ETV Bharat / bharat

Difficulty of Digital Loans : ডিজিটেল ঋণৰ বাবে খৰখেদা নকৰিব, পৰিব পাৰে বিপদত

author img

By

Published : Jan 7, 2023, 12:20 PM IST

digital loan
digital loan

পূৰ্বতে আপোনাৰ বেংকৰ পৰা ব্যক্তিগত ঋণ লোৱাৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। তাৰ বিপৰীতে বৰ্তমান তৎক্ষণাৎ ডিজিটেল ঋণ (digital loans) লাভ কৰে । কিন্তু খৰখেদাকৈ ডিজিটেল ব্যক্তিগত ঋণ ল'লে আপোনাক সমস্যাত পেলাব (problems in digital personal loans) । এই কথা বিত্তীয় বিশেষজ্ঞসকলৰ । ডিজিটেল ঋণ প্ৰদান মঞ্চৰ পৰা এটা প্ৰস্তাৱ লাভ কৰাৰ পূৰ্বে আপুনি কি কি কাৰক বিবেচনা কৰিব লাগিব এবাৰ চাওঁ আহক ।

নিউজ ডেস্ক, ৭ জানুৱাৰী : অতীজত ব্যক্তিগত ঋণ লোৱাৰ ক্ষেত্ৰত আপুন বহুতো অসুবিধাৰ সন্মুখীন হৈছিল (hassles in personal loan) । কিন্তু বৰ্তমান সেইবোৰ নাটকীয়ভাৱে সলনি হৈছে । ডিজিটেল প্লেটফৰ্মে তৎক্ষণাৎ আৰু যথেষ্ট সহজভাৱে ডিজিটেল ঋণ (digital loans) দি আছে । যাৰ বাবে হয়তো আপুনি ভাল বা বেয়া একো বিবেচনা নকৰাকৈয়ে ডিজিটেল ঋণ লোৱাৰ কথা বিবেচনা কৰিব পাৰে । যিয়ে আপোনাক বহু পৰিমাণে মূল্য ভৰাব পাৰে । ডিজিটেল ঋণদাতাৰ ওচৰলৈ যোৱাৰ আগতে আপুনি কি কি দিশ বিবেচনা কৰিব লাগিব এবাৰ জানি লওক ।

প্ৰায়ে আপুনি নিবিচৰাকৈয়ে ডিজিটেল ঋণৰ অফাৰ দিয়া হয় । আপোনাৰ বেঙ্কৰ সৈতে শাৰীৰিকভাৱে বা সোঁশৰীৰে গৈ লেনদেন কৰোঁতে আপোনাৰ যথেষ্ট সময় লোৱা আবেদন আৰু নথিপত্ৰৰ কোনো প্ৰয়োজন নাই । তদুপৰি, আপোনাৰ ঋণ মঞ্জুৰ কৰা হৈছেনে নাই সেয়া জানিবলৈ একেৰাহে কেইবাদিনো অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই । আপুনি আগতীয়াকৈ জানিব পাৰিব যে আপুনি কিমান ঋণ পাব । নতুন প্ৰজন্মৰ 'ফিনটেক' (fintech) কোম্পানীবোৰে ঋণ দিয়াত জোৰদাৰভাৱে প্ৰতিযোগিতা কৰি আছে ।

'ডিজিটেল ঋণ'ত (Digital lending) অনলাইন ৱেবছাইট বা এপৰ জৰিয়তে ব্যক্তিগত ঋণ ল'ব (personal loans through online websites or apps) পৰা যায় । ফিনটেক ষ্টাৰ্ট-আপবোৰে মুখ্যত এই ঋণবোৰ আগবঢ়ায় । মিনিটৰ ভিতৰতে ঋণ লওঁতাৰ একাউণ্টত ধন জমা কৰা হয় । বিত্তীয় বিশেষজ্ঞসকলে (Financial experts) কয় যে যদি আপুনি যদি এনেধৰণৰ ঋণ খৰখেদাকৈ লয় তেন্তে আপুনি পিছত কিছুমান সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত । loan apps-ৰ পৰা হাৰাশাস্তিৰ সন্মুখীন হোৱা ঋণ লওঁতাসকলৰ বিষয়ে মাজে সময়ে বিভিন্ন প্ৰতিবেদন প্ৰকাশ পাইছে ।

