ETV Bharat / bharat

Delhi liquor policy case: আবকাৰী কেলেংকাৰী গোচৰত CBI কাৰ্যালয়লৈ অৰবিন্দ কেজৰিৱাল

author img

By

Published : Apr 16, 2023, 9:26 AM IST

Delhi CM Kejriwal at CBI headquarter today
CBI কাৰ্যালয়লৈ অৰবিন্দ কেজৰিৱাল

আজি CBI ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(Delhi CM Kejriwal at CBI headquarter today) । ফেডাৰেল এজেন্সিত হাজিৰ হোৱা সময়ত কেজৰিৱালক সংগ দিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান তথা কেবিনেট মন্ত্ৰীসকলে ।

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল: দিল্লীৰ আবকাৰী কেলেংকাৰীৰ গোচৰত আজি CBৰI(Central Bureau of Investigation ) সন্মুখত হাজিৰ হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Delhi CM Kejriwal at CBI headquarter today) । ফেডাৰেল এজেন্সিত হাজিৰ হোৱা সময়ত কেজৰিৱালক সংগ দিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান তথা কেবিনেট মন্ত্ৰীসকলে । তদন্তকাৰী দলটোৱে সোধা-পোছাৰ বাবে কেজৰিৱালক দেওবাৰে পুৱা ১১ বজাত সংস্থাটোৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে ।

এই সন্দৰ্ভত দিনটোৰ আৰম্ভণিতে কেজৰিৱালে কয় যে তেওঁ আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত চিবিআইৰ সন্মুখত হাজিৰ হ'ব আৰু দৃঢ়তাৰে কয় যে যদি তেওঁ "দুৰ্নীতিগ্ৰস্ত" হয়, তেন্তে পৃথিৱীৰ কোনোৱেই "সৎ" নহয় (Delhi liquor policy case) । শনিবাৰে এখন সংবাদমেলযোগে কেজৰিৱালে কয় যে, যদি বিজেপিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ চিবিআইক নিৰ্দেশ দিছে, তেন্তে চিবিআইয়ে স্পষ্টভাৱে তেওঁলোকৰ নিৰ্দেশনা অনুসৰণ কৰিব (CBI remand of Kejriwal) ।

  • अब आप जो मर्ज़ी कर लीजिए। अब आप रोक नहीं पायेंगे। अब भारत दुनिया का नंबर वन देश बन के रहेगा। pic.twitter.com/xLBloVKg7o

    — Arvind Kejriwal (@ArvindKejriwal) April 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পিচত টুইটাৰযোগে কেজৰিৱালে কয় যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো আৰু প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব । AAP য়ে চিবিআই আৰু ইডি বিষয়াসকলৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়া আৰু আদালতত মিছা প্ৰমাণ দাখিল কৰাৰ বাবে উপযুক্ত গোচৰ ৰুজু কৰিব বুলিও উল্লেখ কৰে । চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বে কেজৰিৱালে ৰাজঘাট ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । আনহাতে কেজৰিৱাললৈ চিবিআইৰ চমনৰ বিৰুদ্ধে AAPয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰো পৰিকল্পনা কৰিছে বুলি জানিবপৰা গৈছে ।

উল্লেখ্য যে, দিল্লীত আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত অনিয়মৰ অভিযোগৰ ভিত্তিত ইডি আৰু চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল মনীষ চিছোদিয়াক ৷ চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল ৷ ৯ মাৰ্চত তিহাৰ কাৰাগাৰত কেইবা ঘণ্টাধৰি সোধা-পোছাৰ পিচত ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । ইডি আৰু চিবিআইয়ে আবকাৰী নীতি সংশোধন কৰোঁতে অনিয়ম কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল । অনুজ্ঞাপত্ৰ ধাৰকসকলক অযথা অনুগ্ৰহ প্ৰদান কৰা হৈছিল, অনুজ্ঞাপত্ৰ মাচুল মাফ কৰা হৈছিল বা হ্ৰাস কৰা হৈছিল আৰু কৰ্তৃপক্ষৰ অনুমোদন অবিহনে L-1 অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক: Atiq Murder case: মাফিয়া আতিকৰ বিৰুদ্ধে আছিল শতাধিক গোচৰ আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.