ETV Bharat / bharat

PIL on Manipur issue : মণিপুৰকলৈ দাখিল কৰা আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ শীৰ্ষ ন্যায়ালয়ৰ

author img

By

Published : Jul 31, 2023, 2:59 PM IST

মণিপুৰত অবৈধ প্ৰব্ৰজনৰ ফলত হোৱা আফিং খেতি আৰু হিংসাৰ এক বিশেষ তদন্ত দলৰ দ্বাৰা তদন্ত বিচাৰি কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে । অভিযন্তা মায়াগ্লাম্বাম ববি মেইটেইয়ে পিআইএলখন দাখিল কৰিছিল । কিন্তু উচ্চতম ন্যায়ালয়ে তাক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ।

PIL on Manipur issue
মণিপুৰক লৈ দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক,৩১ জুলাই : উচ্চতম ন্যায়ালয়ে মণিপুৰ সংঘৰ্ষকলৈ কৰা এক আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । উচ্চতম ন্যায়ালয়ৰ মতে আবেদনখনে সংঘৰ্ষৰ বাবে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক দোষাৰোপ কৰিছে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত এখন বিচাৰপীঠে কয় যে এই আবেদনটো গ্ৰহণ কৰাটো অতি কঠিন কাৰণ ই এটা সম্প্ৰদায়ক দোষাৰোপ কৰিছে ।

মুখ্য ন্যায়াধীশে কয় যে আবেদনখনে এটা সম্প্ৰদায়ক দায়বদ্ধ ঘোষণা কৰিবলৈ আৰু অনুপ্ৰৱেশকাৰীসকলৰ সহযোগত হিংসা আৰম্ভ হোৱৰ তদন্তৰ বাবে এছআইটি গঠনৰ নিৰ্দেশনা বিচাৰিছে । আবেদনখন অভিযন্তা মায়াগ্লাম্বাম ববি মেইটেইৰ আছিল । তেওঁ উচ্চতম ন্যায়ালয়ৰ ওচৰত মণিপুৰত অবৈধ প্ৰব্ৰজনৰ ফলত হোৱা নিচাজাতীয় সামগ্ৰীৰ খেতি আৰু হিংসাৰ এক বিশেষ তদন্ত দল (এছআইটি)ৰ তদন্ত বিচাৰি আবেদন জনাইছিল ।

মুখ্য ন্যায়াধীশে লগতে কয় যে এই আবেদন গ্ৰহণ কৰিলে মণিপুৰৰ এক নিৰ্দিষ্ট অংশৰ লোকক সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰাৰ দৰে হ'ব । বিচাৰপীঠে উল্লেখ কৰা মতে আবেদনকাৰীয়ে সকলোবোৰ এখন আবেদনত উল্লেখ কৰিছে । আবেদনখনত তেওঁ অনুপ্ৰৱেশকাৰীৰ জৰিয়তে হোৱা হিংসাৰ এছআইটি তদন্ত, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এনএইচআৰচি) তদন্ত, নাৰ্কো বন ধ্বংসৰ তদন্ত আদি বিষয় উল্লেখ কৰে । আনহাতে আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা মাধৱী দিভানক আন নিৰ্দিষ্ট আবেদন লৈ আহিবলৈ বিচাৰপীঠে আহ্বান জনায় ।

অধিবক্তা দিভানে হেঁচা দিছিল যে এক দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজন । মুখ্য ন্যায়াধীশৰ আদালতে ইতিমধ্যে মণিপুৰ হিংসাৰ সৈতে সম্পৰ্কিত এটা গ্ৰুপৰ আবেদন গ্ৰহণ কৰি বিচাৰ প্ৰক্ৰিয়া চলাই আছে । আদালতৰ মতে যদি আবেদনকাৰীয়ে বিচাৰে তেন্তে তেওঁ তাত হস্তক্ষেপ কৰিব পাৰে । দিভানে কয় যে সেই আবেদনবোৰ ৰাজ্যখনৰ হিংসাৰ ওপৰত কৰা হৈছে । তেওঁৰ মতে ইয়াতকৈও ডাঙৰ সমস্যা হৈছে ড্ৰাগছৰ সমস্যা ।

অধিবক্তাগৰাকীয়ে বিষয়টোত এক স্বতন্ত্ৰ অনুসন্ধানৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে । দিভানে কয় যে অভ্যন্তৰত যি ঘটিছে সেয়া কেতিয়াও নাইকিয়া নহয় আৰু মণিপুৰত আফিং খেতি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে মুখ্য ন্যায়াধীশৰ অনুৰোধত দিভানে আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ সন্মত হয় ।

লগতে পঢ়ক :Manipur crisis : মণিপুৰৰ ঘটনাত বিদেশী সংস্থা জড়িত থকাৰ সন্দেহ প্ৰাক্তন সেনাপ্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.