ETV Bharat / bharat

G20 Summit success: G 20 সন্মিলনৰ সফলতাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়লৈ অভিনন্দন লোকসভাৰ অধ্যক্ষৰ

author img

By ANI

Published : Sep 18, 2023, 2:59 PM IST

G20 Summit success
লোকসভাৰ অধ্যক্ষ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই G 20 সন্মিলনৰ সফল আয়োজনৰ বাবে সকলো ভাৰতীয়লৈ অভিনন্দন জ্ঞাপন কৰে ৷ লগতে, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী গ্ল’বেল চাউথৰ কণ্ঠস্বৰ হৈ পৰিছে বুলিও কয় অধ্যক্ষগৰাকীয়ে ।

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ: সোমবাৰৰে পৰা আৰম্ভ হ’ল সংসদৰ বিশেষ অধিৱেশন ৷ সোমবাৰে সংসদৰ বিশেষ অধিৱেশনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই G 20 সন্মিলনৰ সফল আয়োজনৰ বাবে সকলো ভাৰতীয়লৈ অভিনন্দন জ্ঞাপন কৰে ৷ লগতে, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী গ্ল’বেল চাউথৰ কণ্ঠস্বৰ হৈ আহিছে বুলি কয় ।

তেওঁ ভাৰতৰ G 20 অধ্যক্ষতাত অনুষ্ঠিত হোৱা জনকেন্দ্ৰিক দৃষ্টিভংগীক আলোকপাত কৰি শীৰ্ষ সন্মিলনখন ভাৰতৰ নাগৰিকসকলৰ বাবে উৎসৰ্গা কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ চিন্তাৰ শলাগ লয় । বিৰলাই জোৰ দি কয় যে এই পদ্ধতিয়ে অনাগত দশকবোৰত জাতিটোৰ বাবে এক নতুন পথ নিৰ্ধাৰণ কৰিব ।

"G 20 সন্মিলনৰ সফল আয়োজনৰ বাবে প্ৰতিজন ভাৰতীয়লৈ অভিনন্দন জনাইছো । এই সন্মিলনখন দেশবাসীৰ বাবে উৎসৰ্গা কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীকো শলাগ লৈছো । G 20 ত ভাৰতৰ অধ্যক্ষতা জনকেন্দ্ৰিক হৈ আহিছে আৰু অনাগত দশকবোৰত ইয়ে ভাৰতক এক নতুন মাত্ৰা প্ৰদান কৰিব ” লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় । 18 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব সংসদৰ এই বিশেষ অধিৱেশন ।

সোমবাৰৰ পুৱা 11 বজাৰ পৰা আৰম্ভ হয় সংসদৰ পাঁচ দিনীয়া বিশেষ অধিৱেশন । আজিৰ অধিৱেশনখন পুৰণি সংসদ ভৱনত অনুষ্ঠিত হ’ব আৰু বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা 19 ছেপ্টেম্বৰত সাংসদসকলে ভৱনটোত প্ৰৱেশ কৰিব । ইয়াৰ পূৰ্বে সংসদৰ বাহিৰত সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে 2047 চনৰ ভিতৰত ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে সেই সময়ৰ সকলো সিদ্ধান্ত নতুন সংসদ ভৱনত লোৱা হ’ব ।

লগতে পঢ়ক: Parliament Special Session 2023: সংসদৰ বিশেষ অধিৱেশনত দাখিল কৰা হ’ব মহিলা সংৰক্ষণ বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.