ব্যক্তিগত ঋণ লোৱাৰ সিদ্ধান্ত লোৱাৰ আগতে সাৱধানে চিন্তা কৰাটো গুৰুত্বপূৰ্ণ । প্ৰথমে আপুনি কিমান পৰিমাণৰ ঋণৰ প্ৰয়োজন সেয়া মূল্যায়ন কৰা উচিত । তাৰ পিছত ল'বলগা ঋণৰ পৰিমাণ নিৰ্ণয় কৰক । ঋণ লোৱাৰ সময়ত অন্তৰ্ভুক্ত ব্যয়ৰ বিষয়ে অৱগত হোৱা উচিত । প্ৰচেছিং মাচুল, আগধন, বিলম্বিত পৰিশোধ মাচুল চাই লওক । যদি এই ব্যয়বোৰ বৃদ্ধি হয় তেন্তে আপোনাৰ ঋণৰ পৰিমাণ হ্ৰাস হ'ব ।

ব্যক্তিগত ঋণ লোৱাৰ সময়ত মনত ৰাখিবলগীয়া আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল কিস্তিবোৰ আপোনাৰ মুঠ উপাৰ্জনৰ 40 শতাংশতকৈ অধিক হ'ব নালাগে । যদি কিস্তিৰ পৰিমাণ বৃদ্ধি হয় তেন্তে ই আপোনাৰ বিত্তীয় লক্ষ্য লাভ কৰাৰ প্ৰচেষ্টাত বাধা দিয়ে । ব্যক্তিগত ঋণৰ বাবে আবেদন কৰাৰ আগতে নিশ্চিত কৰিব যে আপোনাৰ ক্ৰেডিট স্ক'ৰ (credit score) ভাল । ক্ৰেডিট স্ক'ৰ নিৰ্ভৰ কৰে আপোনাৰ চলি থকা বা পূৰ্বৱৰ্তী ঋণত আপোনাৰ পৰিশোধৰ ৰেকৰ্ডৰ ওপৰত ।

এটা ভাল ক্ৰেডিট স্ক'ৰ ৭৫০-ৰ ওপৰত হ'ব লাগে । ইয়াতকৈ কম ক্ৰেডিট স্ক'ৰে ঋণ পোৱাটো কঠিন কৰি তুলিব । কিছুমান ক্ষেত্ৰত ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানবোৰে উচ্চ সুতৰ হাৰ আদায় কৰে । কিস্তিবোৰ সময়মতে পৰিশোধ কৰা আৰু সামান্য পৰিমাণৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিলে ক্ৰেডিট স্ক'ৰ বৃদ্ধি কৰিব পাৰে ।

ঋণদাতা বাছনি কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব । শেহতীয়াভাৱে কিছুমান কোম্পানী কেলেংকাৰীত নিমজ্জিত হৈ পৰিছে । যেতিয়া আমি আমাৰ ব্যক্তিগত তথ্য প্ৰদান কৰোঁ, তেতিয়া এনে সংগঠনবোৰে ইয়াৰ অপব্যৱহাৰ কৰিব পাৰে । যদি আমাৰ ব্যক্তিগত তথ্য ভুল লোকৰ হাতত পৰে, তেওঁলোকে আপোনাৰ প্ৰমাণ-পত্ৰৰ সৈতে প্ৰৱঞ্চনা কৰিব পাৰে । সেয়েহে আগতীয়াকৈ সকলো সাৱধানতা অৱলম্বন কৰিব । সুৰক্ষিতভাৱে চলিবলৈ সদায়ে RBI অনুমোদিত প্ৰতিষ্ঠানবোৰৰ পৰা ঋণ ল'ব ।

লগতে পঢ়ক :Credit Card Impact : ক্ৰেডিট কাৰ্ডে প্ৰভাৱিত কৰিব পাৰে Credit History

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.