ETV Bharat / bharat

Honour killing: নাবালিকা কন্যাক ধৰ্ষণ কৰি হত্যা সতীয়া পিতৃৰ

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 4:40 PM IST

দীৰ্ঘদিন ধৰি নিজ নাবালিকা কন্যাৰ লগত অপকৰ্ম কৰি অন্তঃসত্বা কৰিলে সতীয়া পিতৃয়ে, যেতিয়া কন্যা অন্তঃসত্বা হোৱা বুলি গম পাই তাৰ পিচতে ফুৰিবলৈ নিয়াৰ চলেৰে গোৰাঘাট ৰে’লৱে ক্ৰছিঙৰ ওচৰলৈ নি পুনৰ ধৰ্ষণ কৰি হত্যা কৰে ৷

Stepfather murdered minor daughter after raping her in chhindwara
নাবালিকা কন্যাক ধৰ্ষণ কৰি হত্যা সতীয়া পিতৃৰ

নেশ্যনেল ডেস্ক, 3 ছেপ্টেম্বৰ : মধ্যপ্ৰদেশৰ গোৰঘাটত জঘন্য ঘটনা ৷ পিতৃ কন্যাৰ সম্পৰ্কক কলুষিত কৰিলে পাষাণ পিতৃয়ে ৷ দীৰ্ঘদিন ধৰি নিজ নাবালিকা কন্যাৰ লগত অপকৰ্ম কৰি অন্তঃসত্বা কৰিলে সতীয়া পিতৃয়ে, যেতিয়া কন্যা অন্তঃসত্বা হোৱা বুলি গম পাই তাৰ পিচতে ফুৰিবলৈ নিয়াৰ চলেৰে গোৰাঘাট ৰে’লৱে ক্ৰছিঙৰ ওচৰলৈ নি পুনৰ ধৰ্ষণ কৰি হত্যা কৰে ৷

শনিবাৰে মোহখেদ আৰক্ষী থানাৰ অন্তৰ্গত গোৰঘাটৰ ৰে’ল ক্ৰছিঙৰ ওচৰত নাবালিক এগৰাকী মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ তাৰ পিচতে মোহখেদ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ ভগতসহ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি কিশোৰীগৰাকী উদ্ধাৰ কৰি অনুসন্ধান আৰম্ভ কৰে ৷ আৰক্ষীৰ অনুসন্ধানত কিশোৰীগৰাকী বিচুয়াৰ দেউৰীৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ৷ কিশোৰীগৰাকীৰ বয়স মাত্ৰ 16 বছৰ ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত কৰাৰ পিচত জঘন্য সত্য পোহৰলৈ আহে ৷ মৃত কিশোৰীগৰাকী 8 মাহৰ অন্তঃসত্বা আছিল ৷ কিশোৰীগৰাকীক প্ৰায়েই সতীয়া পিতৃ সহদেৱ উইকেই ধৰ্ষণ কৰিছিল ৷ এই কথা কাকো নক’বলৈ ধমকি দিছিল সহদেৱে ৷ কিন্তু কিশোৰীগৰাকী শেহতীয়াকৈ অন্তঃসত্বা হোৱা বুলি গম পোৱাৰ পিচতে সহদেৱে কিশোৰীগৰাকীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ৷

সেই অনুসৰিয়েই অভিযুক্ত সহদেৱে যোৱা 30 আগষ্টত কিশোগৰাকীক গদাৰৱাড়ালৈ লৈ যোৱাৰ চলেৰে ঘৰৰ পৰা উলিয়াই লৈ গৈছিল ৷ কিন্তু তেওঁলোকে গদৰৱাৰাত উপস্থিত হোৱাৰ পূৰ্বে গোৰঘাটৰ ৰে’ল ক্ৰছিঙৰ ওচৰত কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযুক্ত পিতৃ সহদেৱ উইকেক আটক কৰিছে ৷ অভিযুক্ত সহদেৱৰ দ্বিতীয় বিবাহ হৈছিল ৷ সহদেৱৰ দ্বিতীয় পত্নীৰ তিনিগৰাকী কন্যা আছিল, দুগৰাকী কন্যা বিবাহিত আৰু তৃতীয়গৰাকী কন্যা সহদেৱৰ সৈতে বাস কৰিছিল ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে কিশোৰীগৰাকী 8 মাহৰ গৰ্ভৱতী আছিল ৷ মোহখেদ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ ভগতে আৰক্ষীৰ সোধা পোছাত স্বীকাৰ কৰে যে তেওঁৰ কন্যাৰ সৈতে অবৈধ সম্পৰ্ক আছিল ৷

লগতে পঢ়ক: Suspected suicide in Margherita: বনাঞ্চলত উদ্ধাৰ নিৰুদ্দিষ্ট কিশোৰীৰ অৰ্ধগলিত মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.