ETV Bharat / bharat

Stalin greeets Prez Murmu: তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক জনালে সম্ভাষণ

author img

By

Published : Jul 25, 2022, 6:24 PM IST

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ বাবে সম্ভাষণ জনায় (Tamil Nadu CM M K Stalin greeted President Droupadi Murmu) ৷ লগতে তেওঁ বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক তেওঁৰ কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায় ৷

Stalin greeets Prez Murmu, hails Kovind for services
তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক জনালে সম্ভাষণ

নেচনেল ডেস্ক, ২৫ জুলাই: তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে (Tamil Nadu Chief Minister M K Stalin) সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ বাবে সম্ভাষণ জনায় (Tamil Nadu CM greeted President Droupadi Murmu) ৷ ইয়াৰ লগতে বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক তেওঁৰ কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনাই ষ্টেলিনে (Tamil Nadu CM congratulated Ram Nath Kovind ) ৷

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক এই মহান দেশৰ ৰাষ্ট্ৰপতি হিচাপে পাই জাতিটো লাভৱান হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ নিৰ্বাচনে গণতন্ত্ৰ আৰু অন্তৰ্ভুক্তিৰ নীতিৰ ওপৰত জাতিটোৰ আস্থা প্ৰকাশ আৰু শক্তিশালী কৰে বুলিও উল্লেখ কৰে ৷

লগতে, বিগত ২০২১ চনৰ আগষ্ট মাহত তামিলনাডু বিধানসভাৰ (Tamil Nadu legislative assembly ) শতবাৰ্ষিকী উদযাপনৰ বাবে আমন্ত্ৰণ জনোৱাৰ কথা সুঁৱৰি ৰামনাথ কোবিন্দে দেশৰ ৰাষ্ট্ৰপতি হিচাপে তামিলনাডুৰ প্ৰতি জনোৱা সমৰ্থন আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায় ৷ তাৰোপৰি বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সুস্বাস্থ্য আৰু শান্তি কামনা কৰে মুখ্যমন্ত্ৰী ষ্টেলিনে ৷

লগতে পঢ়ক: Watershed moment for India: দ্ৰৌপদী মূৰ্মুৰ শপতগ্ৰহণক ঐতিহাসিক ক্ষণ আখ্যা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.