ETV Bharat / bharat

Suspected Death in Motihari: বিহাৰত বিষাক্ত সুৰা পানৰ ফলত ১০ জনৰ মৃত্যুৰ সন্দেহ

author img

By

Published : Apr 15, 2023, 4:33 PM IST

Suspected Death in Motihari Bihar
http://10.10.50.80:6060/finalout3/assam-nle/thumbnail/15-April-2023/18259896_thumbnail_16x9_01_bihar_aspera.png

বিহাৰত সন্দেহজনকভাৱে ১০ জন লোকৰ মৃত্যু । স্থানীয় লোকে বিষাক্ত সুৰা সেৱনৰ ফলতেই লোককেইজনৰ মৃত্যুৰ সন্দেহ কৰিছে (Suspected death in Bihar) ।

নিউজ ডেস্ক, ১৫ এপ্ৰিল : বিহাৰত সুৰা নিষিদ্ধকৰণ আইন কাৰ্যকৰী হৈ থকা সত্ত্বেও সুৰাৰ চোৰাং ব্যৱসায় বন্ধ হোৱা নাই । লগতে বন্ধ হোৱা নাই বিষাক্ত সুৰা সেৱন কৰি হোৱা মৃত্যুৰ সংখ্যাও । বৰ্তমান পুনৰবাৰ তেনে এক ঘটনা সংঘটিত হৈছে মতিহাৰী জিলাত (Suspected death in Bihar) । জিলাখনত বিষাক্ত সুৰা পান কৰাৰ ফলত ১০ জন লোকৰ সন্দেহজনকভাৱে মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে (Death for drinking poisonous liquor in Bihar) ।

আনহাতে, মৃতসকলৰ ভিতৰত পিতা-পুত্ৰও আছে । অৱশ্যে প্ৰশাসনে এতিয়ালৈকে এই ঘটনাটো নিশ্চিত কৰা নাই । বিহাৰৰ পূব চম্পাৰণ জিলাত সুৰা পুনৰবাৰ মাৰাত্মক বুলি প্ৰমাণিত হৈছে । শুকুৰবাৰে নিশালৈকে জিলাখনৰ বিভিন্ন আৰক্ষী থানা অঞ্চলত সন্দেহজনক পৰিস্থিতিত 10 জন লোকৰ মৃত্যু হৈছে (poisonous liquor death case in Bihar) ।

এই মৃত্যুৰ ঘটনা সন্দৰ্ভত বিভিন্ন চৰ্চা চলি আছে । কিছু লোকে কৈছে যে, বিষাক্ত সুৰা পান কৰাৰ ফলত তেওঁলোকৰ মৃত্যু হৈছে । অৱশ্যে মৃতকৰ পৰিয়ালৰ সদস্যসকলে ইয়াক অস্বীকাৰ কৰিছে । স্থানীয় লোকৰ মতে, মৃত্যু হোৱা পিতা-পুত্ৰৰ যুটিটো সুৰাৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল । জানিব পৰা মতে, প্ৰশাসনৰ ভয়ত তেওঁলোক দুয়োৰে খৰখেদাকৈ অন্ত্যেষ্টিক্ৰিয়া কৰা সম্পন্ন কৰে ।

আনহাতে, বিগত 24 ঘণ্টাত মতিহাৰীতো 10 জন লোকৰ মৃত্যু হৈছে । স্থানীয় লোকৰ মতে, মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । কিয়নো সংকটজনক অৱস্থাত থকা সাতজন লোকক বিভিন্ন স্থানত চিকিৎসা কৰা হৈছে । বৃহস্পতিবাৰে নিশা হৰসিদ্ধি আৰক্ষী থানা অঞ্চলৰ পৰা মৃত্যুৰ ঘটনা আৰম্ভ হয় আৰু শুকুৰবাৰে নিশালৈকে মুঠ মৃত্যুৰ সংখ্যা আঠজনলৈ বৃদ্ধি পায় । প্ৰথমতে জিলাখনৰ হৰসিদ্ধি আৰক্ষী থানা অঞ্চলৰ মথ লোহিয়াৰত চাৰি ঘণ্টাৰ ভিতৰতে পিতৃ-পুত্ৰৰ যুটিটোৰ মৃত্যু হয় ।

স্থানীয় লোকে জনোৱা মতে, প্ৰথমতে পিতৃ নৌ দাসৰ মৃত্যু হয় । তাৰ পিছত তেওঁৰ পুত্ৰ পৰমেন্দ্ৰ দাসৰ মৃত্যু হয় । দুয়োজনৰ মৃতদেহ পৰিয়ালে জ্বলাই দিয়ে । আনহাতে, নৌ দাসৰ বোৱাৰীয়েকৰ অৱস্থা সংকটজনক হৈ আছে । তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । এই ঘটনাৰ পিচত আবকাৰী বিভাগ, স্বাস্থ্য বিভাগ আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল মঠ লোহিয়াৰ গাঁৱত উপস্থিত হয় । অনুসন্ধানৰ পিচত চিকিৎসকসকলে প্ৰকাশ কৰে যে, মৃত্যুৰ কাৰণ হৈছে ডায়েৰীয়া । ৰোগীসকল ডায়েৰীয়াত ভুগি আছিল ।

লগতে পঢ়ক :India Covid Cases : 6 মাহত সৰ্বাধিক, এদিনত ক’ভিডত মৃত্যু ২০ জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.