ETV Bharat / bharat

Kejriwal on CBI summons: মই যদি দুৰ্নীতিগ্ৰস্ত হয় তেন্তে এই পৃথিৱীত সৎ কোনো নাই: কেজৰিৱাল

author img

By

Published : Apr 16, 2023, 11:43 AM IST

Updated : Apr 16, 2023, 11:50 AM IST

Kejriwal on CBI summons
চিবিআই কাৰ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বে কেজৰিৱালৰ ভিডিঅ' বাৰ্তা

দিল্লীৰ নতুন আবকাৰী নীতি কেলেংকাৰী গোচৰত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে চিবিআইয়ে চমন জাৰি কৰিছে । দেওবাৰে চিবিআই কাৰ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বে এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে কেজৰিৱালে (Kejriwal to CBI office)। পুনৰবাৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰীৰ ।

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : দেওবাৰে অৰ্থাৎ আজি চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Delhi CM Kejriwal at CBI office)। তাৰ পূৰ্বে কেজৰিৱালে টুইটাৰত প্ৰকাশ কৰিলে এটা বিশেষ ভিডিঅ' বাৰ্তা । ভিডিঅ' বাৰ্তাত কেজৰিৱালে কয় যে কেন্দ্ৰত থকা বিজেপিয়ে নিৰ্দেশ দিলে চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব । পুৱাই মুকলি কৰা এটা ভিডিঅ' বাৰ্তাত কেজৰিৱালে কয় যে চিবিআইয়ে তেওঁক মাতিছে আৰু তেওঁ নিশ্চিতভাৱে যাব ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে তেওঁলোক অতি শক্তিশালী, তেওঁলোকে যিকোনো লোককে কাৰাগাৰলৈ প্ৰেৰণ কৰিব পাৰে । যদি বিজেপিয়ে চিবিআইক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে, তেন্তে চিবিআইয়ে নিশ্চিতভাৱে সেই নিৰ্দেশনা পালন কৰিব বুলিও তেওঁ কয় । তেওঁ লগতে কয় যে বিজেপিয়ে তেওঁক দুৰ্নীতিগ্ৰস্ত বুলি কৈছে । কেজৰিৱালে কয় যে তেওঁ আয়কৰ বিভাগৰ এগৰাকী আয়ুক্ত আছিল, তেওঁ বিচাৰিলে কোটি টকা উপাৰ্জন কৰিব পাৰিলোহেঁতেন । তেওঁ দাবী কৰে যে যদি অৰবিন্দ কেজৰিৱাল দুৰ্নীতিগ্ৰস্ত হয় তেন্তে এই পৃথিৱীত সৎ কোনো নাই (Kejriwal video message on CBI summons)।

  • #WATCH | You (BJP) say that I am corrupt. I was a Commissioner in the Income Tax department, I could have earned crores if I wanted to. If Arvind Kejriwal is corrupt then there is no one in this world who is honest: Delhi CM Arvind Kejriwal pic.twitter.com/ai3BW5ZKJz

    — ANI (@ANI) April 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে কেজৰিৱালক দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত চিবিআইয়ে তলব কৰিছিল (CBI summons Kejriwal)। সোধা-পোছাৰ বাবে দেওবাৰে চিবিআইৰ সন্মুখত তেওঁ হাজিৰ হ'ব । ইফালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে দেওবাৰে কেজৰিৱালৰ সৈতে চিবিআই কাৰ্যালয়লৈ যাব । সেই সময়ত কেজৰিৱালৰ কেবিনেট মন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ (আপ) সকলো সাংসদেও তেওঁৰ সৈতে চিবিআই কাৰ্যালয়লৈ যাব । সূত্ৰৰ মতে দেওবাৰে চিবিআই কাৰ্যালয়ত দলৰ মুৰব্বী কেজৰিৱালক সোধা-পোছাৰ সময়ত আম আদমী পাৰ্টীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰতিবাদ সাব্যস্ত কৰিব ।

ইফালে কেজৰিৱালে টুইট কৰি কয় যে তেওঁ চিবিআই আৰু ইডি বিষয়াসকলৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়া আৰু আদালতত মিছা প্ৰমাণ দাখিল কৰাৰ বাবে উপযুক্ত গোচৰ ৰুজু কৰিব । কেজৰিৱালে দাবী কৰিছিল যে তেওঁ পূৰ্বৰে পৰা জানিছিল যে দিল্লী বিধানসভাত দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱাৰ দিনৰ পৰাই চিবিআইয়ে তেওঁলোকৰ ওপৰত নজৰ ৰাখিছে ।

লগতে পঢ়ক :Delhi liquor policy case: আবকাৰী কেলেংকাৰী গোচৰত CBI কাৰ্যালয়লৈ অৰবিন্দ কেজৰিৱাল

Last Updated :Apr 16, 2023, 11:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.