ETV Bharat / bharat

India Covid Cases : 6 মাহত সৰ্বাধিক, এদিনত ক’ভিডত মৃত্যু ২০ জনৰ

author img

By

Published : Apr 15, 2023, 11:52 AM IST

দেশত বৃদ্ধি পাই আছে ক’ভিডৰ সংক্ৰমণ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ২০ জন লোকৰ মৃত্যু হৈছে ক’ভিডৰ ফলত । বিগত ছমাহৰ ভিতৰত বৃহস্পতিবাৰে এই সংখ্যাই ২০ স্পৰ্শ কৰে । আনহাতে, বিগত ২৪ ঘণ্টাত সংক্ৰমণ ঘটিছে ১১,১০৯ (Covid case rises in India) ।

Covid
Covid

নিউজ ডেস্ক, ১৫ এপ্ৰিল : বিগত ছয় মাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভাৰতত দৈনিক ক’ভিড-19 মৃত্যুৰ সংখ্যা বৃহস্পতিবাৰে 20 স্পৰ্শ কৰে (6 months highest Covid deaths 20 in a day) । ইয়াৰে ভিতৰত প্ৰায় 14 খন ৰাজ্যতেই কমেও এটাকৈ মৃত্যুৰ ঘটনাৰ তথ্য পোৱা গৈছে । আনহাতে, বিগত ২৪ ঘণ্টাত সংক্ৰমণৰ ঘটনা বৃদ্ধি হৈ হৈছে 11,109 । এই সংখ্যা ইয়াৰ আগৰ দিনটোত আছিল 10,168 । দেশৰ কেইবাটাও ঠাইত সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই এই সংখ্যা বৃদ্ধি পোৱা বুলি কোৱা হৈছে (covid case count climbed in India) ।

অৱশ্যে যদিও ক’ভিডত মৃত্যুৰ সংখ্যা বৰ্তমান তুলনামূলকভাৱে বহু কম, তথাপি দেশত ক’ভিডৰ সক্ৰিয় ৰোগীৰ ঘটনা বৃদ্ধি পোৱাৰ লগে লগে বিগত কেইসপ্তাহমানত এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে (covid active case rises in India) । এই তালিকাত দেশৰ ভিতৰত শীৰ্ষত আছে কেৰালা । কেৰালাত বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হৈছে নজনৰ । ইয়াকে লৈ বৃহস্পতিবাৰে মুঠ মৃত্যুৰ সংখ্যা 29-লৈ বৃদ্ধি পালে । বিগত বছৰৰ ১৫ অক্টোবৰত ভাৰতত অন্তিমবাৰৰ বাবে ২০ বা ততোধিক ক’ভিডত মৃত্যুৰ খবৰ পোৱা গৈছিল ।

আনহাতে, দিল্লী আৰু ৰাজস্থানত তিনিজনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । বিগত ২৪ ঘণ্টাত পঞ্জাব আৰু ছত্তীশগড়ত দুজনকৈ লোকৰ মৃত্যু হৈছে ক’ভিডত । ৰাজস্থানত শুকুৰবাৰে আৰু তিনিটা মৃত্যুৰ ঘটনা নথিভুক্ত কৰা হৈছে । আনহাতে মহাৰাষ্ট্ৰত এই সংখ্যা চাৰি ।

শুকুৰবাৰে নিশালৈকে দেশত মুঠ ক’ভিডত সক্ৰিয় ঘটনাৰ সংখ্যা 50,000 অতিক্ৰম কৰিছে । এই সংখ্যা যোৱা বছৰৰ 7 ছেপ্টেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে অতিক্ৰম কৰিছে । আনহাতে, বৃহস্পতিবাৰে দৈনিক পজিটিভিটিৰ হাৰ 5% অতিক্ৰম কৰে । "বিগত ২৪ ঘণ্টাত দেশত ২.২১ লাখ ক’ভিড পৰীক্ষা অনুষ্ঠিত হয় । তেওঁলোকৰ ভিতৰত ১১,১০৯ জন (৫.০১%) পজিটিভ পোৱা গৈছিল ।" এগৰাকী স্বাস্থ্য বিষয়াই কয় ।

শুকুৰবাৰে নিশালৈকে এপ্ৰিলৰ দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ক’ভিডত 153 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে, সমগ্ৰ মাৰ্চত এই সংখ্যা আছিল 89 টা । টাইমছ অব ইণ্ডিয়াৰ ক’ভিড ডাটাবেছ অনুসৰি, দেশত ক’ভিডৰ ফলত হোৱা মুঠ মৃত্যু 5,32,309 স্পৰ্শ কৰিছে ।

লগতে পঢ়ক : Electricity Subsidy in Delhi: দিল্লীৰ ৪৬ লাখ বাসিন্দাৰ বিদ্যুতৰ ৰাজসাহায্য বন্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.