ETV Bharat / state

Suspected suicide in Margherita: বনাঞ্চলত উদ্ধাৰ নিৰুদ্দিষ্ট কিশোৰীৰ অৰ্ধগলিত মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 1:58 PM IST

মাৰ্ঘেৰিটা লেখাপানী কথা গাঁৱৰ বনাঞ্চলত মৃতদেহ উদ্ধাৰ ৷ চিপ লৈ থকা অৱস্থাত এগৰাকী কিশোৰৰ মৃতদেহ উদ্ধাৰ ৷ এই ঘটনাক লৈ চাঞ্চল্যই বিৰাজ কৰিছে ৷

Suspected suicide in Margherita
মাৰ্ঘেৰিটা লেখাপানী বনাঞ্চলত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া, 3 আগষ্ট: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা লেখাপানী কথা গাঁৱৰ বনাঞ্চলত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ ৷ শনিবাৰে অৰ্ধগলিত অৱস্থাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনা অনুসৰি 24 আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী ৷ এয়া আত্মহত্যা নে ধৰ্ষণ কৰি হত্যা কৰা হ’ল সেয়া তদন্তৰ পাচতহে পোহৰলৈ আহিব ৷

ঘটনা অনুসৰি কিশোৰী গৰাকীৰ নিৰুদ্দেশৰ দিনাই কিশোৰী গৰাকীৰ অভিভাৱকে আৰক্ষীক অৱগত কৰিছিল ৷ কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত একো পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে ৷ প্ৰায় 8 দিন ওকলি যোৱাৰ পাচত শনিবাৰে বিয়লি লেখাপানী কথা গাঁওৰ বনাঞ্চলত চিপ লৈ থকা কিশোৰী গৰাকীৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে ৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া আৰু লেখাপানী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ৷

বনাঞ্চলৰ ভিতৰত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক স্থানীয় ৰাইজ তথা দল সংগঠনে সহজভাৱে ল’ব পৰা নাই । সমগ্ৰ ঘটনা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজে । আনহাতে, আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সম্পাদক চামুৱেল তপ্নই ঘটনাৰ প্ৰকৃত কাৰণ অনুসন্ধান কৰিবলৈ লেখাপানী আৰক্ষীক দাবী জনায় ।

ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ বৈশ্যই জানিবলৈ দিয়া অনুসৰি কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিছে আৰু আত্মহত্যাৰ পূৰ্বে এক টোকা লিখি থৈছে বুলি সাংবাদিকক জানিবলৈ দিছে ।

লগতে পঢ়ক:Money laundering : কোটি টকা সৰকোৱাৰ অভিযোগত তিনিচুকীয়াত আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.