ETV Bharat / bharat

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি শশী থাৰুৰ

author img

By

Published : Oct 7, 2022, 7:46 PM IST

কংগ্ৰেছৰ সভাপতি পদৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খাৰ্গেয়ে(Congress President Election) ৷ আজি নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰে শশী থাৰুৰে ৰাজ্যিক সভাপতিসকলৰ কাৰ্যকাল সীমিত কৰাৰ পোষকতা কৰে ৷ আনহাতে প্ৰবীণ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰতি যথেষ্ট সন্মান আৰু বহু শ্ৰদ্ধা আছে বুলি উল্লেখ কৰে থাৰুৰে (Pitches for limiting congress state chiefs term) ৷

Shashi Tharoor releases election manifesto
কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি শশী থাৰুৰ

নিউজ ডেস্ক, ৭ অক্টোবৰ: কংগ্ৰেছ নেতা শশী থাৰুৰে বৃহস্পতিবাৰে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰখন ৰাজ্যিক মুখ্য কাৰ্যালয় সত্যমূৰ্তি ভৱনত মুকলি কৰে (Shashi Tharoor releases election manifesto) ৷ তেওঁ নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰি ৰাজ্যিক সভাপতিসকলৰ কাৰ্যকাল সীমিত কৰাৰ লগতে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰে মোকাবিলা কৰিবলৈ কংগ্ৰেছক পুনৰুজ্জীৱিত কৰি অধিক শক্তিশালী কৰি তোলাৰ বাবে মত পোষণ কৰে (Pitches for limiting congress state chiefs term) ৷

আনহাতে, সমৰ্থনৰ অভাৱত তেওঁ সভাপতি পদৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিব পাৰে বুলি ওলোৱা উৰাবাতৰি অস্বীকাৰ কৰি থাৰুৰে কয় যে, তেওঁ যথেষ্ট নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু বিভিন্ন মহলৰ পৰা সমৰ্থন লাভ কৰি আহিছে । তেওঁ আৰু কয় যে, মোৰ বাৰ্তা হৈছে দলটোক পুনৰুজ্জীৱিত কৰা, দলীয় কৰ্মীসকলক শক্তিশালী কৰা, কৰ্তৃত্বৰ বিকেন্দ্ৰীকৰণ কৰা আৰু জনসাধাৰণৰ সৈতে যোগাযোগ স্থাপন কৰা ।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত(2024 Lok Sabha election) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ বিজেপিৰ সৈতে মোকাবিলা কৰিবলৈ কংগ্ৰেছ ৰাজনৈতিকভাৱে উপযুক্ত বুলি উল্লেখ কৰে ৷

আনহাতে, কংগ্ৰেছৰ প্ৰবীণ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ(Congress leader Mallikarjun Kharge) প্ৰতি তেওঁৰ সন্মান আৰু যথেষ্ট শ্ৰদ্ধা আছে বুলি উল্লেখ কৰি থাৰুৰে কয় যে, বিজেপিৰ সন্মুখীন হ’বলৈ বিভিন্ন পন্থাৰ ওপৰত ভিত্তি কৰি এই যুঁজখন বন্ধুত্বপূৰ্ণ আছিল আৰু মতাদৰ্শগত নহয়, কিয়নো দুয়োজনেই একেটা দলৰ পৰাই আহিছিল ।

Shashi Tharoor releases election manifesto
কংগ্ৰেছ নেতা শশী থাৰুৰ

তেওঁ লগতে কয় য়ে, আমি আমাৰ দলৰ কাম কৰাৰ ধৰণৰ সংস্কাৰ কৰিব লাগিব । আমি যুৱসকলক দললৈ আনিব লাগিব আৰু তেওঁলোকক প্ৰকৃত কৰ্তৃত্ব দিব লাগিব । একে সময়তে, আমি কঠোৰ পৰিশ্ৰমী আৰু দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱা কৰ্মকৰ্তাসকলক অধিক সন্মান জনোৱা উচিত ৷

শশী থাৰুৰে(Congress leader Shashi Tharoor) তেওঁৰ ইস্তাহাৰত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, বুথ পৰ্যায়ত দল শক্তিশালী কৰা, সাধাৰণ সম্পাদকসকলক ৰাজ্যিক ভাৰপ্ৰাপ্ত হিচাপে তেওঁলোকৰ সেৱা প্ৰদান কৰাৰ সময়ত ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা আৰু ৰাজ্যিক সভাপতিসকলক তেওঁলোকৰ কাৰ্যকাল সীমিত কৰাৰ লগতে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ক্ষমতা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে ৷ তেওঁ ইস্তাহাৰখনত কংগ্ৰেছে সামাজিক কামৰ নীতিলৈ ঘূৰি অহাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷

তেওঁ আৰু কয় যে, দলটো পাঁচ বছৰত এবাৰ নিৰ্বাচনত যুঁজিবলৈ যন্ত্ৰ নহয় ৷ দলটো জনসাধাৰণৰ সৈতে জীয়াই থাকিব লাগে আৰু জনসাধাৰণৰ বাবে সেৱা কৰিব লাগে ৷ ইয়াৰ বাবে আমি জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰা উচিত আৰু তেওঁলোকৰ সৈতে কাম কৰা উচিত ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সফল ভাৰত জোড়ো যাত্ৰাৰ দ্বাৰা ইয়াৰে উদাহৰণ দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: ভাৰতত নিষিদ্ধ অমৃতপাল সিঙৰ টুইটাৰ একাউণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.