ETV Bharat / bharat

বিয়াৰ ডেৰমাহ পিচতেই এছ এছ বিৰ কেম্পত আত্মহনন অসমৰ জোৱান ধনজিতৰ

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:24 PM IST

himachal news in hindi today
ssb sapri himachal pradesh

SSB jawan commits suicide: হিমাচল প্ৰদেশৰ সাপড়ীত এজন এছ এছ বি জোৱানে নিজৰ চাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে । নিহত জোৱানজন অসমৰ ধনজিৎ দাস বুলি জানিব পৰা গৈছে ৷

নিউজ ডেস্ক, 18 অক্টোবৰ: হিমাচল প্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ মাত্ৰ ডেৰমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা এগৰাকী এছ এছ বি জোৱানে আত্মহত্যা কৰে কেম্পত ৷ জোৱানজন অসমৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ দেওবাৰে হিমাচল প্ৰদেশৰ কংৰা জিলাৰ জ্বলামুখীৰ সপড়ীস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ (এছ এছ বি) প্ৰশিক্ষণ কেন্দ্ৰত কৰ্তব্যৰত অৱস্থাত জোৱানজন নিজৰ চাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে ।

গুলীৰ শব্দ শুনি আন জোৱানসকলে সেই স্থানত সমবেত হৈ আহত জোৱানজনক জ্বলামুখী অসামৰিক চিকিৎসালয়লৈ লৈ যায় । জোৱানজনৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে টাণ্ডাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

তথ্য অনুসৰি আহত এছ এছ বি জোৱান ধনজিৎ দাসৰ তাণ্ডা চিকিৎসা মহাবিদ্যালয় পোৱাৰ পূৰ্বেই মৃত্যু হয় । ঘটনাস্থলীত জ্বলামুখী আৰক্ষী উপস্থিত হৈ সপড়ীৰ আন জোৱান আৰু বিষয়াৰ বক্তব্য লিপিবদ্ধ কৰে । জোৱানজনৰ নাম ধনজিৎ দাস আৰু জোৱানজন অসমৰ বাসিন্দা আছিল ।

উল্লেখ্য যে যোৱা ২ নৱেম্বৰত বিবাহ সম্পন্ন হৈছিল ধনজিতৰ ৷ তাৰ পাচতেই চাকৰিলৈ উভতি আহিছিল জোৱানজন ৷ কিন্তু হঠাৎ কেম্পতে আত্মহননৰ কঠোৰ সিদ্ধান্ত কৰিলে জোৱানজনে ৷ এছ এছ বি জোৱানজনে গুলীচালনা কৰি নিজকে শেষ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । মৃতকৰ মৰণোত্তৰ পৰীক্ষা তাণ্ডাত কৰা হ’ব । ১৭৪ ধাৰা অনুসৰি এই ঘটনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে । বিষয়টো নিশ্চিত কৰিছে ডিএছপি বিকাশ ধীমানে । তেওঁ কয় যে সমগ্ৰ বিষয়টোৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব যে জোৱানজনে কিয় আত্মহত্যা কৰিলে ।

লগতে পঢ়ক: কৰ্ণাটকাৰ ১১ টা স্থানত NIA ৰ তালাচী, বেল্লাৰীৰ পৰা কিছু লোকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.