ETV Bharat / bharat

ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী

author img

By ANI

Published : Dec 6, 2023, 1:37 PM IST

ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী উপস্থিত থকাৰ সম্ভাৱনা ৷ কাইলৈ দুপৰীয়া 1.04 বজাত হ’ব শপত গ্ৰহণ অনুষ্ঠান ৷

Sonia Gandhi likely to attend Telangana CM swearing ceremony, while Reddy meets Kharge and Gandhi family
ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ অনুষ্ঠান

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ: বৃহস্পতিবাৰে হায়দৰাবাদত তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ৷ কাইলৈ দুপৰীয়া 1.04 বজাত হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷ বুধবাৰে ৰেড্ডীয়ে দিল্লীত খাৰ্গে আৰু গান্ধী পৰিয়ালক সাক্ষাৎ কৰে ৷

হায়দৰাবাদ চহৰৰ মাজমজিয়াত অৱস্থিত এল বি ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । ৰেৱন্ত ৰেড্ডীৰ সৈতে আন 9 জন মন্ত্ৰীয়ে শপত লোৱাৰো সম্ভাৱনা আছে । 18 জন মন্ত্ৰীৰে গঠিত পূৰ্ণাংগ মন্ত্ৰীসভাই শপত গ্ৰহণ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি । ৰাজ্যপাল তামিলিছাই সৌন্দৰাৰাজনে ৰেৱন্ত ৰেড্ডী আৰু মন্ত্ৰীসকলক পদবী আৰু গোপনীয়তাৰ বাবে শপত গ্ৰহণ কৰোৱাব ।

ৰেৱন্ত ৰেড্ডীয়ে কাইলৈ 1.04 বজাত শপতগ্ৰহণ কৰিব বুলি জানিব দিছে ৷ পূৰ্বে 10.28 বজাত নিৰ্ধাৰণ কৰা হৈছিল এই সময় ৷ বুধবাৰে মুখ্য সচিব সন্থি কুমাৰী, আৰক্ষী সঞ্চালক প্ৰধান ৰবি গুপ্তা, হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত সন্দীপ শান্দিল্যকে ধৰি অন্যান্য বিষয়াসকলে এল বি ষ্টেডিয়ামত উপস্থিত হৈ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে ।

শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি শীৰ্ষ কংগ্ৰেছ নেতা, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, কৰ্ণাটকৰ কেইবাজনো মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ দলৰ নেতা উপস্থিত থকাৰ সম্ভাৱনা আছে । ইয়াৰোপৰি, এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

কংগ্ৰেছ দলে ভাৰত ৰাষ্ট্ৰ সমিতিৰ পৰা ক্ষমতা দখল কৰি 119 জনীয়া বিধানসভাত 64 খন আসন লাভ কৰে ।

লগতে পঢ়ক: তেলেংগানাৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.