ETV Bharat / bharat

কেৰালাত ছয় বছৰীয়া কিশোৰীৰ অপহৰণ; আৰক্ষীক তদন্ত তীব্ৰতৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 2:13 PM IST

Six year old girl abducted in Kerala
কেৰালাত ছয় বছৰীয়া কিশোৰীৰ অপহৰণ

কেৰালাত অপহৃত এগৰাকী ছয় বছৰীয়া কিশোৰীৰ সন্ধানত আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত ৷ ১০ লাখ টকা মুক্তিপণ দাবী অপহৰণকাৰীৰ ৷ অপহৰণ কাণ্ডৰ লগত জড়িত থকা সন্দেহ কৰি এজন লোকৰ স্কেচ প্ৰকাশ আৰক্ষীৰ ৷

নিউজ ডেস্ক, ২৮ নৱেম্বৰ: কেৰালাৰ কোল্লাম জিলাৰ পূয়াপল্লীৰ পৰা সোমবাৰে সন্ধিয়া এগৰাকী ছয় বছৰীয়া কিশোৰী অপহৃত হৈছিল ৷ কিশোৰীগৰাকীৰ অপহৰণৰ বাতৰি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পাচতেই কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে আৰক্ষীক তদন্ত তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতেই কিশোৰীগৰাকীৰ সন্ধানত আৰক্ষীয়ে তদন্ত ক্ষীপ্ৰ কৰি তোলে ৷

আৰক্ষীৰ দলে তিৰুৱনন্তপুৰম, কোল্লাম আৰু পাঠানমথিটা জিলাৰ সীমান্তত মূলত অভিযান চলাইছে । কিশোৰীগৰাকীৰ অপহৰণত এখন বগা ৰঙৰ গাড়ী ব্যৱহাৰ কৰাৰ তথ্য আৰক্ষীয়ে তদন্তত পোহৰলৈ আহিছে । আৰক্ষীয়ে ইতিমধ্যে এই অপহৰণ কাণ্ডৰ লগত জড়িত থকা সন্দেহ কৰি এজন লোকৰ স্কেচ প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে লগতে নিৰুদ্দেশ হোৱা কিশোৰীগৰাকীৰ বিষয়ে কোনো তথ্য থাকিলে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ ১১২ নম্বৰত অৱগত কৰাৰ বাবে সকলোকে আহ্বান জনাইছে । অন্যথা ৯৯৪৬৯২৩২৮২ আৰু ৯৪৯৫৫৭৮৯৯৯ নম্বৰতো যোগাযোগ কৰিব পাৰিব ।

ইফালে আজি অৰ্থাৎ মঙলবাৰে পুৱা আৰক্ষীয়ে তিৰুৱনন্তপুৰমৰ বিভিন্ন স্থানত ব্যাপক তালাচী চলাই তিনিজন লোকক জিম্মাত লয় ৷ আৰক্ষীয়ে আটকাধীন তিনিজনৰ পৰা অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে । কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ পৰাও আজি আৰক্ষীয়ে সাক্ষ্য লয় । আৰক্ষীয়ে তদন্তৰ সকলো দিশ চালি-জাৰি চাই এই অপহৰণকাণ্ড পৰিকল্পিত আছিল বুলি সিদ্ধান্তত উপনীত হয় ৷ অপহৰণকাৰী দলটোৱে এই ঘটনা সংঘটিত কৰা সময়ত মোবাইল ফোন ব্যৱহাৰ কৰা নাছিল ৷ আনহাতে গাড়ীৰ নম্বৰো ভুৱা আছিল ৷

কিশোৰীগৰাকীৰ আঠ বছৰীয়া ভাতৃৰ বক্তব্যৰ পৰা আৰক্ষীয়ে এগৰাকী মহিলাসহ চাৰিজনীয়া দলে এখন বগা গাড়ীত কিশোৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ কৰিছে ৷ কিশোৰটিয়ে অপহৰণত বাধা প্ৰদান কৰা দলটোৱে তেওঁক ঠেলা মাৰি কিশোৰীগৰাকীক গাড়ীত উঠাই উক্ত স্থান ত্যাগ কৰে ৷ জানিব পৰা মতে, অপহৰণকাৰীয়ে মুক্তিপণ বিচাৰি দুবাৰকৈ ফোন কৰিছে ৷

অপহৰণকাৰী দলে প্ৰথম অৱস্থাত ৫ লাখ টকা দাবী কৰিছিল আৰু পিচত এই ৰাশি দুগুণ কৰি ১০ লাখ টকা কৰে । দ্বিতীয় মুক্তিপণৰ ফোনত অপহৰণকাৰীকেইটাই কিশোৰীগৰাকীৰ নিৰাপদে থকাৰ কথা জানিবলৈ দিয়ে ৷ কিশোৰীগৰাকীৰ পৰিয়ালে মুক্তিপণ দিলে মঙলবাৰে পুৱা কিশোৰীগৰাকীক সুকলমে উভতাই দিয়াৰ কথা ব্যক্ত কৰে ।

লগতে পঢ়ক: উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বুজ ল’লে ছিল্কয়াৰা সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.