ETV Bharat / bharat

Tamil Nadu accident : তামিলনাডুত ভয়ংকৰ পথ দুৰ্ঘটনা, দুখন বাছৰ সংঘৰ্ষত মৃত্যু ৫ গৰাকীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 1:03 PM IST

তামিলনাডুৰ চেন্নাই-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাছৰ মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাটোত ৫ গৰাকী লোকৰ মৃত্যু । ৪০ৰো অধিক লোক আহত হয় ।

Tamil Nadu accident
তামিলনাডুত ভয়ংকৰ পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ : তামিলনাডুৰ চেন্নাই-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা । দুখন বাছৰ সংঘৰ্ষৰ ফলত প্ৰায় ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । দুৰ্ঘটনাটোত ৪০ৰো অধিক লোক আহত হয় । জানিব পৰা মতে বেংগালুৰুৰ পৰা চেন্নাইলৈ যোৱা এখন চৰকাৰী বাছে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই ভানিয়াম্বাদিৰ চেট্টিয়াপ্পানুৰ চাৰিআলিৰ চেন্নাই-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথৰ বিপৰীত পথত চেন্নাইৰ পৰা বেংগালুৰুলৈ গৈ থকা এখন ব্যক্তিগত বিলাসী বাছত খুন্দা মাৰে ।

মৃত লোকসকলৰ ভিতৰত চৰকাৰী বাছখনৰ চালকো আছে । নিহতসকলৰ ভিতৰত কোলাৰৰ বাসিন্দা তথা ব্যক্তিগত বাছ চালক মহম্মদ নাদিম, ভানিয়াম্পাদিৰ বাসিন্দা ব্যক্তিগত বাছৰ ক্লিনাৰ মহম্মদ বাইৰোছ, চিতুৰৰ অজিত কুমাৰ আৰু চেন্নাইৰ ক্ৰিকি নামৰ এগৰাকী মহিলাও আছে ।

ভয়ংকৰ দুৰ্ঘটনাটোত আহতসকলক তাৎক্ষণিকভাৱে স্থানীয় লোকসকলে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ভানিয়াম্বাদি চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে । গুৰুতৰভাৱে আহত লোকসকলৰ ভিতৰত ৫ জনক উন্নত চিকিৎসাৰ বাবে ভেলোৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

দুৰ্ঘটনাটোৰ পাছতে ভানিয়াম্বাদি গ্ৰাম্য আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰে । ইফালে আৰক্ষীয়ে পথটো মুকলি কৰাৰো ব্যৱস্থা গ্ৰহণ কৰে । সমান্তৰালকৈ ভানিয়াম্বাদিৰ বিধায়ক চেন্থিল কুমাৰ, তিৰুপত্তুৰ জিলা উপায়ুক্ত বাস্কাৰা পাণ্ডিয়ান আৰু জিলা আৰক্ষী অধীক্ষক এলবাৰ্টে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি আহতসকলৰ স্বাস্থ্যৰ বুজ লয় ।

দুৰ্ঘটনাটোত মৃত্যু হোৱা ক্ৰিকিয়ে তেওঁৰ দুই সন্তানৰ সৈতে বেংগালুৰুৰ পৰা চেন্নাইলৈ যাত্ৰা কৰি আছিল । তেওঁৰ দুয়োটা সন্তান গুৰুতৰভাৱে আঘাত হৈছে আৰু ভানিয়াম্বাদি চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । যাক লৈ অঞ্চলটোত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক :Fire Broke out in Dal Lake : শ্ৰীনগৰৰ ডাল হ্ৰদত ভয়ংকৰ অগ্নিকাণ্ড; ক্ষতিগ্ৰস্ত কেইবাখনো হাউছবোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.