ETV Bharat / bharat

Supreme Court on Eenadu Plea : ইনাডুৰ আবেদন দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ ছুপ্ৰিম কোৰ্টৰ

author img

By

Published : Apr 18, 2023, 11:05 AM IST

Supreme Court on Eenadu Plea
দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ হ'ল ইনাডু কাকতৰ প্ৰকাশক গোষ্ঠী উশোদয়া পাব্লিকেচনৰ আবেদন

আবেদনকাৰী উশোদয়া পাব্লিকেচনে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে শীৰ্ষ আদালতৰ কাষ চাপিছিল । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু অন্যান্যসকলেৰে গঠিত এখন বিচাৰপীঠে এই আবেদনখনৰ শুনানি গেৰহণ কৰে । শুনানিৰ পিচত মুখ্য ন্যায়াধীশে মন্তব্য কৰে যে বিচাৰপীঠে আবেদনখন দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিব (SC transfers Eenadu plea to Delhi High Court) ৷

নিউজ ডেস্ক, 18 এপ্ৰিল : অৱশেষত দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ হ'ল ইনাডু কাকতৰ প্ৰকাশক গোষ্ঠী উশোদয়া পাব্লিকেচনৰ আবেদন (Eenadu plea transfer to Delhi High Court) । সোমবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদনৰ গোচৰ সম্বন্ধীয় কাম-কাজ অন্ধ্ৰপ্ৰদেশৰ পৰা দিল্লী হাইকোৰ্টলৈ স্থানান্তৰৰ নিৰ্দেশ দিয়ে (SC transfers Eenadu plea to Delhi High Court) । উল্লেখ্য, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ মালিকানাধীন 'সাক্ষী বাতৰিকাকত'ৰ বিক্ৰী বৃদ্ধিৰ লক্ষ্যৰে দিয়া এক চৰকাৰী আদেশক প্ৰত্যাহ্বান জনাইছিল এখন আগশাৰীৰ তেলেগু দৈনিক 'ইনাডু'ৰ প্ৰকাশক উশোদয়া পাব্লিকেচনে ।

উক্ত চৰকাৰী আদেশটোত প্ৰতিজন গ্ৰামীণ স্বেচ্ছাসেৱক/ৱাৰ্ড স্বেচ্ছাসেৱকৰ বাবে অতিৰিক্ত বিত্তীয় সাহায্য় হিচাপে ৰাজ্যিক পুঁজিৰ পৰা প্ৰতিমাহে 200 টকাৰ অনুমোদন জনায় । এই অনুমোদন এই কাৰণে যাতে তেওঁলোকে নতুনকৈ বাতৰিকাকত ক্ৰয় কৰিব পাৰে । উশোদয়া প্ৰকাশনে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰে প্ৰদান কৰা এই আদেশকে প্ৰত্যাহ্বান জনাইছিল (Ushodaya Publications challenged GO in Andhra Pradesh HC) ।

আবেদনকাৰী উশোদয়া পাব্লিকেচনে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে শীৰ্ষ আদালতৰ কাষ চাপে । কিয়নো অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে চৰকাৰী নিৰ্দেশ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছিল । ভাৰতৰ মুখ্য ন্যায়াধীশ (CJI DY Chandrachud) ডি ৱাই চন্দ্ৰচূড় আৰু অন্যান্যসকলেৰে গঠিত এখন বিচাৰপীঠে এই আবেদনখনৰ শুনানি গ্ৰহণ কৰে । তাৰ পিচত মুখ্য ন্যায়াধীশে মন্তব্য কৰে যে বিচাৰপীঠে আবেদনখন দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিব ।

অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ হৈ জ্যেষ্ঠ অধিবক্তাই ইয়াৰ বিৰোধিতা কৰি কয় যে এনে স্থানান্তৰে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ওপৰত প্ৰশ্নবোধকৰ সৃষ্টি কৰিব । অৱশ্যে বিচাৰপীঠে তেওঁক নিশ্চিত কৰে যে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ আচৰণৰ ওপৰত কোনো ধৰণৰ অভিযোগ উত্থাপন কৰা নহ'ব । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে মৌখিকভাৱে এই মন্তব্য কৰে ।

"আমাৰ ওপৰত গুৰুত্ব দিবলগীয়া কথাটো হৈছে যে এইটো দুখন বাতৰিকাকতৰ মাজত নহয়, এয়া দুটা ৰাজনৈতিক দলৰ মাজৰ ঘটনা ।" সেই অনুসৰিয়ে নিম্নলিখিত আদেশটো প্ৰদান কৰা হৈছে, "ন্যায়ৰ স্বাৰ্থত আবেদনখন দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰা হ'ব । আমি দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অধ্যক্ষতাত গঠিত বিচাৰপীঠক বিষয়টো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো’’ ।

উশোদয়াৰ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে বিচাৰপীঠৰ দৃষ্টি আকৰ্ষণ কৰি কয় যে পূৰ্বতে জাৰি কৰা চৰকাৰী নিৰ্দেশৰ সময়সীমা উকলি যোৱাৰ বাবে এখন নতুন চৰকাৰী নিৰ্দেশনা মুকলি কৰা হৈছে । বিচাৰপীঠে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰিবলগা আবেদনত সেই বিষয়বোৰ অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক : Indian Mission Attack in London : লণ্ডনত ভাৰতীয় উচ্চ আয়োগ আক্ৰমণৰ তদন্তৰ দায়িত্বত NIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.