ETV Bharat / bharat

তেলেংগানাৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 11:19 AM IST

Updated : Dec 6, 2023, 1:07 PM IST

কাইলৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে । দলৰ আহ্বান অনুসৰি প্ৰথমে ৰাজভৱনত শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে । ইতিমধ্যে ৰেৱন্তে বিশেষ বিমানেৰে দিল্লী অভিমুখে ৰাওনা হৈছে ।

Revanth Reddy will be taking oath at LB Stadium
মুখ্যমন্ত্ৰী হিচাপে কাইলৈ শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ: বৃহস্পতিবাৰৰ দুপৰীয়া 1.04 বজাত তেলেংগানাৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে । অৱশ্যে কংগ্ৰেছৰ সূত্ৰই শেহতীয়াকৈ প্ৰকাশ কৰিছে যে ৰেৱন্তে হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত শপত গ্ৰহণ কৰিব যদিও দলে প্ৰথমে ৰাজভৱনত শপতগ্ৰহণৰ ব্যৱস্থা কৰিছে ৷

ইফালে দলৰ নিৰ্দেশমৰ্মে ৰেৱন্তে আজি বিশেষ বিমানেৰে দিল্লী অভিমুখে ৰাওনা হয় । তেওঁৰ লগত শ্বব্বিৰ আলী, সুদৰ্শন ৰেড্ডী আৰু বালাৰাম নায়ক আছিল বুলি জানিব পৰা গৈছে । দিল্লীত উপস্থিত হোৱাৰ লগে লগে তেলেংগানা ভৱনৰ বিষয়াসকলে ৰেৱন্তক আদৰণি জনায় । নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ বাবে সাজু কৰা হৈছে কনভয় তথা চৰকাৰী বাহন ৷

উচ্চ বিষয়াৰ সৈতে CS ৰ বৈঠক

মুখ্য সম্পাদক (চি এছ) শান্তিকুমাৰীয়ে শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ অনুষ্ঠানৰ ব্যৱস্থাপনা সন্দৰ্ভত আলোচনাত মিলিত হয় । আৰক্ষী সঞ্চালক প্ৰধান ৰবি গুপ্তা, সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সম্পাদক ছেছাদ্ৰী, চোৰাংচোৱা সংস্থাৰ এডিজি অনিল কুমাৰ, হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত সন্দীপ শান্দিল্যকে ধৰি অন্যান্যসকলে অংশগ্ৰহণ কৰে ।

বৃহস্পতিবাৰে এল বি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই শপত গ্ৰহণ অনুষ্ঠান ৷ এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে দলৰ শীৰ্ষ নেতৃত্বই । সকলো বিষয়াকে সমন্বয় বৰ্তাই কাম কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে শপত গ্ৰহণ অনুষ্ঠানলৈ অহাসকলৰ বাবে পৰ্যাপ্ত ব্যৱস্থা, যান-বাহন, পাৰ্কিং আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী বিভাগক নিৰ্দেশনা প্ৰদান কৰে ।

লগতে, স্বাস্থ্য বিভাগৰ বিষয়াসকলক সকলো পৰ্যাপ্ত সা-সুবিধা থকা এখন এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে, দলে পোনপ্ৰথমে পুৱা 10.28 বজাত শপত গ্ৰহণৰ সময় নিৰ্ধাৰণ কৰিছিল যদিও শেহতীয়াকৈ শপত গ্ৰহণৰ সময় কিছু পিছুৱাই দিয়া হৈছে ।

লগতে পঢ়ক: তেলেংগানাৰ মুখ্যমন্ত্ৰী হ’ব ৰেৱন্ত ৰেড্ডী; 7 ডিচেম্বৰত শপত গ্ৰহণ

Last Updated : Dec 6, 2023, 1:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.