ETV Bharat / bharat

Rajiv Gandhi assassination case : আজি মুকলি আকাশৰ তললৈ ৰাজীৱ গান্ধী হত্যাৰ ৬ দোষী

author img

By

Published : Nov 12, 2022, 5:14 PM IST

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ বাবে আজীৱন কাৰাদণ্ড ভোগ কৰা ছয়জন দোষীক মুক্তি দিয়াৰ নিৰ্দেশ দিছিল (Rajiv Gandhi assassination case) ।

Rajiv Gandhi
Rajiv Gandhi

নিউজ ডেস্ক, ১২ নৱেম্বৰ : আজি মুকলি আকাশৰ তললৈ ওলাব ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ অন্যতম ৬ দোষী । উচ্চতম ন্যায়ালয়ৰ মুক্তিৰ নিৰ্দেশৰ পিছত ১৯৯১ চনৰ ৰাজীৱ গান্ধী হত্যাকাণ্ডত জড়িত থকাৰ বাবে তামিলনাডুৰ বিভিন্ন কাৰাগাৰত আজীৱন কাৰাবাস খাটি থকা ছয়জন দোষীক শনিবাৰে মুকলি কৰি দিয়া হ'ব (SC releases convicts of Rajiv Gandhi murder) ।

সংশ্লিষ্ট বিষয়াসকলৰ সূত্ৰত এই কথা প্ৰকাশ । মুক্তি পাবলগা ছয়জন দোষী হৈছে নলিনী, ৰবিচন্দ্ৰন, মুৰুগান, ৰবাৰ্ট বায়াছ, জয়কুমাৰ আৰু সান্থন । উল্লেখ্য, উচ্চতম ন্যায়ালয়ে ১১ নৱেম্বৰত শুকুৰবাৰে তেওঁলোকৰ মুক্তিৰ আদেশ জাৰি কৰে (1991 Rajiv Gandhi assassination case) ।

উল্লেখ্য, ভেলোৰ কাৰাগাৰত (Vellore Jail) বন্দী নলিনী আৰু থুথুকুডি কাৰাগাৰত বন্দী হৈ থকা ৰবিচন্দ্ৰন বৰ্তমান পেৰ'লত আছে (Rajiv Gandhi murder convict Nalini) । সান্থন আৰু মুৰুগান ভেলোৰ কাৰাগাৰত আছে আৰু জয়কুমাৰ আৰু ৰবাৰ্ট বায়াছ চেন্নাই পুঝাল কাৰাগাৰত বন্দী হৈ আছে । কাৰাগাৰ কৰ্তৃপক্ষৰ মতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ই-মেইলৰ জৰিয়তে কাৰাগাৰৰ সংশ্লিষ্ট লোকৰ ওচৰলৈ যোৱাৰ লগে লগে দোষীসকলক আজি মুকলি কৰি দিয়া হ'ব ।

১৯৯১ চনত শ্ৰীলংকাৰ উগ্ৰপন্থী গোট এলটিটিইৰ (LTTE) এগৰাকী মহিলা সদস্যৰ দ্বাৰা তামিলনাডুৰ শ্ৰীপেৰাম্বুডুৰত ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত ১৯৯১ চনত সাতজনীয়া দলটোক মৃত্যুদণ্ড দিয়া হৈছিল । দোষীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ এক ৰেলীত এটা আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত কৰে । উক্ত কূটাঘাতত আত্মঘাতী বোমাৰুসহ ৰাজীৱ গান্ধী নিহত হয় । লগতে এই প্ৰক্ৰিয়াটোত জড়িত আছিল আন কেইবাজনো । তাৰে ভিতৰত এজন দোষী পেৰাৰিভালনক ১৮ মে'ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মুকলি কৰি দিয়া হৈছিল ।

তেওঁৰ মুক্তিৰ পিছত যোৱা আগষ্ট মাহত নলিনী আৰু ৰবিচন্দ্ৰনেও তেওঁলোকক একেটা ধাৰাৰ অধীনত মুকলি কৰি দিবলৈ পৃথক আবেদন দাখিল কৰিছিল । অধিবক্তা প্ৰভুৱে আবেদনকাৰীসকলৰ হৈ আদালতত উপস্থিত হৈ কয় যে আদালতে পেৰাৰিভালন মুক্তিৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰি বাকীকেইজন দোষীকো মুকলি কৰাৰ নিৰ্দেশ দিব লাগে । শুনানিৰ সময়ত আদালতে দোষীৰ দ্বাৰা দীৰ্ঘম্যাদী সহযোগিতা, ভাল আচৰণ, স্বাস্থ্যৰ অৱস্থা আৰু কাৰাগাৰৰ ভিতৰত তথ্যমূলক কাৰ্যকলাপৰ দৰে মুক্তিৰ ভিত্তি নিৰ্ধাৰণ কৰা বুলি তেওঁ কয় ।

লগতে পঢ়ক :Sonowal inaugurates 7 jetties : যোগী আদিত্যনাথৰ সৈতে বৃহৎ আঁচনি মুকলি কৰিলে সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.