ETV Bharat / bharat

Malaysia Open : পি ভি সিন্ধুৰ অগ্ৰগতি, চাইনা নেহৱালৰ বিদায়

author img

By

Published : Jun 29, 2022, 4:46 PM IST

sindhu-saina
sindhu-saina

পূৰ্বৰ বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৱে (former world champion Sindhu) সুন্দৰ প্ৰদৰ্শন আগবঢ়াই বিশ্বৰ ১০ নম্বৰ স্থানৰ খেলুৱৈ থাইলেণ্ডৰ পৰ্ণপাৱি চোচুৱংক (Thailand's world number 10 Pornpawee Chochuwong) ২১-১৩, ২১-১৭ ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ।

স্পৰ্টছ ডেস্ক, ২৯ জুন : মালয়েছিয়ান অপেন (Malaysia Open) বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৰ অগ্ৰগতিৰ বিপৰীতে চাইনা নেহৱালৰ যাত্ৰাৰ অন্ত পৰিছে (Indian shuttler PV Sindhu and Saina Nehwal) । ভাৰতীয় মহিলা বেডমিণ্টনৰ দুগৰাকী অন্যতম শক্তিশালী তাৰকা পি ভি সিন্ধু আৰু চাইনা নেহৱালে মালয়েছিয়া অপেন ছুপাৰ ৭৫০ টুৰ্ণামেণ্টত (Malaysia Open Super 750 tournament) প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগা হয় নিজৰ প্ৰথম ৰাউণ্ডৰ মেচতে । অৱশ্যে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত পি ভি সিন্ধুৱে বিজয় সাব্যস্ত কৰিলেও চাইনা নেহৱালে প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ল'বলগা হয় ।

পূৰ্বৰ বিশ্ব চেম্পিয়ন সিন্ধুৱে (former world champion Sindhu) সুন্দৰ প্ৰদৰ্শন আগবঢ়াই বিশ্বৰ ১০ নম্বৰ স্থানৰ খেলুৱৈ থাইলেণ্ডৰ পৰ্ণপাৱি চোচুৱংক (Thailand's world number 10 Pornpawee Chochuwong) ২১-১৩, ২১-১৭ ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয় । আনহাতে, লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ছাইনাই (London Olympics bronze medallist Saina) ৩৭ মিনিটৰ যুঁজত বিশ্বৰ ৩৩ সংখ্যক স্থানত থকা আমেৰিকান আইৰিছ ৱাঙৰ (American Iris Wang) বিৰুদ্ধে মৰণপণ যুঁজ দিয়াৰ পিছতো ১১-২১, ১৭-২১ ছেটত পৰাজয়বৰণ কৰিবলগা হয় ।

প্ৰতিযোগিতাখনৰ সপ্তম ৰেংকপ্ৰাপ্ত সিন্ধুৱে থাইলেণ্ডৰ ২১ বছৰীয়া ফিট্টায়াপৰ্ণ চাইৱানৰ (Phittayaporn Chaiwan from Thailand) সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । চাইৱান বিশ্ব জুনিয়ৰ ৰেংকিঙৰ (world junior ranking) এক নম্বৰ স্থানপ্ৰাপ্ত শ্বাটলাৰ আৰু বেংককত অনুষ্ঠিত উবেৰ কাপত (Uber Cup) ব্ৰঞ্জৰ পদক বিজয়ী দলৰ অংশ আছিল ।

আনহাতে,কমনৱেলথ গেমছত (Commonwealth Games) ভাৰতক নেতৃত্ব দিবলগীয়া বি সুমিত ৰেড্ডী আৰু অশ্বিনী পোনাপ্পাইও (B Sumeeth Reddy and Ashwini Ponnappa) নেডাৰলেণ্ডৰ ৰবিন টেবেলিং আৰু চেলেনা পাইকৰ বিশ্বৰ ২১ নম্বৰ যুটিটোক পৰাস্ত কৰাত ব্যৰ্থ হয় । ৫২ মিনিটৰ যুঁজৰ অন্তত ভাৰতীয় যুটিটো ১৫-২১, ২১-১৯, ১৭-২১ ছেটত পৰাস্ত হয় ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িওৱা চাইক্লিষ্ট চয়নিকা গগৈক বিশ্বনাথত উষ্ণ অভিনন্দন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.