ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ পুঞ্চত সেনাবাহিনীৰ বাহনত সন্ত্ৰাসবাদীৰ এম্বুছ : 4 জন জোৱান শ্বহীদ

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:49 PM IST

Terrorist Attack at Army Vehicle in Poonch
সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ 4 জোৱান

Terrorist attack in Poonch: জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাবাহিনীৰ দুখন বাহনত অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ আক্ৰমণ ৷ চাৰিজন জোৱান নিহত হোৱাৰ লগতে কেইবাজনো জোৱান আহত হয় ৷

নিউজ ডেস্ক, 21 ডিচেম্বৰ : জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী জিলাত সন্ত্ৰাসবাদীৰ আন এক ঘাতক আক্ৰমণ ৷ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাবাহিনীৰ দুখন বাহনত অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাত চাৰিজন জোৱান নিহত হোৱাৰ লগতে কেইবাজনো জোৱান আহত হয় ৷

আবেলি প্ৰায় 3.45 বজাত সুৰনকোটে থানাৰ অধীনস্থ ধেৰা কি গলি আৰু বুফ্লিয়াজৰ মাজৰ ধেৰাকী গালি আৰু বুফ্লিয়াজৰ পথত কৰ্ডন-এণ্ড-চাৰ্চ অভিযানৰ স্থানলৈ লৈ যোৱা বাহনসমূহ প্ৰচণ্ড গুলীচালনাৰ সন্মুখীন হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে ৷ জম্মুস্থিত প্ৰতিৰক্ষা বিভাগৰ পি আৰ অ’ লেফটেনেণ্ট কৰ্ণেল সুনীল বৰতোৱালে কয় যে পুঞ্চ জিলাৰ থানামণ্ডি-সুৰানকোটে অঞ্চলৰ ধেৰা কি গলি অঞ্চলত বুধবাৰে নিশা সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ খবৰৰ ভিত্তিত যৌথ অনুসন্ধান অভিযান আৰম্ভ কৰা হয় আৰু তাৰ পিছত তাত এক সংঘৰ্ষৰ সৃষ্টি হয় ৷

অতিৰিক্ত বাহিনী ঠাইখনলৈ যোৱাৰ লগে লগে সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ বাহনসমূহৰ ওপৰত গুলীচালনা কৰে ৷ প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে, এই আক্ৰমণত সেনা জোৱান সকলে দ্ৰুততাৰে প্ৰত্যাক্ৰমণ কৰে ৷ অব্যাহত থকা অভিযানত চাৰিজন জোৱান নিহত হোৱাৰ লগতে 3 জন আহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে ৷ বৰ্তমান অভিযান চলি আছে বুলিও তেওঁলোকে লগতে কয় ৷

অভিযান অব্যাহত থকাৰ লগে লগে কৰ্তৃপক্ষই অধিক তথ্য সংগ্ৰহ আৰু অঞ্চলটোত সন্ত্ৰাসবাদীয়ে সৃষ্টি কৰা ভাবুকিৰ অন্ত পেলোৱাৰ বাবে কঠোৰভাৱে কাম কৰি আছে ৷ নিকটৱৰ্তী ৰাজৌৰী জিলাৰ বাজিমাল বনাঞ্চলৰ ধৰমশাল বেল্টত সংঘটিত হোৱা এক সংঘৰ্ষত যোৱা মাহত দুজন কেপ্তেইনকে ধৰি সেনাবাহিনীৰ পাঁচজন জোৱানৰ মৃত্যু হোৱাৰ কেইসপ্তাহমানৰ পিছতে এই এম্বুছটো সংঘটিত হয় ৷

নৱেম্বৰ মাহত দুদিন ধৰি চলা এক গুলীয়াগুলীত 10 জন সাধাৰণ নাগৰিক আৰু 5 জন সেনা জোৱানক হত্যা কৰাকে ধৰি কেইবাটাও আক্ৰমণৰ মাষ্টাৰমাইণ্ড, পাকিস্তানস্থিত লস্কৰ-ই-তৈবা কোৱাৰীৰ এজন শীৰ্ষ অধিনায়ক আৰু তেওঁৰ সহযোগী নিহত হৈছিল ৷ ৰাজৌৰী আৰু পুঞ্চ জিলাৰ সীমান্তত ধেৰা কি গলি আৰু বুফ্লিয়াজৰ মাজৰ অংশটো ঘন বনাঞ্চলৰ পৰা চমৰেৰ বনাঞ্চল আৰু তাৰ পিছত ভাটা ধুৰিয়ান বনাঞ্চললৈ যায়, য’ত চলিত বৰ্ষৰ 20 এপ্ৰিলত সেনাবাহিনীৰ এখন বাহনত কৰা এম্বুছত পাঁচজন জোৱান নিহত হয় ৷

মে’ মাহত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত চামৰেৰ বনাঞ্চলত সেনাবাহিনীৰ আৰু পাঁচজন জোৱান নিহত হোৱাৰ লগতে এজন মেজৰ ৰেংক বিষয়া আহত হৈছিল ৷ এই অভিযানত এটা বিদেশী সন্ত্ৰাসবাদীও নিহত হয় ৷ এই বছৰ ৰাজৌৰী, পুঞ্চ আৰু ৰিয়াছি জিলাত ধাৰাবাহিকভাৱে সংঘৰ্ষৰ সাক্ষী হৈছিল য’ত এতিয়ালৈকে 19 জন নিৰাপত্তাৰক্ষী আৰু 28 টা সন্ত্ৰাসবাদীকে ধৰি 54 জন লোকৰ মৃত্যু হৈছে বুলি বিষয়াসকলে কয় আৰু হিংসাৰ বৃদ্ধিৰ কাৰণ “সীমান্তৰ সিপাৰৰ পৰা হোৱা হতাশজনক প্ৰচেষ্টা” বুলি কয় তেওঁলোকে ৷

আনহাতে ৰাজৌৰীত 10 টা সন্ত্ৰাসবাদী আৰু 14 জন নিৰাপত্তাৰক্ষীকে ধৰি 31 জন লোক নিহত হোৱাৰ বিপৰীতে পুঞ্চ জিলাত 14 টা সন্ত্ৰাসবাদী আৰু 5 জন নিৰাপত্তাৰক্ষী নিহত হয় ৷ ৰিয়াছি জিলাত তিনিটা সন্ত্ৰাসবাদী নিহত হয় ৷ সীমান্তৰ এই পাৰে গোপনে সোমাবলৈ চেষ্টা কৰাৰ সময়তে অধিকাংশ সন্ত্ৰাসবাদী নিহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Year-ender 2023: ৩৭০ নং অনুচ্ছেদৰ পৰা সমলিংগীয় বিবাহলৈকে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়সমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.