ETV Bharat / bharat

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণত একেটা পৰিয়ালৰ তিনিগৰাকী নিহত: সন্ধানহীন 4

author img

By

Published : Jul 19, 2021, 1:04 PM IST

Updated : Jul 20, 2021, 7:48 AM IST

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণত একেটা পৰিয়ালৰ তিনিগৰাকী নিহত: সন্ধানহীন 4
উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণত একেটা পৰিয়ালৰ তিনিগৰাকী নিহত: সন্ধানহীন 4

উত্তৰাখণ্ডত নেৰানেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন-যাত্ৰা । উত্তৰকাশীত দেওবাৰে নিশাৰে পৰা হোৱা বৰষুণে জিলাখনত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বৰষুণৰ বাবেই উত্তৰাখণ্ডৰ মাণ্ডো আৰু নিৰাকোটত ডাৱৰ বিস্ফোৰণ হয় ৷ এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে আন কেইবাজনো লোক ।

নিউজ ডেস্ক, 19 জুলাই : সোমবাৰে পুৱতি নিশা উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ মাণ্ডো গাঁৱত ডাৱৰ বিস্ফোৰণ (Cloudburst) সংঘটিত হয় । এই ঘটনাত মাণ্ডো গাঁৱত এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হোৱাৰ লগতে আন চাৰিগৰাকী সদস্য সন্ধানহীন হোৱাৰ কথা জানিব পৰা হৈছে ৷ মৃতসকলক দুগৰাকী মহিলা বুলি চিনাক্ত কৰা হৈছে ৷ এই ঘটনাত এটি ছয় বছৰীয়া শিশুৰো মৃত্যু হোৱাৰ কথা জানিব পৰা হৈছে ।

উত্তৰাখণ্ডত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মণ্ডো আৰু নিৰাকোট অঞ্চলত ডাৱৰ বিস্ফোৰণ (Cloudburst) হৈছিল ৷ যাৰ ফলত অঞ্চল দুটাত বান (Flood)ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বানত 15 টাৰ পৰা 20 টা ঘৰ ক্ষতিগ্ৰস্ত হয় । ডাৱৰ বিস্ফোৰণ (Cloudburst)ৰ তথ্য লাভ কৰাৰ পাছতেই এছ ডি আৰ এফ আৰু আৰক্ষীৰ নেতৃত্বত এটা উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় ।

উদ্ধাৰকাৰী দলে ধ্বংসস্তুপৰ মাজত আৱদ্ধ হৈ থকা এগৰাকী বৃদ্ধাক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে ৷ আনহাতে ভাটৱাড়ী খণ্ডৰ কংকৰাডি গাঁৱত এজন ব্যক্তি বানত উটি যোৱা বুলি জানিব পৰা হৈছে । ডাৱৰ বিস্ফোৰণৰ পাছত পানীৰ স্তৰ বৃদ্ধি হোৱা লক্ষ্য কৰি স্থানীয় লোকে লগে লগে নিৰাপদ স্থানত আশ্ৰয় লোৱাত বহু লোকৰ প্ৰাণৰক্ষা পৰে ৷

মাণ্ডো গাঁৱত, ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰায় 4 টাৰ পৰা 5 টা ঘৰ খহি পৰিছিল । পাছত উদ্ধাৰকাৰী দল উপস্থিত হৈ দেৱানন্দ ভট্ট নামৰ লোকজনৰ পৰিয়ালৰ দুগৰাকী মহিলা আৰু এটি কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ কৰে । আনহাতে এই ঘটনাত আহত হোৱা আন চাৰিগৰাকী শ্ৰমিকক ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় ।

লগতে পঢ়ক : জামিয়া মিলিয়াৰ কবৰস্থানত কবৰস্থ কৰা হ’ল ডানিছ ছিদ্দিকীক

Last Updated :Jul 20, 2021, 7:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.