ETV Bharat / bharat

Credit Card Impact : ক্ৰেডিট কাৰ্ডে প্ৰভাৱিত কৰিব পাৰে Credit History

author img

By

Published : Jan 5, 2023, 5:20 PM IST

credit card
credit card

সৰ্বাধিক লাভালাভ আহৰণ কৰিবলৈ আমি আমাৰ ক্ৰেডিট কাৰ্ডৰ প্ৰতি নিৰন্তৰ মনোযোগ দিব লাগে । সৰ্বাধিক ক্ৰেডিট সীমা লওক তাত কোনো কথা নাই, কিন্তু ইয়াক নিম্নতম পৰ্যায়ত ব্যৱহাৰ কৰক । নিম্ন ঋণ ব্যৱহাৰ অনুপাত, দীৰ্ঘম্যাদী সময়ৰ বাবে আপোনাৰ প্ৰথম ক্ৰেডিট কাৰ্ড ব্যৱহাৰ ইত্যাদিয়ে আপোনাৰ ক্ৰেডিট ৰিপোৰ্টত ইতিবাচক প্ৰভাৱ পেলাব । আপোনাক নিম্ন ক্ৰেডিট সীমা প্ৰদান কৰা কাৰ্ডসমূহ বাতিল কৰক (Credit Card Impact on Credit History)।

নিউজ ডেস্ক, ৫ জানুৱাৰী : বৰ্তমান বিশ্ব হৈছে ডিজিটেল বিশ্ব । এই ডিজিটেলাইজড বিশ্বত (digitalised world) ক্ৰেডিট কাৰ্ড হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাবোৰৰ ভিতৰত অন্যতম এটা । সেয়ে আমি আমাৰ ক্ৰেডিট কাৰ্ড (credit card) সম্পৰ্কীয় সকলো দিশৰ প্ৰতি নিৰন্তৰ মনোযোগ দিব লাগে । আনকি ক্ৰেডিট কাৰ্ড ব্লক কৰা বা বাতিল কৰাৰো যত্ন ল'ব লাগিব । যদি আপুনি ভাল ক্ৰেডিট স্ক'ৰ লাভ কৰিছে, তেন্তে বেঙ্কবোৰে এই কাৰ্ডবোৰ আগবঢ়ায় । যদি আপোনাৰ প্ৰয়োজনতকৈ অধিক এনে কাৰ্ড থাকে, তেন্তে যিমান সম্ভৱ কম ক্ৰেডিট সীমা (credit limit) থকা কাৰ্ডবোৰ পৰিহাৰ কৰক ।

বেঙ্কবোৰে সময়ে সময়ে আপোনাৰ সৰ্বাধিক ঋণৰ সীমা (maximum credit limit) বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । এই সুযোগটো সৰ্বাধিক সম্ভৱ পৰিমাণে ব্যৱহাৰ কৰক । ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি অত্যধিক ব্যয় কৰিব পাৰে । এইটো হৈছে আপোনাৰ ঋণ ব্যৱহাৰৰ অনুপাত (debt utilization ratio) কম কৰি ৰখা । ধৰি লওক আপোনাৰ ওচৰত 70,000 টকাৰ সীমাৰ সৈতে ক্ৰেডিট কাৰ্ড আছে । যদি আপুনি 7,000 টকা ব্যয় কৰে, ক্ৰেডিট ব্যৱহাৰ 10 হয় । 20,000 টকাৰ সীমা থকা কাৰ্ড এখনত যদি আপুনি 2,000 টকাও ব্যৱহাৰ কৰে তেন্তে ই 10 শতাংশৰ একে ব্যৱহাৰত উপনীত হ'ব ।

নিম্ন সীমা থকা কাৰ্ডে আপোনাৰ ঋণ ব্যৱহাৰৰ অনুপাত বৃদ্ধি কৰিব পাৰে । ই আপোনাৰ ক্ৰেডিট স্ক'ৰ (credit score) প্ৰভাৱিত কৰে । সেয়েহে যেতিয়া আপোনাৰ দুখন বা তিনিখন ক্ৰেডিট কাৰ্ড থাকে, তেতিয়া নিম্ন সীমাৰ কাৰ্ডখন বাতিল কৰক । আপোনাৰ প্ৰতিখন কাৰ্ডত ক্ৰেডিট সীমাৰ ব্যৱহাৰৰ ওপৰত নজৰ ৰখাটো অতি গুৰুত্বপূৰ্ণ । সৰ্বাধিক সম্ভৱ ক্ৰেডিট সীমা আৰু নিম্নতম ব্যৱহাৰ অনুপাতৰ সৈতে এখন কাৰ্ড থকাটো ভাল ।

