্মাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই এনপিপিক সহায় কৰিবলৈ মেঘালয় বিজেপিক পৰামৰ্শ দিয়া বুলি উল্লেখ কৰিছে (NPP to alliance with BJP) ৷

আজি ঘোষণা হোৱা নিৰ্বাচনী ফলাফলত এনপিপি দলে 26 খন, ইউডিপিয়ে 11 খন, তৃণমূল কংগ্ৰেছে 5 খন, ভাৰতীয় জাতীয় কংগ্ৰেছে 5 খন, ভইচ অৱ দ্য পিপল পাৰ্টীয়ে 4 খন আসন লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে বিজেপি, এইছ এছ পি ডি পি, পিডিএফ আৰু অন্যান্যই 2 খনকৈ আসন লাভ কৰিছে ৷ মেঘালয়ত মুঠ আসনৰ সংখ্যা 60 খন যদিও 59 খনতহে নিৰ্বাচন অনুষ্ঠিত হয় ৷ ছ’হিয়ং সমষ্টিৰ ইউডিপি প্ৰাৰ্থী এইছ ডি আৰ লিংডোৰ মৃত্যুৰ বাবে সমষ্টিটোত নিৰ্বাচন স্থগিত ৰখা হয় (Hanging govt in Meghalaya) ৷

এতিয়া প্ৰশ্ন হ’ল মেঘালয়ত মিত্ৰতা কাৰ কাৰ মাজত হ’ব ? 2018 চনত 34 জনীয়া তালিকা চৰকাৰ গঠনৰ বাবে ৰাজ্যপাললৈ প্ৰেৰণ কৰিছিল কনৰাড চাংমাই ৷ ইয়াৰ ভিতৰত এনপিপিৰ 19 গৰাকী, ইউডিপিৰ 6 গৰাকী, পিডিএফৰ 4 গৰাকী, এইছ পি ডি পি আৰু বিজেপিৰ 2 গৰাকীকৈ সদস্য আছিল ৷ কিন্তু শেহতীয়াকৈ বিজেপিৰ সৈতে মিত্ৰতা ভংগ হৈছিল এনপিপিৰ ৷ সেয়ে এইবাৰ দুয়োটা দলেই পৃথকে পৃথকে নিৰ্বাচন খেলা পৰিলক্ষিত হয় (Meghalaya election updates) ৷

লগতে পঢ়ক: Nagaland Elections Results: মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ জয়লাভ; টেমজেন ইমনা আলঙে সাব্যস্ত কৰিলে নিজৰ বিজয়

এতিয়া পুনৰ চৰকাৰ গঠনৰ বাবে কনৰাড চাংমাই কাষত কাক কাক বহুৱাই সেয়া লক্ষ্যনীয় হৈ পৰিছে ৷ বিজেপি দল মেঘালয় চৰকাৰৰ অংশীদাৰ হোৱাতো নিশ্চিত হৈছে যদিও আৰু 3 খন আসনৰ প্ৰয়োজন হ’ব এনপিপিক ৷ গতিকে পূৰ্বৰ মিত্ৰ দল ইউডিপি, পিডিএফ বা এইছ পি ডি পি কোনো এটা দলৰ সহায় ল’ব লাগিব কনৰাড চাংমাই ৷ ইয়াৰ ভিতৰত দেখা গৈছে যে, এইবাৰ ইউডিপিৰ হাতলৈ গৈছে 11 খন আসন ৷ বাকী দুটা দলে লাভ কৰিছে 2 খনকৈ আসন ৷ গতিকে এই ক্ষেত্ৰত ইউডিপিৰ সৈতে মিত্ৰতা কৰাৰ সম্ভাৱনা অধিক আছে ৷ কিন্তু চাংমাই কি সিদ্ধান্ত লয় সেয়া দুই এদিনতে স্পষ্ট হৈ পৰিব (Meghalaya govt alliance parties) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.