ETV Bharat / bharat

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বুজ ল’লে ছিল্কয়াৰা সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 1:12 PM IST

উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগ দুৰ্ঘটনাই সম্পূৰ্ণ কৰিলে 17 সংখ্যক দিনটোত ৷ সাহায্য আৰু উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছে । ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ধামীয়ে উদ্ধাৰ কামৰ বুজ লয় । একে সময়তে প্ৰশাসনে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকৰ পৰিয়ালক সাজু হৈ থাকিবলৈ আৰু শ্ৰমিকসকলৰ কাপোৰ-কানি বেগ সাজু কৰি ৰাখিবলৈ অনুৰোধ জনায় ।

CM Dhami inspected Uttarkashi Silkyara rescue work
উদ্ধাৰ কামৰ বুজ লৈছে মুখ্যমন্ত্ৰী ধামীয়ে

নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ: আজি অৰ্থাৎ মঙলবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ছিল্কয়াৰা সুৰংগ উদ্ধাৰ অভিযানৰ বুজ লয় । ধামীয়ে সুৰংগটোৰ প্ৰৱেশদ্বাৰত অৱস্থিত বাবা বৌখনাগ মন্দিৰত প্ৰাৰ্থনা কৰি সকলো শ্ৰমিকক সুৰক্ষিত উদ্ধাৰjৰ বাবে কামনা কৰে । একে সময়তে থিতাতে উপস্থিত থকা প্ৰশাসনিক বিষয়াসকলে সুৰংগটোত আবদ্ধ হৈ থকা 41 জন শ্ৰমিকৰ পৰিয়ালক সাজু হৈ থাকিবলৈ আৰু শ্ৰমিকসকলৰ কাপোৰ-কানিৰে সৈতে বেগ সাজু কৰি ৰাখিবলৈ আহ্বান জনায় । শ্ৰমিকসকলক উদ্ধাৰ কৰি চিনয়ালিছাউৰ চিকিৎসালয়লৈ লৈ যোৱা হ’ব বুলি জনায় ।

CM Dhami inspected Uttarkashi Silkyara rescue work
উদ্ধাৰ কামৰ বুজ লৈছে মুখ্যমন্ত্ৰী ধামীয়ে

উল্লেখযোগ্য যে, পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সুৰংগটোত হাতেৰে চলায় থকা খনন সন্দৰ্ভতো তথ্য গ্ৰহণ কৰে । তেওঁ কয় যে খননৰ বাবে পাইপত যোৱা শ্ৰমিকসকলৰ সুৰক্ষাৰ প্ৰতিও যত্ন ল’ব লাগে । মেনুৱেল ড্ৰিলিং কৰা শ্ৰমিকসকলৰ সৈতে কথা পাতি তেওঁলোকক উৎসাহিত কৰাৰ লগতে সাহায্য আৰু উদ্ধাৰ কামত নিয়োজিত সকলো শ্ৰমিকৰ কামৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে নিৰন্তৰ যোগাযোগ বৰ্তায় ৰাখিবলৈ চিকিৎসক, মনোৰোগ বিশেষজ্ঞ আৰু শ্ৰমিকৰ পৰিয়ালবোৰলৈ নিৰ্দেশনা দিয়ে ।

CM Dhami inspected Uttarkashi Silkyara rescue work
শ্ৰমিকৰ কুশল কামনা কৰি প্ৰাৰ্থনা মুখ্যমন্ত্ৰী ধামীৰ

মুখ্যমন্ত্ৰী ধামীয়ে কয় যে সকলো শ্ৰমিক অভিযন্তা আৰু বিশেষজ্ঞ বিষয়াই সম্পূৰ্ণ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে প্ৰচেষ্টাত চলায় আছে । ধামীয়ে কয়,ক "এতিয়ালৈকে মুঠ 52 মিটাৰ পাইপ ঠেলি দিয়া হৈছে । সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা সকলো শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষিত । সাহায্য আৰু উদ্ধাৰ কামত নিয়োজিত সকলো লোকে পূৰ্ণ শক্তি আৰু ইতিবাচক মনোভাৱেৰে কাম কৰি আছে ।" মুখ্যমন্ত্ৰীগৰাকীয়ে শিবিৰৰ কাৰ্যালয় মাতালীৰ পৰা উদ্ধাৰ অভিযান অবিৰতভাৱে নিৰীক্ষণ কৰি আছে বুলি কয় ।

  • Uttarkashi (Uttarakhand) tunnel rescue | The relatives of the 41 trapped workers have been asked to be prepared and keep the clothes and bags of the workers ready. The workers will be taken to Chinyalisaur hospital after being rescued and brought out.

    — ANI (@ANI) November 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন উপদেষ্টা তথা উত্তৰাখণ্ড চৰকাৰৰ বিশেষ কৰ্তব্যৰত বিষয়া ভাস্কৰ খুলবে, আয়ুক্ত গড়োৱাল সংমণ্ডল বিনয় শংকৰ পাণ্ডে, উদ্ধাৰ অভিযানৰ সমন্বয়ক সম্পাদক ডাঃ নীৰজ খাৰৱাল, পিএমঅ’ৰ উপ সচিব মংগেশ ঘিলদিয়াল, তথ্য সঞ্চালক প্ৰধান বংশীধৰ তিৱাৰী, জিলা দণ্ডাধীশ অভিষেক ৰুহেলা, এছ ডি আৰ এফ কমাণ্ডেণ্ট মণিকান্ত মিশ্ৰ আদি উপস্থিত থাকে ।

  • #WATCH | Uttarkashi (Uttarakhand) tunnel rescue | Visuals from the Silkyara tunnel where the operation to rescue 41 workers is ongoing.

    First visuals of manual drilling ongoing inside the rescue tunnel. Auger machine is being used for pushing the pipe. So far about 2 meters of… pic.twitter.com/kXNbItQSQR

    — ANI (@ANI) November 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">
  • #WATCH | Uttarkashi (Uttarakhand) tunnel rescue | Visuals from the Silkyara tunnel where the operation to rescue 41 workers is ongoing.

    Manual drilling is going on inside the rescue tunnel and auger machine is being used for pushing the pipe. As per the last update, about 2… pic.twitter.com/26hw32fChI

    — ANI (@ANI) November 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: কেতিয়া মুকলি আকাশৰ তললৈ আহিব 41 জনকৈ শ্ৰমিক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.