আপুনি লোৱা প্ৰথম ক্ৰেডিট কাৰ্ডখন হৈছে এটা ভাল ক্ৰেডিট স্ক'ৰ বৰ্তাই ৰাখিবলৈ আপোনাৰ সৰ্বশ্ৰেষ্ঠ উপায় । যিমান সম্ভৱ ইয়াক অব্যাহত ৰাখিব । যিহেতু আপুনি দীঘলীয়া সময়ৰ বাবে ব্যৱহাৰ কৰি আছে, আপোনাৰ credit history আৰু ক্ৰেডিট স্ক'ৰ ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব । ইয়াক বাতিল কৰিলে নেতিবাচক প্ৰভাৱ পৰিব । নতুনকৈ লোৱা কাৰ্ডবোৰ বাতিল কৰাত কোনো ডাঙৰ সমস্যা নাই । বেঙ্কক আটাইতকৈ পুৰণি কাৰ্ডৰ বাবে যিমান সম্ভৱ সীমা বৃদ্ধি কৰিবলৈ কওক । বাৰ্ষিক মাচুল হ্ৰাস কৰিবলৈ কওক, যদিহে ই উচ্চ হয় ।

কাৰ্ড এখন বাতিল কৰাৰ আগতে সকলো reward point ব্যৱহাৰ কৰক । বেছিভাগ মানুহে এই reward points-বোৰৰ প্ৰতি মনোযোগ নিদিয়ে (credit card reward points) । ইয়াত হাজাৰ হাজাৰ পইণ্ট থাকিব পাৰে । যিকোনো ক্ৰয়ৰ বাবে এই সকলোবোৰ ব্যৱহাৰ কৰক । কেৱল তাৰ পিছতহে কাৰ্ডখন ব্লক কৰক । যদিও তাত এটা টকাও জমা থাকে তেন্তে কাৰ্ডখন বাতিল কৰিব নোৱাৰি । নিশ্চিত কৰিব যে সকলো সময়তে যাতে বিল একেবাৰে অতিৰিক্ত নহয় । যদি প্ৰয়োজন হয় তেন্তে অলপ বেছিকৈ পৰিশোধ কৰক ।

এইটো নিশ্চিত কৰিব যে কাৰ্ডখনত কোনো স্থায়ী নিৰ্দেশনা নাই । প্ৰথমতে উক্ত কাৰ্ডখনৰ জৰিয়তে যোৱা যিকোনো পৰিশোধ আন এখন কাৰ্ডলৈ সলনি কৰিব লাগে । এই সকলোবোৰ সম্পূৰ্ণ কৰাৰ পিছত, বিলিং ম্যাদ শেষ হোৱাৰ পিছতহে কাৰ্ডখন বাতিল কৰক । আপুনি বেলেন্স পৰিশোধ কৰাৰ পিছত আৰু reward point ব্যৱহাৰ কৰাৰ পিছত বেঙ্কৰ সৈতে যোগাযোগ কৰিব পাৰে । এইটো নিশ্চিত কৰিব যাতে কাৰ্ডখনে আৰু কাম নকৰে ।

কাৰ্ড বাতিল কৰাৰ অনুৰোধ অনলাইন আৰু মোবাইল এপত কৰিব পাৰি । নহ'লে বেঙ্কৰ শাখালৈ যাওক আৰু কওক যে আপুনি ই-মেইল, ফোনৰ জৰিয়তে কাৰ্ডখন বাতিল কৰি আছে । যেতিয়া বাতিলৰ অনুৰোধ কৰা হয় তেতিয়া বেংকে লগে লগে ক্ৰেডিট কাৰ্ড এখন বন্ধ কৰে । গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ কিছু সময় লাগে । বেঙ্কৰ পৰা no dues প্ৰমাণ-পত্ৰ ল'বলৈ কিন্তু নাপাহৰিব । যিকোনো বিবাদ পৰিহাৰ কৰিবলৈ কাৰ্ডখন আপোনাৰ ক্ৰেডিট ৰিপোৰ্টত বাতিল হোৱাটো উচিত ।

লগতে পঢ়ক :Lose bad debt at easier terms : বিত্তীয় সংকটৰ সময়ত ঋণ পৰিশোধৰ সহজ চৰ্তাৱলীৰ ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.